ETV Bharat / state

Sankar Sangha Controversy : এইবাৰ শংকৰ সংঘত চলিছে পদাধিকাৰক নিষ্ক্ৰিয় কৰাৰ চক্ৰান্ত

author img

By

Published : Nov 11, 2022, 10:58 PM IST

আহোম জনগোষ্ঠীৰ ওচৰত ক্ষমা বিচৰাৰ বাবেই এতিয়া গৃহ কন্দলত জৰ্জৰিত হৈ পৰিছে ৰাজ্যৰ অন্যতম বৃহৎ ধৰ্মীয় অনুষ্ঠান শ্ৰীমন্ত শংকৰদেৱ সংঘ ৷ ক্ষমা বিচাৰি সংঘৰ ভিতৰতে এতিয়া জবাবদিহি হৈ নিষ্ক্ৰিয় হোৱাৰ পথত সংঘৰ মুৰব্বী তথা পদাধিকাৰ কমলাকান্ত গগৈ (Podadhikaar Kamala Kanta Gogoi)৷

Sankar Sangha Controversy
আহোম জনগোষ্ঠীৰ ওচৰত ক্ষমা খুজি ৰোষত পৰিল পদাধিকাৰ

ডিব্ৰুগড়/গুৱাহাটী, 11 নৱেম্বৰ : গৰিমা হেৰুৱাইছে শ্ৰীমন্ত শংকৰদেৱ সংঘই ৷ আহোম জনগোষ্ঠীৰ ওচৰত ক্ষমা বিচৰাৰ বাবেই এতিয়া গৃহ কন্দলত জৰ্জৰিত হৈ পৰিছে ৰাজ্যৰ অন্যতম বৃহৎ ধৰ্মীয় অনুষ্ঠান শ্ৰীমন্ত শংকৰদেৱ সংঘ(Srimanta Sankaradeva Sangha)৷ ভবা হৈছিল চকলং বিবাহ বিতৰ্কৰ পৰৱৰ্তী ঘটনা ক্ৰমৰ পিছত শ্ৰীমন্ত শংকৰদেৱ সংঘই টাইপাৰ ওচৰত ক্ষমা বিচৰাতে প্ৰসংগটো সামৰণি পৰিব ৷

কিন্তু ক্ষমা বিচাৰি সংঘৰ ভিতৰতে এতিয়া জবাবদিহি হৈ নিষ্ক্ৰিয় হোৱাৰ পথত সংঘৰ শীৰ্ষ মুৰব্বী পদাধিকাৰ গৰাকীয়েই ৷ চকলং বিতৰ্কৰ পিচত আহোম জনগোষ্ঠীৰ ওচৰত ক্ষমা বিচৰা কাৰ্যৰ বিৰুদ্ধে প্ৰধান সম্পাদক বাবুল বৰাৰ(Sankaradeva Sangha secretary) নেতৃত্বত একাংশই এতিয়া পদাধিকাৰ কমলাকান্ত গগৈৰ লগতে আন আন কেইবাজনকো নিষ্ক্ৰিয় কৰাৰ ষড়যন্ত্ৰত লিপ্ত হৈছে ৷

এই বিষয় লৈ ৮ নৱেম্বৰত গুৱাহাটীৰ ৰূপনগৰত বাবুল বৰাই আহ্বান কৰিলে জৰুৰী সভা ৷ সভালৈ পত্ৰ যোগে জৰুৰী তলব কৰা হ’ল সংঘৰ জিলা সভাপতি-সম্পাদকক ৷

এই সভাতে আহোম জনগোষ্ঠীৰ ওচৰত ক্ষমা বিচৰাক লৈ তীব্ৰ বাক-বিতণ্ডাৰ হয়৷ সভাখনত জবাবদিহি কৰাৰ কথা ETV Bharatৰ সাংবাদিকৰ আগত টেলিফোনযোগে স্বীকাৰ কৰিছে পদাধিকাৰ কমলাকান্ত গগৈয়ে(Podadhikaar Kamala Kanta Gogoi)৷ কমলাকান্ত গগৈক নিষ্ক্ৰিয় কৰাৰ ষড়যন্ত্ৰক লৈ এতিয়া সংঘৰ ভিতৰ চ’ৰাত তীব্ৰ ধুমুহাৰ সৃষ্টি হৈছে ৷ এই কথা ৰাজহুৱা হোৱাৰ পিছত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি জাঙুৰ খাই পৰিছে আহোম জনগোষ্ঠীয় সংগঠন সমূহ ৷

১৯ নৱেম্বৰত জোনাইত হ’বলগীয়া সংঘৰ কাৰ্যনিৰ্বাহকে কি সিধান্ত লয় সেয়া হ’ব মন কৰিবলগীয়া ৷ কিয়নো ইতিমধ্যে প্ৰধান সম্পাদক বাবুল বৰাৰ নেতৃত্বত স্বয়ং পদাধিকাৰক নিষ্ক্ৰিয় কৰাৰ ষড়যন্ত্ৰই গৃহকন্দলৰ ধুমুহা বোৱাইছে সংঘৰ ভিতৰ চ’ৰাত ৷

লগতে পঢ়ক : Cotton University Election : আছুৰ দখলত কটন বিশ্ববিদ্যালয়ৰ ছাত্ৰ একতা সভা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.