ETV Bharat / state

মাহমৰাত কংগ্ৰেছৰ সদস্যপদ গ্ৰহণ কৰিলে বহু যুৱকে - মাহমৰাত কংগ্ৰেছৰ

মাহমৰাত কংগ্ৰেছৰ যোগদান কাৰ্যসূচী । প্ৰদেশ কংগ্ৰেছ কমিটীৰ সম্পাদকৰ উপস্থিতিত দলত যোগদান কৰে বহু যুৱকে ।

মাহমৰাত কংগ্ৰেছৰ যোগদান কাৰ্যসূচী
মাহমৰাত কংগ্ৰেছৰ যোগদান কাৰ্যসূচী
author img

By

Published : Dec 9, 2020, 1:26 PM IST

মৰাণ, ৯ ডিচেম্বৰ: ২০২১ৰ বিধানসভা নিৰ্বাচনৰ পূৰ্বে দলৰ সাংগঠনিক ভেঁটি শক্তিশালী কৰাৰ বাবে ৰাজনৈতিক কৌশল ৰচনা কৰিছে কংগ্ৰেছৰ নেতৃত্বই । মাহমৰাত অনুষ্ঠিত হয় কংগ্ৰেছৰ যোগাদান কাৰ্যসূচী । এই অনুষ্ঠানত উপস্থিত থাকে প্ৰদেশ কংগ্ৰেছ কমিটীৰ সম্পাদক সুৰুজ দিহিঙীয়া । সম্পাদকগৰাকীৰ উপস্থিতিত মাহমৰা সমষ্টিৰ অন্তৰ্গত সৰ্বোদয়, খুমটাই, মৰাণ আদি অঞ্চলৰ বহু যুৱকে কংগ্ৰেছৰ সদস্যপদ গ্ৰহণ কৰে ।

মাহমৰাত কংগ্ৰেছৰ যোগদান কাৰ্যসূচী
মাহমৰাত কংগ্ৰেছৰ যোগদান কাৰ্যসূচী

বিজেপি দলৰ মিথ্যাচাৰ, প্ৰতাৰণা, কৃষক বিৰোধী আইন প্ৰণয়ন, মূল্যবৃদ্ধি নিয়ন্ত্ৰণত ব্যৰ্থতা আৰু জনবিৰোধী নীতিৰ বিৰোধিতা কৰি ভাৰতীয় জাতীয় কংগ্ৰেছ দলৰ নীতি আৰু আদৰ্শৰ প্ৰতি আকৃষ্ট হৈ দলত যোগদান কৰা বুলি যুৱকসকলে জানিবলৈ দিয়ে । উল্লেখ্য যে, প্ৰদেশ কংগ্ৰেছ কমিটীৰ সম্পাদক সুৰুজ দিহিঙীয়াই বিগত ২০১৬ৰ বিধানসভা নিৰ্বাচনত যোগেন মহনৰ বিৰুদ্ধে কংগ্ৰেছ দলৰ হৈ প্ৰতিদন্দিতা কৰিছিল যদিও পৰাজিত হৈছিল ।

পুনৰ ২০২১ৰ নিৰ্বাচনলৈ নেতাগৰাকীয়ে সাজু হৈ সমষ্টিত দলীয় কাম-কাজ কৰা পৰিলক্ষিত হৈছে । নিৰ্বাচনৰ পূৰ্বে ৰাইজৰ মাজৰ দলৰ জনপ্ৰিয়তা বৃদ্ধি কৰাৰ বাবে চেষ্টা চলাই আছে কংগ্ৰেছে । আঞ্চলিক দলৰ সমান্তৰালকৈ বিজেপিক গাদীচ্যুত কৰাৰ বাবে কংগ্ৰেছে ৰণকৌশল যুগুত কৰিছে ।

লগতে পঢ়ক:ভাৰত বন্ধৰ সমৰ্থনত বিহালীত নৰেন্দ্ৰ মোডীৰ প্ৰতিকৃতি দাহ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.