ETV Bharat / state

SI কেলেংকাৰীৰ চিবিআই তদন্তৰ দাবীত টিংখঙত যৌথ বিৰোধী শক্তিৰ প্ৰতিবাদ - টিংখঙত যৌথ বিৰোধী শক্তিৰ প্ৰতিবাদ

মঙলবাৰে ডিব্ৰুগড় জিলাৰ টিংখাঙৰ সকলো বিৰোধী ৰাজনৈতিক দল-সংগঠনে SI কেলেংকাৰী বিষয়ত যৌথ প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰে ৷ SI কেলেংকাৰীৰ তদন্ত চিবিআইৰ দ্বাৰা কৰোৱাৰ দাবীত যৌথ বিৰোধী শক্তিয়ে এই প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰে ৷

joint-opposition-protest-in-tingkhang-demanding-cbi-inquiry-si-case
SI কেলেংকাৰীৰ চিবিআই তদন্তৰ দাবীত টিংখঙত যৌথ বিৰোধী শক্তিৰ প্ৰতিবাদ
author img

By

Published : Feb 2, 2021, 10:43 PM IST

Updated : Feb 2, 2021, 10:52 PM IST

টিংখং, 2 ফেব্ৰুৱাৰী : পুনৰ SI কেলেংকাৰী প্ৰসংগই উত্তপ্ত কৰি তুলিলে টিংখাং অঞ্চল । মঙলবাৰে ডিব্ৰুগড় জিলাৰ টিংখাঙৰ সকলো বিৰোধী ৰাজনৈতিক দল-সংগঠনে SI কেলেংকাৰী বিষয়ত যৌথ প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰে ৷

প্ৰতিবাদকাৰী অভিযোগ অনুসৰি SI পৰীক্ষাৰ কেলেংকাৰীত টিংখাঙৰ বিধায়ক বিমল বৰাৰ নামটো সাঙোৰ খাই পৰাৰ পিচতো তদন্তৰ আওতালৈ নাহিল বিধায়ক গৰাকী ৷ যাৰ ফলস্বৰূপে পুনৰ SI কেলেংকাৰীৰ তদন্ত চিবিআইৰ দ্বাৰা কৰিবলৈ দাবী জনায় প্ৰতিবাদকাৰী সকলে ।

SI কেলেংকাৰীৰ চিবিআই তদন্তৰ দাবীত টিংখঙত যৌথ বিৰোধী শক্তিৰ প্ৰতিবাদ

উল্লেখ্য যে, কংগ্ৰেছ, নতুনকৈ গঠন হোৱা অসম জাতীয় পৰিষদ, চিপিআইএমএল ,আনপা, ৰাইজৰ দল, কা বিৰোধী ঐক্য মঞ্চ আদিৰ উদ্যোগত শতাধিক প্ৰতিবাদকাৰীয়ে টিংখাঙৰ ৰাজগড়ত SI কেলেংকাৰীৰ চিবিআই তদন্তৰ দাবীত এই প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰে ৷ ইয়াৰ সমান্তৰালভাৱে টিংখাং ৰাজহ চক্ৰ বিষয়াৰ জৰিয়তে প্ৰধানমন্ত্ৰী, মুখ্যমন্ত্ৰী আৰু ৰাজ্যৰ মুখ্য ন্যায়াধীশলৈ পৃথকে পৃথকে স্মাৰক পত্ৰ প্ৰেৰণ কৰি এচ আই কেলেংকাৰীৰ তদন্ত CID ৰ দ্বাৰা নহয়, CBI ক অৰ্পণ কৰিবলৈ দাবী পুনৰ দাবী জনোৱা হৈছে বুলি সাংবাদিকক জানিবলৈ দিছে প্ৰতিবাদকাৰীয়ে ৷

লগতে পঢ়ক: মিজোৰামত লক্ষাধিক ভাৰতীয় টকা উদ্ধাৰ

Last Updated : Feb 2, 2021, 10:52 PM IST
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.