ETV Bharat / state

নাহৰকটীয়াত মধ্য প্ৰদেশৰ মুখ্যমন্ত্ৰীৰ নিৰ্বাচনী প্ৰচাৰ

author img

By

Published : Mar 15, 2021, 8:02 PM IST

নাহৰকটীয়া বিধানসভা সমষ্টিৰ বিজেপি প্ৰাৰ্থী তৰংগ গগৈৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলাই মধ্য প্ৰদেশৰ মুখ্যমন্ত্ৰী শিৱৰাজ সিং চৌহানে ৷

Madhaya pradesh cm election campaign at assam
নাহৰকটীয়াত মধ্যপ্ৰদেশৰ মুখ্যমন্ত্ৰী শিৱৰাজ সিং চৌহানৰ নিৰ্বাচনী প্ৰচাৰ

নাহৰকটীয়া,15 মাৰ্চ: নাহৰকটীয়া বিধানসভা সমষ্টিত সোমবাৰে বিজেপি দলৰ হৈ নিৰ্বাচনী ৰণডংকা বজাই মধ্য প্ৰদেশৰ মুখ্যমন্ত্ৰী শিৱৰাজ সিং চৌহানে ৷ মধ্য প্ৰদেশৰ মুখ্যমন্ত্ৰীগৰাকীয়ে নাহৰকটীয়া বিধানসভা সমষ্টিৰ বিজেপি প্ৰাৰ্থী তৰংগ গগৈৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলায় ৷ নাহৰকটীয়াৰ নগাঁও ৰাজহুৱা খেলপথাৰত আয়োজিত নিৰ্বাচনী প্ৰচাৰ সভাত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল, কেন্দ্ৰীয় মন্ত্ৰী ৰামেশ্বৰ তেলী, বিজেপিৰ ৰাজ্যিক সম্পাদক পুলক গোঁহাই উপস্থিত থাকে ৷ সভাত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে কয় যে, তেওঁৰ চৰকাৰৰ দিনত মন্ত্ৰী বিধায়কক উৎকোচ দি কাম উলিওৱা ব্যৱস্থাৰ বিলুপ্তি ঘটিছে ৷ একেদৰে নিবনুৱা যুৱক যুৱতীয়েও চাকৰি মেধা আৰু যোগ্যতাৰ বলত পোৱাটো তেওঁৰ চৰকাৰেই নিশ্চিত কৰিলে বুলিও সৰ্বানন্দ সোণোৱালে দাবী কৰে ৷

আনহাতে, অতিথি কেম্পেইনাৰ শিৱৰাজ সিং চৌহানেও সোণোৱালৰ কাৰ্যকালত অসম ভাৰতৰ ভিতৰতে এখন উন্নত আৰু শান্তি বিৰাজমান ৰাজ্য হিচাপে পৰিগণিত হৈছে বুলিও দাবী কৰে ৷ তেওঁ লগতে বিজেপিৰ প্ৰাৰ্থীগৰাকীক বিপুল ভোটত জয়ী কৰি পঠিয়াবলৈ জনতাক আহ্বান জনায় ৷ প্ৰায় তিনি সহস্ৰাধিক লোকৰ সমাৱেশ ঘটা নিৰ্বাচনী প্ৰচাৰ সভাখনত শিল্পী সীমান্ত শেখৰে কণ্ঠদান কৰা এটি নিৰ্বাচনী গীত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে মুকলি কৰে ৷

লগতে পঢ়ক: 18 মাৰ্চত কৰিমগঞ্জৰ জনসভাত ভাগ ল’ব প্ৰধানমন্ত্ৰী মোডীয়ে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.