ETV Bharat / state

পাৰিবাৰিক কন্দলৰ বাবেই এজনক নৃশংসভাৱে হত্যা

author img

By

Published : Sep 19, 2022, 2:12 PM IST

পৰিয়ালকেন্দ্ৰিক সংঘাতৰ বাবে এজন লোকক হত্যাৰ খবৰ পোহলৈ আহিছে (One killed at Duliajan)৷ এই সংঘৰ্ষত নিহত হয় বীৰচা ইন্দুৱাৰ নামৰ লোকজন (One dead at family conflict) ৷

man was brutally murdered over a family dispute
পাৰিবাৰিক কন্দলৰ বাবেই এজনক নৃশংস হত্যা

মৰাণ, 19 ছেপ্টেম্বৰ: ডিব্ৰুগড় জিলাৰ দুলীয়াজানত লোমহৰ্ষক হত্যাকাণ্ডৰ ঘটনা সংঘটিত হৈছে (Murder case in Dibrugarh) ৷ পৰিয়ালকেন্দ্ৰিক সংঘাতৰ বাবে এজন লোকক হত্যাৰ খবৰ পোহলৈ আহিছে (One killed at Duliajan)৷

ঘটনা অনুসৰি দুলীয়াজানস্থিত ভাদৈ পাঁচআলিৰ ৩ নং চপাতলিত সংঘটিত হৈছে এই হত্যাকাণ্ডটো (Murder case at Duliajan) ৷ বীৰচা ইন্দুৱাৰ নামৰ এজন লোকে দীৰ্ঘদিন ধৰি ত্ৰাস চলাই আহিছিল অঞ্চলটোত ৷ বীৰচাই প্ৰায়েই মদ্যপান কৰি ঘৰৰ লোকৰ সৈতে গাঁৱৰ লোককো আক্ৰমন কৰিছিল (One dead at family conflict) ৷

দেওবাৰে দিনত বীৰচাৰ বাসগৃহত তেওঁৰ ভতিজীৰ আঙঠি পিন্ধোৱা পৰ্ব অনুষ্ঠিত হৈছিল ৷ এই অনুষ্ঠানৰ ওখল মাখলৰ মাজতেই নিশা পুনৰ বীৰচাই ঘৰলৈ আহি পৰিয়ালৰ লোকৰ ওপৰত আক্ৰমন চৱোলাৰ চেষ্টা কৰে ৷

পাৰিবাৰিক কন্দলৰ বাবেই এজনক নৃশংস হত্যা

আক্ৰমনৰ পৰা বাচিবলৈ ঘৰৰ দুৱাৰ মাৰি নিজকে আৱদ্ধ কৰি ৰাখে ভয়াৰ্ত পৰিয়ালটোৱে ৷ দুৱাৰ মৰা দেখি খঙত অগ্নিশৰ্মা হৈ বীৰচাই ঘৰৰ দুৱাৰখন ভাঙিবলৈ আপ্ৰাণ চেষ্টা কৰে ৷ বহু প্ৰচেষ্টাৰ মূৰত বীৰচাই দুৱাৰ ভাঙি ঘৰৰ ভিতৰত থকা ককায়েক, বৌৱেক, ভতিজীৰ ওপৰত জধে-মধে আক্ৰমন চলায় ৷

উপায়ন্তৰ হৈ ককায়েকৰ লগতে পৰিয়ালৰ লোকে বীৰচাক ধনু-কাঁড়েৰে আক্ৰমন কৰে ৷ বীৰচাও ধনু-কাঁড় লৈ পৰিয়ালৰ লোকক প্ৰত্যাক্ৰমন কৰে ৷ অৱশেষত এই সংঘৰ্ষত নিহত হয় বীৰচা ইন্দুৱাৰ (man brutally murdered over a family dispute) ৷ ইফালে বীৰচাৰ আক্ৰমনত আহত হয় যোহান ইন্দুৱাৰ, লৰেণ ইন্দুৱাৰ, মাৰ্থী ইন্দুৱাৰ আৰু পুনম ইন্দোৱাৰ ৷

ওচৰ চুবুৰীয়া লোকে এই কন্দলে চৰম ৰূপ লোৱা দেখি দুলীয়াজান আৰু ভাদৈ আৰক্ষীক অৱগত কৰে ৷ খবৰ পোৱা মাত্ৰকেই দুলীয়াজান আৰু ভাদৈ আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰি আহত লোককেইগৰাকীক দুলীয়াজান অইল চিকিৎসালয়ত ভৰ্তি কৰায় ৷

আৰক্ষীয়ে বীৰচাৰ মৃতদেহ উদ্ধাৰ কৰিছে ৷ উল্লেখ্য যে পূৰ্বতেও ধৰ্ষণ কাণ্ডৰ লগত জড়িত আছিল নিহত বীৰচা ৷ ইয়াৰ উপৰিও বিভিন্ন সময়ত বীৰচাৰ বিৰুদ্ধে স্থানীয় থানাত গোচৰ ৰুজু হৈছিল ৷

লগতে পঢ়ক: স্বামীৰ দাৰ ঘাপত প্ৰাণ গ’ল দহ সন্তানৰ মাতৃৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.