ETV Bharat / state

বিজেপিয়ে মাতৃভূমিক বিক্ৰী কৰিবলৈও কুণ্ঠাবোধ নকৰিব: লুৰীণজ্যোতি গগৈ - অসম জাতীয় পৰিষদৰ সভাপতি লুৰীণজ্যোতি গগৈ

দেওবাৰে অসম জাতীয় পৰিষদ (Assam Jatiya Parishad) আৰু দলটোৰ ভাতৃ সংগঠন জাতীয় যুৱ শক্তিৰ চৰাইদেউ জিলা সমিতিৰ প্ৰথম দ্বি-বাৰ্ষিক অধিৱেশনৰ প্ৰতিনিধি সভাত মুখ্য অতিথিৰ ভাষণ প্ৰদান কৰি চৰকাৰক কঠোৰ সমালোচনা কৰে অসম জাতীয় পৰিষদৰ সভাপতি লুৰীণজ্যোতি গগৈয়ে (Lurinjyoti Gogoi criticize BJP Govt) ৷

Lurinjyoti Gogoi criticize BJP Govt
বিজেপি চৰকাৰখনে নিজৰ মাতৃভূমিক বিক্ৰী কৰিবলৈও কুণ্ঠাবোধ নকৰিব: লুৰীণজ্যোতি গগৈ
author img

By

Published : Sep 26, 2022, 11:05 AM IST

ডিব্ৰুগড়, 26 ছেপ্টেম্বৰ: "শাসকীয় চৰকাৰখনে জাতিক চূড়ান্ত প্ৰতাৰণা কৰি ৰাজপাট দখল কৰাৰ পাছত শেহতীয়াকৈ সমগ্ৰ অসমখনকেই বণিক গোষ্ঠীৰ হাতত বিক্ৰী কৰি দিব বিচাৰিছে ৷ তৈল মৰ্দনৰ ৰাজনীতিৰে ৰাজ্যৰ প্ৰতিটো সম্পদ বিক্ৰী কৰি অসমৰ জনসাধাৰণক লুণ্ঠন চলোৱা বিজেপি চৰকাৰখনে অনাগত দিনত নিজৰ মাতৃভূমিক বিক্ৰী কৰিবলৈও কুণ্ঠাবোধ নকৰিব ৷ প্ৰকৃত জাতীয়তাবাদী ভাৱাসম্পন্ন জনসাধাৰণে বিজেপি চৰকাৰৰ এনে জাতি বিদ্বেষী কাৰ্যকলাপ কেতিয়াও মানি নলয় ৷ নিজৰ প্ৰাপ্য অধিকাৰৰ কাৰণে অসমীয়া মানুহে অবিৰত সংগ্ৰাম চলাই যাব"। এই মন্তব্য অসম জাতীয় পৰিষদৰ (Assam Jatiya Parishad) সভাপতি লুৰীণজ্যোতি গগৈৰ (Lurinjyoti Gogoi in Dibrugarh) ৷

অসম জাতীয় পৰিষদ আৰু দলটোৰ ভাতৃ সংগঠন জাতীয় যুৱ শক্তিৰ চৰাইদেউ জিলা সমিতিৰ প্ৰথম দ্বি-বাৰ্ষিক অধিৱেশনৰ প্ৰতিনিধি সভাত মুখ্য অতিথিৰ ভাষণ প্ৰদান কৰি এনেদৰে চৰকাৰক কঠোৰ সমালোচনা কৰে আঞ্চলিকতাবাদী নেতাগৰাকীয়ে (Lurinjyoti Gogoi criticize BJP Govt) ৷ মৰাণৰ কচুমাৰিস্থিত বহুমুখী ভৱনত দলটোৰ জিলা সমিতিৰ সভাপতি মানিক গগৈৰ সভাপতিত্বত অনুষ্ঠিত প্ৰতিনিধি সভাত উপস্থিত থকা অজাপৰ সভাপতিগৰাকীয়ে লগতে কয় যে, অসমৰ বিদ্যালয়সমূহ ধ্বংস হোৱাৰ একমাত্ৰ জগৰীয়া ব্যক্তি হিমন্ত বিশ্ব শৰ্মা । তেওঁ শিক্ষা মন্ত্ৰী থাকোতে একো কৰিব নোৱাৰিলে, সেই সমূহ দোষ ধাকিবৰ বাবে এতিয়া এনে কৰিছে ।

বিজেপি চৰকাৰখনে নিজৰ মাতৃভূমিক বিক্ৰী কৰিবলৈও কুণ্ঠাবোধ নকৰিব: লুৰীণজ্যোতি গগৈ

লগতে ছয় জনগোষ্ঠীক জনজাতিকৰণৰ (Six community of Assam) প্ৰক্ৰিয়াটো বিজেপিয়ে ৰাজনৈতিক হাথিয়াৰ হিচাপে ব্যৱহাৰ কৰিছে বুলিও লগতে কয় গগৈয়ে ৷ প্ৰতিনিধি সভাখনত অজাপৰ সভাপতি গৰাকীৰ লগতে কেন্দ্ৰীয় সমিতিৰ উপ-সভাপতিদ্বয় প্ৰাক্তন বিধায়ক অনুপ ফুকন আৰু ইজৰাইল নন্দই সন্মানীয় অতিথি হিচাপে উপস্থিত থাকে ৷

ইয়াৰোপৰিও বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে অসম জাতীয় যুৱ শক্তিৰ কাৰ্যকৰী সভাপতি দিপাংকৰ সোণোৱাল, অজাপৰ মুখপাত্ৰ জিয়াউৰ ৰহমান, যুটীয়া সম্পাদক দ্বীপ পেগু, সাংগঠনিক সম্পাদকদ্বয় ৰঞ্জন কোঁৱৰ আৰু টংকেশ্বৰ কোঁৱৰ, শ্ৰম শক্তিৰ সভাপতি ৰাজেন গগৈকে ধৰি ভালেসংখ্যক দলীয় নেতা উপস্থিত থাকে ৷

লগতে পঢ়ক: নগাঁৱৰ মহিলা হত্যাত জড়িত এজনক গ্ৰেপ্তাৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.