ETV Bharat / state

ক'ভিড প্ৰট'কলৰ সন্দৰ্ভত প্ৰতিক্ৰিয়াঃ ৰাইজৰ দলৰ মুখ্য আহ্বায়ক লোহিত গগৈৰ

মৰাণত অনুষ্ঠিত হ'বলগীয়া ৰাইজৰ দলৰ প্ৰথমখন ৰাজ্যিক অভিৱৰ্তনৰ প্ৰাকক্ষণত ৰাজ্য চৰকাৰে পুনৰ ক'ভিড প্ৰট'কলৰ প্ৰসংগ অনাৰ পাচতে মুখ খুলিছে ৰাইজৰ দলৰ ৰাজ্যিক মুখ্য আহ্বায়ক লোহিত গগৈয়ে ৷ বিজেপিয়ে নিৰ্বাচনৰ লগতে কেন্দ্ৰীয় মন্ত্ৰী বা বিজেপিৰ বিষয়ববীয়া আহিলে ক'ভিড প্ৰট'কলৰ কথা পাহৰি যায় ৷ এতিয়া ৰাইজৰ দলৰ প্ৰথমখন ৰাজ্যিক অভিৱৰ্তনকলৈ শংকিত হৈছে ৰাজ্যিক বিজেপি সেই বাবে পুনৰ ক'ভিড প্ৰট'কলৰ প্ৰসংগ আনিছে ৷

author img

By

Published : Dec 31, 2020, 9:53 AM IST

Updated : Dec 31, 2020, 11:25 AM IST

Lohit Gogoi reacts about Covid protocol
ক'ভিড প্ৰট'কলৰ সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ ৰাইজৰ দলৰ মুখ্যআহ্বায়ক লোহিত গগৈৰ

মৰাণ,31 ডিচেম্বৰ: জানুৱাৰী মাহৰ ৭,৮ আৰু ৯ তাৰিখে মৰাণত অনুষ্ঠিত হ'ব ৰাইজৰ দলৰ প্ৰথমখন ৰাজ্যিক অভিৱৰ্তন । মৰাণত তিনিদিনীয়া কাৰ্যসূচীৰে সামৰণি পৰা টাইপাৰ কেন্দ্ৰীয় অধিৱেশনত অংশগ্ৰহণ কৰি সাংবাদিকৰ আগত ৰাইজৰ দলৰ ৰাজ্যিক মুখ্য আহ্বায়ক লোহিত গগৈয়ে কয়, "অভিৱৰ্তনক লৈ শংকিত হৈছে ৰাজ্যিক বিজেপি। সেয়ে অভিৱৰ্তনৰ আগে আগে চৰকাৰে ক'ভিড প্ৰট'কলৰ প্ৰসংগ পুনৰ আনিছে । ৰাইজৰ দলে ৰাইজৰ মাজত বিপুল সমাদৰ লাভ কৰিছে । যাৰ পৰিপ্ৰেক্ষিতত চৰকাৰখনে পক্ষপাতমূলক ভূমিকা গহণ কৰি অধিৱেশনখন বিফল কৰাৰ উদ্দেশ্যে এনেধৰণৰ ব্যৱস্থা গ্ৰহণ কৰিছে ৷"

বিটিচি, স্বায়ত্ত শাসিত পৰিষদৰ নিৰ্বাচনৰ লগতে কেন্দ্ৰীয় মন্ত্ৰী বা বিজেপিৰ বিষয়ববীয়া আহিলে ক'ভিড প্ৰট'কলৰ কথা নাহে বুলি উল্লেখ কৰি আহ্বায়কজনে কয় যে এই অভিৱৰ্তন ৰাইজৰ সহযোগত সফল কৰি তোলা হ'ব । আনহাতে,মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ১০০খন আসনৰ প্ৰসংগ উল্লেখ কৰি গগৈয়ে কয়,মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই অসমৰ ৰাজনীতিত অপসংস্কৃতিৰ সৃষ্টি কৰিছে,এয়া ৰাজ্যখনৰ বাবে বিপদজনক ৷

লগতে পঢ়ক: মাদ্ৰাছা বন্ধৰ বিধেয়ক গৃহীতক লৈ কৰিমগঞ্জত তীব্ৰ প্ৰতিবাদ

ইফালে অখিল গগৈৰ সন্দৰ্ভত সাংবাদিকৰ প্ৰশ্নৰ উত্তৰত আহ্বায়ক গৰাকীয়ে কয়,অখিল গগৈৰ প্ৰথম পচন্দৰ সমষ্টি হৈছে শিৱসাগৰ সমষ্টি । লগতে দুটা সমষ্টিত যদি প্ৰাৰ্থিত্ব আগবঢ়াব লগা হয় তেন্তে শিৱসাগৰৰ সমান্তৰালকৈ অখিল গগৈৰ দ্বিতীয় পচন্দৰ সমষ্টি মাহমৰা হ'ব পাৰে ৷

Last Updated : Dec 31, 2020, 11:25 AM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.