টিংখাং,1 জুন: টিংখাঙত গাঁৱে গাঁৱে ঘূৰি ৰাইজৰ খবৰ লৈছে অসম জাতীয় পৰিষদৰ সভাপতি লুৰীণজ্যোতি গগৈয়ে । হাতত খাদ্য সামগ্ৰীৰ টোপোলা লৈ হোম কোৱাৰেণ্টাইনত থকা পৰিয়ালসমূহক সেই সামগ্ৰী বিতৰণ কৰিছে গগৈয়ে ৷ উল্লেখ্য যে, টিংখাঙৰ বৃহত্তৰ লেঙেৰী নখাট অঞ্চলত ক’ভিডৰ গণ সংক্ৰমণে ভয়াৱহ ৰূপ ধাৰণ কৰিছে । ফলস্বৰূপে ঘৰতে আৱদ্ধ হৈ থাকিবলগীয়া হৈছে বহু পৰিয়াল ৷
ঘৰতে আৱদ্ধ হৈ থকা এই পৰিয়ালসমূহক এষাৰ মাত দিয়াৰ লগতে বহু পৰিয়ালৰ মাজত খাদ্য সামগ্ৰীও বিতৰণ কৰে অসম জাতীয় পৰিষদৰ সভাপতিগৰাকীয়ে । ইয়াৰ লগতে, গণ পৰীক্ষণ, গণ সচেতনতা আৰু গণ টিকাকৰণ যুদ্ধংদেহী ৰূপত আগবঢ়াবলৈ চৰকাৰৰ লগতে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ প্ৰতি আহ্বান জনাইছে লুৰীণজ্যোতি গগৈয়ে ৷
ইয়াৰোপৰি ৰাজ্যত সম্প্ৰতি বৰ্ধিত মূল্যবৃদ্ধি ৰোধ কৰিবলৈও চৰকাৰখনৰ প্ৰতি গগৈয়ে আহ্বান জনায় ৷ উল্লেখযোগ্য যে, অত্যাৱশ্যকীয় সামগ্ৰী তথা ঔষধৰ যোগান ধৰিবৰ বাবে দলে এটা কোষ গঠন কৰাৰ কথাও উল্লেখ কৰে দলটোৰ সভাপতি গৰাকীয়ে ৷
লগতে পঢ়ক:শিৱসাগৰত মেঘ বিস্ফোৰণ