ডিব্ৰুগড়,31 মে’: আংশিক লক ডাউনে জুৰুলা কৰিছে ৰাইজক, প্ৰায় উপাৰ্জনহীন হৈ পৰিছে জনসাধাৰণ ৷ ঠিক এনে সময়তে জনসেৱাৰ অৰ্থে এক কাৰ্যসূচী গ্ৰহণ কৰি ক’ভিড আক্ৰান্তসকলক এমুঠি আহাৰ যোগান ধৰিছে ডিব্ৰুগড়ৰ দুটাকৈ সংগঠনে ৷ দৈনিক 22-25 হাজাৰ টকা খৰচ কৰি ডিব্ৰুগড় চহৰত ক’ভিডত আক্ৰান্ত হৈ কোৱাৰেণ্টাইন হৈ থকা লোকসকলক পুৱাৰ পৰা নিশালৈকে যোগান ধৰিছে আহাৰ । এই আঁচনি গ্ৰহণ কৰিছে ডিব্ৰুগড়ৰ মাৰোৱাৰী যুৱ মঞ্চ আৰু মাৰোৱাৰী যুৱ সন্মিলন নামৰ সংগঠন দুটাই । এই আঁচনিৰ নাম দিয়া হৈছে জন আহাৰ হিচাপে । ইতিমধ্যে চহৰৰ কেইবা শতাধিক ক’ভিড আক্ৰান্তক এই আঁচনিৰ যোগে খাদ্য যোগান ধৰা হৈছে ।
এক সু-পৰিকল্পনাৰে নিয়ন্ত্ৰিত এই আঁচনিৰ বিষয়ে দেওবাৰে এক সংবাদমেল যোগে সবিশেষ জনালে সংগঠন দুটাই । উল্লেখ্য যে, ক’ভিড আক্ৰান্তক খাদ্য যোগানৰ বাবে চাৰিজন যুৱকক নিযুক্তি দিয়া হৈছে । লগতে খাদ্য প্ৰস্তুত, পৰিস্কাৰ-পৰিচ্ছন্নতাৰ দিশটো চোৱাচিতা কৰিবলৈ সংগঠন দুটাৰ ভালেমান যুৱকে অহৰহ কাম কৰি আছে । আনহাতে, সংগঠনটোৱে ডিব্ৰুগড়ৰ ক’ভিড ৰোগীৰ বাবে যোগান ধৰি আহিছে অক্সিজেন চিলিণ্ডাৰ ।
লক্ষণীয়ভাৱে এই কাৰ্যসূচীৰ বাবে কোনো চৰকাৰী সাহায্য বা ব্যক্তিগত দান-বৰঙণি গ্ৰহণ কৰা নাই সংগঠন দুটাই । ক’ভিড যুদ্ধৰ ফ্ৰণ্টলাইন ৱৰ্কাৰ হিচাপে কৰ্মৰত ডিব্ৰুগড়ৰ সাংবাদিকসকলকো দেওবাৰৰ দিনটোত আহাৰ যোগান ধৰে সংগঠন দুটাই ।
লগতে পঢ়ক : আংশিক লক্ ডাউনে সমস্যাত পেলাইছে হাঁহ-কুকুৰা পালকক