মৰাণ,3 জানুৱাৰী : ডিব্ৰুগড়ৰ মৰাণৰ দিখাৰী চাহ বাগিচাত শনিবাৰে এখন আদৰ্শ উচ্চ মাধ্যমিক বিদ্যালয়ৰ আধাৰশিলা স্থাপন কৰে বিধায়ক চক্ৰধৰ গগৈয়ে ৷

উল্লেখ্য যে, ৰাজ্যিক শিক্ষা বিভাগে ৰাজ্যৰ চাহ বাগিচাসমূহত উচ্চ মাধ্যমিক বিদ্যালয় প্ৰতিষ্ঠা কৰি বাগিচাৰ ছাত্ৰ-ছাত্ৰীক শৈক্ষিক দিশত আগুৱাই নিবলৈ বিশেষ ব্যৱস্থা গ্ৰহণ কৰিছে । ইয়াৰ পৰিপ্ৰেক্ষিতত মৰাণৰ বহুকেইখন চাহ বাগিচালৈ শিক্ষা বিভাগে আদৰ্শ বিদ্যালয় প্ৰতিষ্ঠা কৰাৰ অনুমোদন দিয়ে ।

দিখাৰী বাগিচাৰ শ্ৰমিক আৰু ছাত্ৰ-ছাত্ৰীসকলৰ উপস্থিতিৰে এক সাংস্কৃতিক পৰিৱেশৰ মাজেৰে আনুষ্ঠানিকভাৱে আদৰ্শ বিদ্যালয়খনৰ আধাৰশিলা স্থাপন কৰে বিধায়ক গগৈয়ে । এই আধাৰশিলা অনুষ্ঠানত উপস্থিত থাকে চাহ জনজাতি ছাত্ৰ সন্থাৰ মৰাণ আঞ্চলিকৰ কৰ্মকৰ্তাৰ লগতে বাগিচাখনৰ শ্ৰমিক ইউনিয়নৰ নেতাসকল ৷
লগতে পঢ়ক : অকাল মৃত্যুক সাৱটি লোৱা বিশ্বৰূপা নেওগ মৰাণক শ্ৰদ্ধাঞ্জলি