ETV Bharat / state

মৰাণত অখিল গগৈৰ মুক্তিৰ দাবীত মানৱ শৃংখল - Manab Srinkhal for release Akhil Gogoi at Moran

শুকুৰবাৰে মৰাণত জাতীয়-জনগোষ্ঠীয় সংগ্ৰামী ঐক্য মঞ্চৰ উদ্যোগত এক মানৱ শৃংখল কাৰ্যসূচী ৰূপায়ণ কৰা হয় ৷

মৰাণত অখিল গগৈ মুক্তিৰ দাবীত মানৱ শৃংখল
মৰাণত অখিল গগৈ মুক্তিৰ দাবীত মানৱ শৃংখল
author img

By

Published : Jul 11, 2020, 12:37 AM IST

মৰাণ, ১০ জুলাইঃ কৃষক নেতা অখিল গগৈ, ধৈৰ্য কোঁৱৰ, বিতু সোণোৱাল, মানস কোঁৱৰৰ মুক্তি আৰু উন্নত চিকিৎসাৰ দাবীত শুকুৰবাৰে মৰাণত জাতীয়-জনগোষ্ঠীয় সংগ্ৰামী ঐক্য মঞ্চৰ উদ্যোগত এক মানৱ শৃংখল কাৰ্যসূচী ৰূপায়ণ কৰা হয় ৷

জাতীয়-জনগোষ্ঠীয সংগ্ৰামী ঐক্য মঞ্চৰ সভাপতি অকন ভূঞা, কাৰ্যকৰী সভাপতি ৰুদ্ৰসাগৰ বুঢ়াগোঁহাই, সম্পাদক চফিকুৰ ৰহমান, কৃষক মুক্তি সংগ্ৰাম সমিতিৰ লেঙেৰী আঞ্চলিকৰ সভাপতি দেৱজিৎ বৰুৱা, টাইপা নেতা উত্তম দিহিঙীয়া আদিৰ উপস্থিতিত মৰাণ নগৰৰ ট্ৰেফিক পইণ্টত ৰূপায়ন কৰা হয় প্ৰতিবাদ ৷ এই কাৰ্যসূচীত প্ৰতিবাদীসকলে 'কা' বিৰোধী নেতাসকলক চৰকাৰে শীঘ্ৰে জেলৰ পৰা বিনাচৰ্তে মুকলি কৰি দিবলৈ আৰু সকলোকে উন্নত চিকিৎসা প্ৰদান কৰিবলৈ দাবী জনায় ৷

মৰাণত অখিল গগৈ মুক্তিৰ দাবীত মানৱ শৃংখল

ধৈৰ্য কোঁৱৰ আৰু বিতু সোণোৱালৰ দেহত ক'ভিড-১৯ পজিটিভ পোৱা বুলি চৰকাৰীভাৱে প্ৰকাশ কৰা হৈছে যদিও অখিল গগৈৰ স্বাৱ পৰীক্ষাৰ ফলাফল সদৰি নকৰি চৰকাৰে ষড়যন্ত্ৰ ৰচনা কৰা বুলি প্ৰতিবাদীসকলে অভিযোগ উত্থাপন কৰে ৷

উল্লেখ্য যে কা বিৰোধী আন্দোলনৰ সময়ৰ পৰাই বিভন্ন গোচৰ জাপি দি কাৰাবন্দী কৰি ৰাখিছে কৃষক মুক্তি সংগ্ৰাম সমিতিৰ নেতা অখিল গগৈক । তেওঁৰ লগতে সংগঠনটোৰ আন দুজন নেতা ধৈৰ্য কোঁৱৰ আৰু বিতু সোণোৱালকো কাৰাবন্দী কৰি ৰখা হৈছে ।

গুৱাহাটী কেন্দ্ৰীয় কাৰাগাৰাত থকা সময়তেই ধৈৰ্য কোঁৱৰ আৰু বিতু সোণোৱাল কৰ'ণাত আক্ৰান্ত হয় আৰু অখিল গগৈৰ দেহতো কৰ'ণাৰ লক্ষণে দেখা দিয়ে । অৱশ্যে অখিল গগৈৰ ফলাফল নিগেটিভ আহে। ৰুগীয়া হৈ পৰা তিনিও নেতাৰো মুক্তিৰ বাবে বিভিন্ন দল সংগঠন, ব্যক্তিয়ে দাবী উত্থাপন কৰিছে ।

লগতে পঢ়ক : উত্তৰ-পূৰ্বাঞ্চলত আগন্তুক 5 দিনলৈ প্ৰবল বৃষ্টিপাতৰ সম্ভাৱনা

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.