মৰাণ, 13 ছেপ্তেম্বৰ : মৰাণত দুৰ্নীতিৰ বিৰুদ্ধে বাতৰি পৰিৱেশন কৰা সংবাদিকক প্ৰাণে মৰাৰ ভাবুকি ৷ পথ আগচি ধৰি সাংবাদিকগৰাকীক চোকা অস্ত্ৰৰে প্ৰাণে মৰাৰ ভাবুকি বিজেপি নেতাৰ বিৰুদ্ধে ৷
প্ৰাপ্ত তথ্য অনুসৰি, মৰাণৰ সমীপৰ খোৱাঙৰ এটা পথত হোৱা দুৰ্নীতি সন্দৰ্ভত দুদিন পূৰ্বে মৰাণৰ এজন সাংবাদিকে বাতৰি পৰিৱেশন কৰাৰ পিচত দেওবাৰে সাংবাদিক যুগান্ত দিহিঙীয়াক বিজেপি কৰ্মী তথা ঠিকাদাৰ পন্থী খোৱাঙৰ দিলীপ বাইলুং নামৰ লোকজনে ঘৰৰ পৰা ওলাই যাওঁতে বাটত আগচি ধৰি চোকা অস্ত্ৰৰে প্ৰাণে মৰাৰ অপচেষ্টা চলায় । উপায়ন্তৰ হৈ সাংবাদিকজনে প্ৰাণৰ মমতাত দৌৰি পলাই আহিবলৈ সক্ষম হয় ।
উল্লেখযোগ্য যে, পথটোত সংঘটিত হোৱা দুৰ্নীতিৰ বাতৰি প্ৰচাৰ হোৱাৰ পিচতে খণ্ড উন্নয়ন বিষয়াই তাৎক্ষণিকভাৱে তদন্ত ঘোষণা কৰে । অভিযোগ অনুসৰি, বাতৰি সংগ্ৰহ কৰাৰ পিচতে সাংবাদিকজনক পথটোৰ সন্দৰ্ভত ঠিকাদাৰৰ পক্ষলৈ অভিযুক্ত লোকজনে মেনেজ কৰিব আহিছিল কিন্তু সাংবাদিকজনে লোকজনৰ প্ৰস্তাৱ নাকচ কৰা বুলি জানিব পৰা গৈছে ৷
ইফালে, ঘটনা সন্দৰ্ভত সাংবাদিকজনে ব্যক্তিজনৰ বিৰুদ্ধে খোৱাং আৰক্ষী থানাত এজাহাৰ দাখিল কৰাৰ লগতে খোৱাং আঞ্চলিক ছাত্ৰ সন্থাই খোৱাং থানাত দোষীক গ্ৰেপ্তাৰ আৰু শাস্তিৰ দাবীত স্মাৰকপত্ৰ প্ৰদান কৰিছে । লগতে,এই ঘটনাটোক গৰিহণা দিছে খোৱাং আঞ্চলিক ছাত্ৰ সন্থা,মৰাণ সমষ্টি উন্নয়ণ পৰিষদ,সাংবাদিক সুৰক্ষা মঞ্চ আদি সংগঠনসমূহে ।
লগতে পঢ়ক : হাজো-গুৱাহাটী পথত ভয়ংকৰ দুৰ্ঘটনাঃ থিতাতে নিহত কিশোৰী