ডিব্ৰুগড়,10 নৱেম্বৰঃ শিক্ষা বিভাগৰ নিদেৰ্শ অনুসৰি ডিব্ৰুগড় প্ৰশাসনে শিক্ষাৰ্থীক বিনামূলীয়া আধাৰ প্ৰদানৰ বাবে তৎপৰ হৈছে । সোমবাৰে ডিব্ৰুগড় চৰকাৰী উচ্চতৰ মাধ্যমিক বালক বিদ্যালয়ত এক অনুষ্ঠানত ডিব্ৰুগড় জিলাৰ উপায়ুক্ত পল্লৱ গোপাল ঝাই শিক্ষাৰ্থীৰ বাবে বিনামূলীয়া আধাৰ নামভৰ্তিকৰণ প্ৰক্ৰিয়াৰ শুভাৰম্ভ কৰে ৷ সৰ্বশিক্ষা অভিযানৰ উদ্যোগত আয়োজিত আধাৰ পঞ্জীয়নৰ শুভাৰম্ভণি অনুষ্ঠানত অতিৰিক্ত উপায়ুক্ত ডিপু কুমাৰ ডেকা,বিদ্যালয়সমূহৰ পৰিদৰ্শিকা দিপীকা চৌধুৰী,জিলা প্ৰাথমিক শিক্ষা বিষয়া দেৱজ্যোতি গগৈও উপস্থিত থাকে ৷
উল্লেখ্য যে চৰকাৰী,প্ৰাদেশীকৃত,চাহ বাগানৰ দ্বাৰা পৰিচালিত আদিকে ধৰি আন সকলো বিদ্যালয়ৰ ৬ বছৰৰ পৰা ১৮ বছৰ বয়সৰ শিক্ষাৰ্থীৰ এই পদ্ধতিৰ অধীনত আধাৰ পঞ্জীয়ন কৰা হ'ব ৷ ডিব্ৰুগড় জিলাতো এই প্ৰক্ৰিয়াৰ অধীনত ৬ বছৰৰ পৰা ১৮ বছৰ বয়সৰ প্ৰায় ২.৩০ লাখ ছাত্ৰ-ছাত্ৰীক সামৰি লোৱা হ'ব ৷ ডিব্ৰুগড় জিলাত শিক্ষাৰ্থীৰ আধাৰ পঞ্জীয়নৰ বাবে ইতিমধ্যে ১৪ টা ইউনিট প্ৰদান কৰা হৈছে ৷
লগতে চাওকঃ কাইলৈ অগপত যোগ দিব পৰমানন্দ ৰাজবংশীয়ে