ডিব্ৰুগড়, 29 এপ্ৰিল : আলফা স্বাধীনৰ অজ্ঞাত অৰণ্যৰ পৰা অৰুণাচল হৈ ডিব্ৰুগড় উপস্থিত হোৱাৰ পাচতে জীৱন মৰাণৰ ক’ভিড পৰীক্ষা কৰাত তেওঁৰ দেহত ক’ভিড-19 নিগেটিভ পোৱা গৈছে । ডিব্ৰুগড়ৰ আৰক্ষী চাউনিত আৰক্ষীৰ চিকিৎসকে সম্পন্ন কৰিলে জীৱন মৰাণৰ স্বাস্থ্য পৰীক্ষা । সামান্য কাঁহ আৰু সামান্য ৰক্তচাপ আক্ৰান্ত হৈ আছে জীৱন মৰাণ ।
উল্লেখযোগ্য যে, শেহতীয়াকৈ মৰাণ ৰাষ্ট্ৰীয় মুক্তি বাহিনী নামৰ এক বিদ্ৰোহী সংগঠন সক্ৰিয় হৈ থকাৰ সময়তে মৰাণ জনগোষ্ঠীয় আলফাৰ নেতাজনৰ প্ৰত্যাৱৰ্তনক লৈ অসম আৰক্ষী যথেষ্ট চিন্তিত হৈ পৰিছে বুলি আৰক্ষীৰ এক উচ্চ স্তৰীয় সূত্ৰৰ পৰা জানিব পৰা গৈছে ।
ইপিনে বৃহস্পতিবাৰে দিনৰ 3:35 মিনিটত ডিব্ৰুগড়ৰ আৰক্ষী চাউনিলৈ অনা আলফা স্বাধীনৰ নেতা জীৱন মৰাণক 7 বজাত ডিব্ৰুগড়ৰ সদৰ থানালৈ অনা হৈছে । সদৰ থানাত আৰক্ষীৰ উচ্চ স্তৰীয় বিষয়া ডিব্ৰুগড়ৰ আৰক্ষী অধীক্ষক, উপ আৰক্ষী অধীক্ষক সহ এটা সঁজাতি দলে তেওঁৰ প্ৰাৰম্ভিক সোধ-পোচ অব্যাহত ৰখা বুলি জানিব পৰা গৈছে।
লগতে পঢ়কঃ চুমিলা ৰংহাঙপীৰ বাসগৃহত উপস্থিত ড৹ সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্য