ETV Bharat / state

মহাধিবক্তা ৰমেশ চন্দ্ৰ বৰপাত্ৰ গোহাঁইলৈ মোমাই তামুলী বৰবৰুৱা বঁটা

author img

By

Published : Dec 14, 2020, 9:13 PM IST

Updated : Aug 30, 2022, 1:02 PM IST

আহোম ৰাজত্ব কালত স্বৰ্গদেউ প্ৰতাপ সিংহৰ সময়ত এজন বিচক্ষণ প্ৰশাসনিক বিষয়া হিচাপে নিজৰ কৰ্তব্য পালন কৰা বিচক্ষণ প্ৰশাসনিক বিষয়া মোমাই তামুলী বৰবৰুৱাক নৱপ্ৰজন্মৰ মাজত চিনাকি কৰাই দিয়াৰ লগতে তেখেতৰ আদৰ্শ ৰাজীক প্ৰতিষ্ঠা কৰাৰ উদ্দেশ্যেৰে আৰম্ভ কৰা হৈছে মোমাই তামুলী বৰবৰুৱা বঁটা ৷

lawer-ramesh-chandra-borpatra-gohain-selected-for-momai-tamuli-baruah-award
মহাধিবক্তা ৰমেশ চন্দ্ৰ বৰপাত্ৰ গোহাঁইলৈ "মোমাই তামুলী বৰবৰুৱা বটা"

ডিব্ৰুগড়,14 ডিচেম্বৰ : টাই আহোম যুৱ পৰিষদৰ উদ্যোগত সোমবাৰে ডিব্ৰুগড় চ্যুকাফা ভৱনত দিনযোৰা কাৰ্যসূচীৰে অনুষ্ঠিত হয় টাই আহোম জনগোষ্ঠীৰ নতুন বছৰ " পয় পি মাউ টাই" ৰ আদৰণি অনুষ্ঠান ৷ উক্ত অনুষ্ঠানতে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ মহাধিবক্তা তথা বিশিষ্ট লেখক ৰমেশ চন্দ্ৰ বৰপাত্ৰ গোহাঁইলৈ আগবঢ়োৱা হয় মোমাই তামুলী বৰবৰুৱা বঁটা (Momai Tamuli Barbarua Award)৷ অৱশ্যে বিশেষ অসুবিধাৰ বাবে ৰমেশ চন্দ্ৰ বৰপাত্ৰ গোহাঁই অনুষ্ঠানত উপস্থিত থাকিব নোৱাৰাত তেখেতৰ বোৱাৰী ড৹ ননী গগৈ ৰাজখোৱাই বঁটাটো গ্ৰহণ কৰে ৷

অনুষ্ঠানৰ মুকলি সভা উদ্বোধন কৰি টাই নৱবৰ্ষ সন্দৰ্ভত সাৰুৱা বক্তব্য প্ৰদান কৰে টাই ভাষা সংস্কৃতিৰ গৱেষক তথা লেখক ড৹ পুষ্পধৰ গগৈয়ে ৷ উক্ত মুকলি সভাতে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ যুটীয়া শৈক্ষিক পঞ্জীয়ক বিনোদ বড়াই "নি মাউ খাও" নামৰ এখন স্মৃতিগ্ৰন্থ উন্মোচন কৰে ৷ ইফালে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ চ্যুকাফা আসনৰ মুৰব্বী অধ্যাপক ড৹ নিৰোদ কুমাৰ বৰুৱাই বিচক্ষণ মোমাই তামুলী বৰবৰুৱাই কেনেদৰে আহোম ৰাজত্ব কালত স্বৰ্গদেউ প্ৰতাপ সিংহৰ সময়ত এজন বিচক্ষণ প্ৰশাসনিক বিষয়া আছিল সেই সন্দৰ্ভত বক্তব্য প্ৰদান কৰে ৷ লগতে তেখেতে কেনেদৰে নিজৰ দক্ষতাৰে পদোন্নতি লাভ কৰি সেই সময়ৰ গাঁও সমূহ সংগঠিত ৰূপত সজাই অর্থনৈতিক দিশত আগুৱাই নিয়াৰ প্ৰচেষ্টা কৰিছিল সেই বিষয়ে ব্যক্তব্য প্ৰদান কৰে অধ্যাপক ড৹ নিৰোদ কুমাৰ বৰুৱাই ৷

উল্লেখ্য যে,পাইক প্ৰথাৰ জৰিয়তে বিভিন্ন জাতি জনগোষ্ঠীৰ মাজত বৰা, বৰুৱা, শইকীয়া, হাজৰিকা আদি পদবী সৃষ্টি কৰি জাতিটোলৈ অৱদান আগবঢ়াইছিল মোমাই তামুলী বৰবৰুৱাই ৷ সেইগৰাকী মহান অসমীয়াক নৱপ্ৰজন্মৰ মাজত চিনাকি কৰাই দিয়াৰ লগতে তেখেতৰ আদৰ্শ ৰাজীক প্ৰতিষ্ঠা কৰাৰ বাবে "মোমাই তামুলী বৰবৰুৱা বঁটা" প্ৰৱৰ্তন কৰি টাইপাই এক গুৰুত্বপূৰ্ণ বতৰা কঢ়িয়াই আনিছে বুলি মন্তব্য কৰে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ চ্যুকাফা আসনৰ মুৰব্বী অধ্যাপক ড৹ নিৰোদ কুমাৰ বৰুৱাই ৷ উক্ত অনুষ্ঠানত উপস্থিত থাকে বিধায়ক প্ৰশান্ত ফুকন(MLA Prasanta Phukan), লাহোৱালৰ বিধায়ক ঋতুপৰ্ণ বৰুৱা সহ টাইপাৰ বিষয় ববীয়া সকল ৷ উক্ত অনুষ্ঠানতে বটা প্ৰাপক তিনিজন সাংবাদিকক সম্বৰ্ধনা জ্ঞাপন কৰে টাই আহোম যুৱ পৰিষদে ৷

লগতে পঢ়কঃ বড়োভূমিৰ ৰাজনীতিত হৰ্চ ট্ৰেডিঙ : বিজেপিত যোগদান কংগ্ৰেছৰ বিজয়ী প্ৰাৰ্থীৰ

Last Updated : Aug 30, 2022, 1:02 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.