ETV Bharat / state

বুঢ়ীদিহিং নৈয়ে ভাবুকি কঢ়িয়াই আনিছে 50 খন গাঁৱলৈ - large scale soil erosion in different areas of burhidihing river

খহনীয়াৰ কবলত মৰাণৰ লেঙেৰী আঘোণীবাৰীৰ 50 খনকৈ গাঁও ৷ এই গাঁও কেইখনলৈ ভাবুকি কঢ়িয়াই আনিছে বুঢ়ীদিহিং নৈয়ে ৷ স্থানীয় বিধায়ক তথা মন্ত্ৰী বিমল বৰাক (Bimal Bora) শীঘ্ৰেই ব্যৱস্থা গ্ৰহণৰ দাবী দল-সংগঠনৰ ৷

large-scale-soil-erosion-in-different-areas-of-burhidihing-river
বুঢ়ীদিহিং নদীয়ে ভাবুকি কঢ়িয়াই আনিছে 50 খন গাঁৱলৈ
author img

By

Published : Jul 16, 2021, 10:56 AM IST

মৰাণ, 16 জুলাই : বছৰ বছৰ ধৰি বুঢ়ীদিহিং নৈৰ খহনীয়াত অঞ্চলটোৰ বহু পৰিয়ালৰ শ শ বিঘা কৃষিভূমিৰ লগতে ঘৰ-মাটি উচন হৈছে ৷ নৈখনৰ খহনীয়াই ভয়ংকৰ ৰূপ লোৱাত গাঁও খনৰ বহু পৰিয়ালে ইতিমধ্যে গাঁও এৰি অন্য ঠাইলৈ যাবলগীয়া পৰিৱেশৰ সৃষ্টি হৈছে ৷ নৈ খনৰ গৰাখহনীয়া প্ৰতিৰোধ কৰিবলৈ ৰাইজে চৰকাৰ তথা জল সম্পদ বিভাগ (Water resource department)ক বহুবাৰ আবেদন নিবেদন কৰিছিল যদিও এতিয়ালৈ কোনো ব্যৱস্থা গ্ৰহণ নকৰা বুলি অভিযোগ কৰিছে নৈ পৰীয়া ৰাইজে ৷ খহনীয়া প্ৰতিৰোধৰ ব্যৱস্থা নকৰাৰ বাবে নৈখনৰ খহনীয়াই ভয়ংকৰ ৰূপ ধাৰণ কৰিছে বুলি অভিযোগ কৰিছে ৰাইজে ৷

শীঘ্ৰেই বিভাগীয় বুঢ়ীদিহিং নৈ (Burhidehing River)খনৰ গৰাখহনীয়া প্ৰতিৰোধৰ ব্যৱস্থা কৰিবলৈ বিভাগীয় কৰ্তৃপক্ষৰ লগতে জনপ্ৰতিনিধি সকলক আহ্বান জনাইছে ৰাইজে । ৰাজ্যৰ নতুন চৰকাৰে গৰাখহনীয়া প্ৰতিৰোধৰ বাবে তৎপৰতা প্ৰদৰ্শন কৰা সময়ত ডিব্ৰুগড় জিলাত বুঢ়ীদিহিং নদীয়ে ঠায়ে ঠায়ে ভয়ানকভাৱে গৰাখহনীয়া সৃষ্টি কৰিছে।‌ প্ৰতিবছৰে হৈ থকা গৰাখহনীয়াত ইতিমধ্যে বুঢ়ীদিহিং নদীৰ দুই পাৰৰ বহু ৰাইজে ঘৰ, ভেঁটি,মাটি হেৰুৱাব লগাত পৰিছে ।

বুঢ়ীদিহিং নদীয়ে ভাবুকি কঢ়িয়াই আনিছে 50 খন গাঁৱলৈ

ডিব্ৰুগড় জিলাৰ টিংখাং বিধানসভা সমষ্টি তথা মৰাণৰ সমীপৰ লেঙেৰী গাঁও পঞ্চায়তৰ অন্তৰ্গত আঘোণীবাৰীৰ তেলপানী ঘাটৰ সমীপত বুঢ়ীদিহিং নদীয়ে ব্যাপক গৰাখহনীয়া সৃষ্টি কৰাৰ ফলত সমীপৰ প্ৰায় 50 খনৰো অধিক গাঁৱলৈ তীব্ৰ ভাবুকি সৃষ্টি কৰিছে ।

উল্লেখ্য যে, বুঢ়ীদিহিং নদীৰ গৰাখহনীয়াৰ পৰা প্ৰায় 200 মিটাৰ নিলগত আছে এই মথাউৰীটো । সময় থাকোতে গৰাখহনীয়া ৰোধ নকৰিলে ভয়ংকৰ বিপদ আহিব পাৰে বুলি স্থানীয় ৰাইজে সন্দেহ প্ৰকাশ কৰিছে, আনহাতে তেলপানী ঘাটত জি'অ বেগৰ জৰিয়তে গৰাখহনীয়া প্ৰতিৰোধৰ ব্যৱস্থা কৰিছিল যদিও এটা অংশ বাকী ৰৈ গৈছিল । উক্ত অংশত প্ৰতিদিনেই গৰাখহনীয়াই তীব্ৰ ৰূপ ধাৰণ কৰিছে । স্থানীয় ৰাইজৰ লগতে দল-সংগঠনেও স্থানীয় বিধায়ক তথা মন্ত্ৰী বিমল বৰাক উক্ত অঞ্চলৰ গৰাখহনীয়া প্ৰতিৰোধৰ ব্যৱস্থা গ্ৰহণৰ দাবী জনাইছে ।

লগতে পঢ়ক:বুঢ়ীদিহিং নৈৰ গৰাখহনীয়াক লৈ শংকিত নৈপৰীয়া ৰাইজ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.