ETV Bharat / state

অখিল গগৈক সন্ত্ৰাসবাদী সজাবলৈ চৰকাৰ উঠি পৰি লাগিছেঃ কমল কুমাৰ মেধি

author img

By

Published : Jan 8, 2021, 4:58 PM IST

"কা আন্দোলন কৰাৰ বাবে চৰকাৰে অখিলক জেলত ৰখা নাই,আদালতে মাওবাদীৰ কাৰ্যকলাপৰ প্ৰমাণ পাই জেলত ভৰাই ৰাখিছে"- মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এইদৰে মন্তব্য কৰাৰ পাছতে মৰাণত ৰাইজৰ দলৰ অভিৱৰ্তনৰ বাকৰিত অখিল গগৈৰ একালৰ সতীৰ্থ কমল কুমাৰ মেধিয়ে মন্ত্ৰী জনক উভটি ধৰি কয়,হিমন্ত বিশ্ব শৰ্মাই ৰাজনৈতিক আক্ৰোশৰ বাবে এই কথা কৈছে ।

অখিল গগৈৰ ভাৱমুৰ্তি নষ্ট কৰি সন্ত্ৰাসবাদী সজাবলৈ চৰকাৰ উঠি পৰি লাগিছেঃ কমল কুমাৰ মেধি

মৰাণ,8 জানুৱাৰীঃ কৃষক নেতা অখিল গগৈৰ জামিন নাকচ হোৱাৰ পাছত সমগ্ৰ অসমতে প্ৰতিবাদ আৰু প্ৰতিক্ৰিয়াৰ জোৱাৰ উঠা দেখিবলৈ পোৱা গৈছিল ৷ সকলোৱে একে মুখে কৈছে সোণোৱাল চৰকাৰে ভয় কৰি অখিল গগৈক জেলত ভৰাই ৰাখিছে । তাৰ পাছতে ৰাজ্যৰ প্ৰভাৱশালী মন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই অখিল গগৈক জেলত থকাৰ লগত কোনো ধৰণৰ ৰাজনীতি জড়িত নহয় বুলি মন্তব্য কৰিছিল। "কা আন্দোলন কৰাৰ বাবে চৰকাৰে অখিলক জেলত ৰখা নাই, আদালতে মাওবাদীৰ কাৰ্যকলাপৰ প্ৰমাণ পাই জেলত ভৰাই ৰাখিছে"-মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এইদৰে মন্তব্য কৰাৰ পাছতে মৰাণত ৰাইজৰ দলৰ অভিৱৰ্তনৰ বাকৰিত অখিল গগৈৰ একালৰ সতীৰ্থ কমল কুমাৰ মেধিয়ে মন্ত্ৰী জনক উভটি ধৰি কয়, হিমন্ত বিশ্ব শৰ্মাই ৰাজনৈতিক আক্ৰোশৰ বাবে এই কথা কৈছে ।

'কা' আন্দোলনৰ গুৰুত্ব যাতে অখিল গগৈ আৰু ৰাইজৰ দললৈ নাহে,ৰাইজক বিপথে পৰিচালিত কৰিবলৈ তেওঁ এই মন্তব্য কৰিছে । অখিল গগৈৰ ভাৱমূৰ্তি নষ্ট কৰিবলৈ সন্ত্ৰাসবাদী সজাবলৈ চৰকাৰে উঠি পৰি লাগিছে বুলি কয় কমল কুমাৰ মেধিয়ে । মেধিয়ে লগতে কয় যে,অখিল গগৈক কা'' আন্দোলনৰ সময়ত 'কা' আন্দোলন কৰাৰ বাবে গ্ৰেপ্তাৰ কৰি এতিয়া এটাৰ পাছত আন এটা গোচৰ জাপি দি জেলত ভৰাই ৰাখিব খুজিছে । যি কথা অসমৰ ৰাইজে ইতিমধ্যে বুজি পাইছে ।

লগতে পঢ়কঃ মাওবাদীৰে জড়িত থকাৰ বাবেহে কাৰাবন্দী হৈছে অখিল : হিমন্ত বিশ্ব শৰ্মা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.