ETV Bharat / state

Mansajyoti Das ranked in UPSC: UPSC ত স্থানপ্ৰাপ্ত অসম গৌৰৱ মানসজ্যোতি দাসক সম্বৰ্ধনা জ্ঞাপন - UPSC 2023 exam resul

UPSC ত স্থানপ্ৰাপ্ত অসম গৌৰৱ মানসজ্যোতি দাসক নামৰূপত সম্বৰ্ধনা জ্ঞাপন । উচ্চ মাধ্যমিক আৰু উচ্চতৰ মাধ্যমিক অসমীয়া মাধ্যমৰ এই মহাবিদ্যালয়ত সম্পন্ন কৰা বিদ্যালয়খনত উপস্থিত হৈ নষ্টালজিক হৈ পৰে মানসজ্য়োতি দাস (UPSC 2023 exam result) ।

Mansajyoti Das ranked in UPSC felicitated in Namrup
UPSC ত স্থানপ্ৰাপ্ত অসম গৌৰৱ মানসজ্যোতি দাসক সম্বৰ্ধনা জ্ঞাপন
author img

By

Published : May 29, 2023, 4:51 PM IST

UPSC ত স্থানপ্ৰাপ্ত অসম গৌৰৱ মানসজ্যোতি দাসক সম্বৰ্ধনা জ্ঞাপন

নাহৰকটীয়া,২৯ মে': ‘যিখন বিদ্যালয়ত মই পঢ়িছিলো, যিখন বিদ্যালয়ত মোৰ শিক্ষক-শিক্ষয়িত্ৰীসকলে পঢ়াইছিল সেইখন বিদ্যালয়ত এনেদৰে ৰাষ্ট্ৰীয় পৰ্যায়ত সফলতা অৰ্জন কৰি শ্ৰদ্ধাৰ শিক্ষাগুৰুসকলৰ মাজত নামৰূপ আঞ্চলিক ছাত্ৰ সন্থাই যিদৰে সম্বৰ্ধনা জ্ঞাপন কৰিছে তাৰ বাবে মই সুখী আৰু মোৰ বাবে এক বুজাব নোৱাৰা অনুভৱ ।’-মানসজ্যোতি দাস ।

সদ্যঘোষিত ইউপিএচচি পৰীক্ষাত ৮৮১ সংখ্যক স্থান লাভেৰে অসম তথা নামৰূপলৈ গৌৰৱ কঢ়িয়াই অনা মানসজ্যোতি দাসে এইদৰে নিজৰ পঢ়াশালিখনৰ বাকৰিত উপস্থিত হৈ মন্তব্য প্ৰকাশ কৰে (UPSC 2023 exam result) । নামৰূপৰ সন্তান মানসজ্যোতিৰ ইউপিএচচিত সফলতাৰ বাবে সোমবাৰে নামৰূপ আঞ্চলিক ছাত্ৰ সন্থাই বিভিএফচি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত কৰে ৰাজহুৱা সম্বৰ্ধনা অনুষ্ঠান (881 ranked in UPSC) ।

নামৰূপ আঞ্চলিক ছাত্ৰ সন্থাৰ সভাপতি অসীম ফুকনে সঞ্চালনা কৰা এই অনুষ্ঠানত নামৰূপস্থিত একাধিক সংগঠনে মানসৰ লগতে পিতৃ- মাতৃকো সম্বৰ্ধনা জ্ঞাপন কৰে । উচ্চ মাধ্যমিক আৰু উচ্চতৰ মাধ্যমিক অসমীয়া মাধ্যমৰ এই মহাবিদ্যালয়ত সম্পন্ন কৰা মানসজ্যোতি নষ্টালজিক হৈ পৰে আৰু অসমৰ যুৱক-যুৱতীসকলে সৰ্বভাৰতীয় পৰ্যায়ৰ পৰীক্ষাসমূহত অৱতীৰ্ণ হ'বৰ বাবে আহ্বান জনায় লগতে এনেধৰণৰ এটা পৰিৱেশ গঢ়ি তুলিবৰ বাবে সকলোৱে দায়িত্ব ল’ব লাগে বুলি ভাষণ প্ৰসংগত উল্লেখ কৰে (Mansajyoti Das ranked in UPSC felicitated in Namrup) ।

আজি সম্বৰ্ধনা অনুষ্ঠানত নামৰূপ আছুৰ লগতে সদৌ ডিব্ৰুগড় জিলা ছাত্ৰ সন্থা, নাহৰকটীয়া আঞ্চলিক ছাত্ৰ সন্থা, নাহৰকটীয়া প্ৰেছ গীল্ড, টাই আহোম ছাত্ৰ সন্থা নামৰূপ সমিতি, নামৰূপ সাহিত্য সভা, অসম উন্নতি সভা জিলা সমিতি, নামৰূপ বৰনামঘৰ পৰিচালনা সমিতিকে আদি কৰি নামৰূপ আছুৰ আটাইকেইটা গোটে সম্বৰ্ধনা জ্ঞাপন কৰে ।

সভাত সদৌ অসম ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় সাংস্কৃতিক সম্পাদক টচেন ডেকা, বিভিএফচিএল উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ বৰ্ণালী চুতীয়া প্ৰমুখ্যে দল সংগঠনৰ প্ৰতিনিধি, বিশিষ্ট ব্যক্তি আদিকে ধৰি শতাধিক ব্যক্তি উপস্থিত থাকে ।

লগতে পঢ়ক: Vande Bharat Express : গুৱাহাটীৰ পৰা নিউ জলপাইগুৰি মাজত আৰম্ভ হ’ল বন্দে ভাৰত এক্সপ্ৰেছ ৰে’লসেৱা

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.