ETV Bharat / state

নাহৰকটীয়াত তিনি সহস্ৰাধিক সমৰ্থকেৰে এজেপিৰ ৰেলী

বিগত সময়ছোৱাত ৰাষ্ট্ৰীয় দলসমূহে অসমৰ ওপৰত কৰা শোষণ, অন্যায়, অবিচাৰ তথা অসমৰ সম্পদৰ ওপৰত তেওঁলোকৰ যি চকু তাৰ প্ৰত্যুত্তৰ দিবলৈ ৰাইজ সাজু হৈছে ৷ ৰাষ্ট্ৰবাদী দলসমূহে ৰাজনৈতিক ক্ষেত্ৰত অসমক ন্যায় নিদিয়াৰ বাবে এইবাৰ অসমৰ ৰাইজ জাতীয়তাবাদৰ পক্ষত ঠিয় দিছে : লুৰিণ

lurinjyoti gogoi participated ajp rally at naharkatia
নাহৰকটীয়াত তিনি সহস্ৰাধিক সমৰ্থকেৰে এজেপিৰ ৰেলী
author img

By

Published : Mar 8, 2021, 9:16 PM IST

ডিব্ৰুগড়, ৮ মাৰ্চ : এইবাৰ ৰাইজ জাতীয়তাবাদৰ পক্ষত-এই ভাষ্য অসম জাতীয় পৰিষদৰ সভাপতি লুৰিণজ্যোতি গগৈৰ । নাহৰকটীয়া বিধানসভা সমষ্টিৰ প্ৰাৰ্থীত্ব লাভ কৰাৰ পাছত সোমবাৰে লুৰিণজ্যোতি গগৈ নাহৰকটীয়াত উপস্থিত হয় ৷ নাহৰকটীয়াত গগৈয়ে অসম জাতীয় পৰিষদৰ দলীয় কাৰ্যকৰ্তাৰ লগতে প্ৰায় তিনি হাজাৰ অনুৰাগীৰ সহযোগত এক বিশাল নিৰ্বাচনী ৰেলী বাহিৰ কৰে ।

নাহৰকটীয়াত তিনি সহস্ৰাধিক সমৰ্থকেৰে এজেপিৰ ৰেলী

অসম জাতীয় পৰিষদৰ নাহৰকটীয়া কাৰ্যালয়ৰ পৰা আৰম্ভ হোৱা এই ৰেলীয়ে শংকৰ সংঘ নামঘৰ পৰ্যন্ত অতিক্ৰম কৰি নিৰ্বাচনী প্ৰচাৰ চলায় । ৰেলীত অংশগ্ৰহণ কৰি অসম জাতীয় পৰিষদৰ নেতাগৰাকীয়ে কয় যে, বিগত সময়ছোৱাত ৰাষ্ট্ৰীয় দলসমূহে অসমৰ ওপৰত কৰা শোষণ, অন্যায়, অবিচাৰ তথা অসমৰ সম্পদৰ ওপৰত তেওঁলোকৰ যি চকু তাৰ প্ৰত্যুত্তৰ দিবলৈ ৰাইজ সাজু হৈছে ৷ ৰাষ্ট্ৰবাদী দলসমূহে ৰাজনৈতিক ক্ষেত্ৰত অসমক ন্যায় নিদিয়াৰ বাবে এইবাৰ অসমৰ ৰাইজ জাতীয়তাবাদৰ পক্ষত থিয় দিছে ।

লগতে পঢ়ক : ইতিহাস হোৱাৰ পথত ৮৫ৰ ৰাজনীতিক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.