ETV Bharat / state

First Tea Museum in Northeast : ড'নাৰ মন্ত্ৰালয়ৰ যুটীয়া সচিবে পৰিদৰ্শন কৰিলে স্থাপন হ'ব লগা চাহ সংগ্ৰাহালয় কেন্দ্ৰৰ স্থান

অচিৰেই ডিব্ৰুগড়ত সংস্থাপন হ'ব উত্তৰ-পূবৰ প্ৰথমটো চাহ সংগ্ৰহালয় কেন্দ্ৰ ৷ ডিব্ৰুগড়ত নিৰ্মাণ হ'বলগা অত্যাধুনিক চাহ সংগ্ৰাহালয় কেন্দ্ৰ পৰিদৰ্শন কৰিলে ভাৰত চৰকাৰৰ ড'নাৰ মন্ত্ৰালয়ৰ যুটীয়া সচিব অনুৰাধা চাগ'টিয়ে (First Tea Museum in Northeast to be set up at Dibrugarh) ৷

author img

By

Published : Dec 31, 2021, 1:40 PM IST

ডিব্ৰুগড়ত সংস্থাপন হ'ব উত্তৰ-পূবৰ প্ৰথমটো চাহ সংগ্ৰহালয়

মৰাণ, 31 ডিচেম্বৰ : ৰাজ্যৰ চাহ উদ্যোগ (Assam tea industry)ৰ বাবে এক সু-খবৰ ৷ ডিব্ৰুগড়ত অচিৰেই মুকলি হ'ব ৰাজ্যৰ প্ৰথমটো টি মিউজিয়াম । পর্যটনৰ অন্যতম আকৰ্ষণ কেন্দ্ৰবিন্দু হ'ব এই চাহ সংগ্ৰহালয়টো(First Tea Museum in Northeast to be set up at Dibrugarh) ৷ ভাৰতৰ চাহ চহৰ হিচাপে পৰিগণিত হৈ পৰিব অসমৰ ডিব্ৰুগড়ত জিলা ।

২০২৩ চনৰ প্ৰথমাৰ্ধত ৰাইজৰ বাবে মুকলি কৰা হ'ব এই চাহ সংগ্ৰহালয়টো । অসম পৰ্যটন উন্নয়ন নিগমৰ দ্বাৰা আহ্বান জনোৱা অনুসৰি ডিব্ৰুগড়ত নিৰ্মাণ হ'বলৈ গৈ আছে এই অত্যাধুনিক চাহ সংগ্ৰহালয় কেন্দ্ৰটো । এই প্ৰকল্পটোৰ প্ৰথম পৰ্যায়ত প্ৰায় ৯০ শতাংশ কাম ইতিমধ্যে সম্পূৰ্ণ হৈ উঠিছে । প্ৰকল্পটোৰ প্ৰথম পৰ্যায়ৰ বাবে উত্তৰ-পূব পৰিষদ (এনইচি) আৰু অসম চৰকাৰে এই প্ৰকল্পটোৰ বাবে ৩.১৪ কোটি টকা মঞ্জুৰ কৰিছিল । ডিব্ৰুগড়ত চাহ সংগ্ৰহালয় নিৰ্মাণৰ প্ৰস্তাৱটো ২০১৬ চনত অসম পৰ্যটন বিভাগে অনুমোদন জনাইছিল আৰু ২০১৭ চনত ইয়াৰ আৰম্ভণি হৈছিল ।

ড'নাৰ মন্ত্ৰালয়ৰ যুটীয়া সচিব অনুৰাধা চাগ'টি

প্ৰায় ৪১ কোটি টকা অনুমোদন সাপেক্ষে নিৰ্মাণ হ'বলগীয়া এই অত্যাধুনিক চাহ সংগ্ৰহালয় কেন্দ্ৰটো বৃহস্পতিবাৰে পৰিদৰ্শন কৰে ভাৰত চৰকাৰৰ ড'নাৰ মন্ত্ৰালয়ৰ যুটীয়া সচিব অনুৰাধা চাগ'টিয়ে ৷ ডিব্ৰুগড়ত উপস্থিত হৈ চাহ সংগ্ৰাহালয়টো স্থাপন হ'বলগীয়া ঠাইখণ্ডৰ ক্ষেত্ৰভিত্তিক পৰিদৰ্শন কৰে যুটীয়া সচিবগৰাকীয়ে ৷ এই সংগ্ৰহালয়টো নিৰ্মাণৰ বাবদ ব্যয় হ'বলগীয়া প্ৰায় ৪১ কোটি টকা অসম পৰ্যটন নিগমৰ অধ্যক্ষ ঋতুপৰ্ণ বৰুৱাই কেন্দ্ৰীয় চৰকাৰৰ ড'নাৰ মন্ত্ৰালয়ৰ তৰফৰ পৰা অনুমোদনৰ বাবে অনুৰোধ জনাইছিল । ড'নাৰ মন্ত্ৰালয়ৰ যুটীয়া সচিব গৰাকীয়ে স্থাপন হ'বলগীয়া সংগ্ৰহালয়টিৰ সকলো দিশ পৰ্যবেক্ষণ কৰাৰ পাছত অতি শীঘ্ৰেই এই ধনৰাশি ড'নাৰ মন্ত্ৰালয়ৰ তৰফৰ পৰা মুকলি কৰি দিয়া হ'ব বুলি আশ্বাস প্ৰদান কৰে ।

ইফালে আগন্তুক ২০২২ বৰ্ষৰ শেষৰ ভাগত এই সংগ্ৰহালয়টো সম্পূৰ্ণৰূপে নিৰ্মাণ হৈ উঠিব বুলি অসম পৰ্যটন উন্নয়ন নিগমৰ অধ্যক্ষগৰাকীয়ে জানিবলৈ দিয়ে ।

উল্লেখ্য যে, কেন্দ্ৰীয় ড'নাৰ মন্ত্ৰালয়ৰ যুটীয়া সচিব গৰাকীৰ ভ্ৰমণকালত উপস্থিত থাকে অসম পৰ্যটন নিগমৰ অধ্যক্ষ ঋতুপৰ্ণ বৰুৱা, জিলা উপায়ুক্ত বিশ্বজিৎ পেগুৰ লগতে বিভাগীয় বিষয়া সকল ।

লগতে পঢ়ক : First Tea Museum in Northeast: ডিব্ৰুগড়ত মুকলি হ’ব ৰাজ্যৰ প্ৰথমটো টি মিউজিয়াম

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.