ETV Bharat / state

DAC election: মদৰ দোকান খুলি মদ্যপায়ী জাতি হিচাপে গঢ়িব খুজিছে অসমীয়াকঃ লুৰীণজ্যোতি - DAC Election 2022

ৰাজ্য চৰকাৰে আৰ্থিক সংকটৰ জোৰা মাৰিবলৈ বিলাতী সুৰাৰ দোকান বৃদ্ধি কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে (Assam govt planned to open more wine shops) । সুৰা বিক্ৰীৰে ৰাজহ বৃদ্ধি কৰাৰ লগতে ৰাজ্যত চলি থকা অবৈধ মদৰ ব্যৱসায় বন্ধ কৰিবলৈ এই সিদ্ধান্ত লোৱা বুলি মন্তব্য় কৰাৰ পিছতেই প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে ।

Etv Bharat
Etv Bharat
author img

By

Published : Nov 5, 2022, 7:00 PM IST

মৰাণ, ৫ নৱেম্বৰ: ৰাজ্যত অহা ৮ নৱেম্বৰত অনুষ্ঠিত হ'ব দেউৰী স্বায়ত্ব শাসিত পৰিষদৰ নিৰ্বাচন (DAC Election 2022)৷ উক্ত নিৰ্বাচনৰ প্ৰচাৰ অভিযানৰ আজি সামৰণি পৰে । আজিৰ দিনটোত ৰজাবাৰী সমষ্টিত প্ৰচাৰ চলায় অসম জাতীয় পৰিষদৰ নেতাই ।

মদৰ দোকান খুলি মদ্যপায়ী জাতি হিচাপে গঢ়িব খুজিছে অসমীয়াক

উক্ত প্ৰচাৰত অসম জাতীয় পৰিষদৰ সভাপতি লুৰীণজ্যোতি গগৈয়ে অংশগ্ৰহণ কৰি চৰকাৰে মদৰ দোকান খুলিবলৈ অনুমতি দিয়াক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰে (AJP president react on Wine Shop)। দেউৰী স্বায়ত্ত শাসিত পৰিষদৰ ৭ নং ৰজাবাৰী সমষ্টিৰ অসম জাতীয় পৰিষদৰ প্ৰাৰ্থী দীপাঞ্জল দেউৰীৰ হৈ মৰাণৰ সমীপৰ মধুপুৰ কুৰুকাণী দেউৰী গাঁও আৰু শালমাৰী কুৰুকাণীত নিৰ্বাচনী প্ৰচাৰ চলাবলৈ আহি অসম জাতীয় পৰিষদৰ নেতাগৰাকীয়ে কয় যে চৰকাৰৰ এয়া দুমুখীয়া নীতি । এফালে ড্ৰাগছৰ বিৰুদ্ধে সৰব হৈ দেখুৱাইছে আৰু ইয়াৰ বিপৰীতে চাৰিওফালে মদৰ দোকান খুলি সমগ্ৰ জাতিটোক মদ্যপায়ী জাতি হিচাপে গঢ়ি তুলিবলৈ উঠিপৰি লাগিছে ।

অসম জাতীয় পৰিষদৰ সভাপতিগৰাকীয়ে চৰকাৰক তীব্ৰ সমালোচনা কৰি কয় যে মানুহৰ জীৱনটোক মৃত্যু দুৱাৰলৈ ঠেলি দি তাৰ পৰা কৰ-কাটল লৈ চৰকাৰ চলাব খুজিছে । তেওঁ কয় যে চৰকাৰৰ অৰ্থনৈতিক অৱস্থা এতিয়া একেবাৰে বেয়া । লাখ,কোটিতকৈ অধিক টকা ধাৰ লৈ চৰকাৰ চলাব লগীয়া হৈছে । সেয়ে এনেধৰণৰ সুৰা বিপণীৰ অনুমতি দি তাৰ পৰা কৰ-কাটল সংগ্ৰহ কৰি জোৰা-টাপলি দিব খুজিছে । এয়া কেতিয়াও মানি ল'ব নোৱাৰি বুলি তেওঁ কয় ।

লগতে পঢ়ক:DAC Election 2022 : বিহপুৰীয়াত দেউৰী স্বায়িত্ব শাসিত পৰিষদৰ নিৰ্বাচনৰ প্ৰচাৰ তুংগত

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.