ETV Bharat / state

পিক, থু আদিয়ে বৃদ্ধি কৰিছে নেকি কৰ'ণাৰ সংক্ৰমণ ! - corona virus

ৰাজহুৱা স্থানত পিক পোলোৱা, ধূমপান কৰা লোকৰ বিৰুদ্ধে ভাৰতীয় দণ্ড বিধিৰ অধীনত বিহীত ব্যৱস্থা গ্ৰহণৰ বাবে নিৰ্দেশনা প্ৰদান কৰিছে কেন্দ্ৰীয় চৰকাৰে ৷ কিন্তু এতিয়াও বহু স্থানত ফলপ্ৰসূ হোৱা নাই এই নিৰ্দেশনা ৷ উল্লেখ্য যে, স্বাস্থ্য মন্ত্ৰণালয়ে উল্লেখ কৰা অনুসৰি ৰাজহুৱা স্থানত পিকোৱাৰ ফলত বৃদ্ধি পাব পাৰে COVID-19 ৰ সংক্ৰমণ ৷

কৰ'ণাৰ সংক্ৰমণ
কৰ'ণাৰ সংক্ৰমণ
author img

By

Published : Jul 31, 2020, 12:45 PM IST

ডিব্ৰুগড়, 31 জুলাই: কৰ'ণাৰ প্ৰাদুৰ্ভাৱে এতিয়া গণ সংক্ৰমণৰ ৰূপ লৈছে ৰাজ্যত ৷ এই ক্ষেত্ৰত কঠোৰ হৈছে চৰকাৰ প্ৰশাসনো ৷ কিন্তু এতিয়াও জানো ৰাইজ সচেতন হৈছে ? কেন্দ্ৰীয় চৰকাৰে বিগত এপ্ৰিল মাহতেই ৰাজহুৱা স্থানত পিক পোলোৱা, ধূমপান কৰা লোকৰ বিৰুদ্ধে ভাৰতীয় দণ্ড বিধিৰ অধীনত বিহীত ব্যৱস্থা গ্ৰহণ কৰাৰ নিৰ্দেশনা ফলপ্ৰসূ হৈছেনে ? কিয়নো এই নিয়মো আছিল COVID-19 ৰ বিৰুদ্ধে লোৱা সচেতনতামূলক পদক্ষেপৰে অন্যতম অংশ ৷ এনে প্ৰশ্নৰ বাবে সকলোৰে মনত উৎপন্ন হোৱা উত্তৰটো হয়তো "নাই"য়েই হ'ব ৷ কিয়নো তাৰ উৎকৃষ্ট উদাহৰণ এতিয়াও স্পষ্ট ৰাজ্যৰ ভিন্ন প্ৰান্তত ৷

পিক, থু আদিয়ে বৃদ্ধি কৰিছে নেকি কৰ'ণাৰ সংক্ৰমণ ?

উল্লেখ্য যে, স্বাস্থ্য মন্ত্ৰণালয়ে, ভাৰতীয় চিকিৎসা গৱেষণা পৰিষদৰ এক গোহাৰিৰ প্ৰসংগ উল্লেখ কৰি কয় যে, চুপাৰি, গুটখা, পাণমছলা জাতীয় খাদ্য খালে সৃষ্টি হয় অত্যাধিক থু ৷ যাৰ বাবে এইসমূহ খাদ্য খালে বৃদ্ধি পায় মানুহৰ পিকোৱাৰ প্ৰৱণতা ৷ এনেদৰে ৰাজহুৱা স্থানত পিকোৱাৰ ফলত তাৰ পৰা বৃদ্ধি পাব পাৰে COVID-19 ৰ সংক্ৰমণ ৷ এনেবোৰ বিষয়ৰ প্ৰতি লক্ষ্য ৰাখি কেন্দ্ৰীয় চৰকাৰে নিৰ্দেশনা ৰাইজৰ বাবে নিৰ্দেশনা জাৰি কৰিছিল যদিও, এতিয়াও সেই নিৰ্দেশনা ফলপ্ৰসূ দেশৰ লগতে ৰাজ্যৰ ভিন্ন প্ৰান্তত ৷ ডিব্ৰুগড় জিলাতো একাংশ লোকে বিনা দ্বিধাই অব্যাহত ৰাখি গৈছে এই কাৰ্য ৷ এই ক্ষেত্ৰত কেনে ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰিছে ডিব্ৰুগড় জিলা প্ৰশাসনে ?

এই প্ৰসংগত উত্থাপন কৰা প্ৰশ্নৰ উত্তৰ প্ৰদান কৰে ডিব্ৰুগড়ক জিলা উপায়ুক্তই ৷ উপায়ুক্ত পল্লৱ গোপাল ঝাই ইতিমধ্যে এই বিষয়ক লৈ পৌৰ নিগমৰ সৈতে আলোচনা কৰাৰ লগতে, এনে কৰাৰ বাবে বহু স্থানত তেওঁলোকে বহু লোকৰ পৰা জৰিমণাও বিহিছে বুলি উল্লেখ কৰে ৷ কিন্তু যিহেতু জিলাখনত বৃহৎ সংখ্যক লোক আছে সেয়ে সকলোকে নিয়ন্ত্ৰণ কৰাটোও বহু ক্ষেত্ৰত অসম্ভৱ হয় বুলিও কয় উপায়ুক্ত গৰাকীয়ে ৷ ইয়াৰোপৰি জিলা প্ৰশাসনৰ লোকে ইতিমধ্যে পাণ দোকানৰ লোকৰ লগতে, পৌৰ নিগমৰ লোকৰ সৈতে মিলি ভিন্ন স্থানত পিক পেলাবলৈ নিৰ্দিষ্ট ব্যৱস্থা গ্ৰহণৰ বাবে আলোচনা কৰি আছে বুলি জানিবলৈ দিয়ে উপায়ুক্ত গৰাকীয়ে ৷

আনহাতে য'তে ত'তে পিক পেলোৱা কাৰ্যত অসন্তুষ্টি প্ৰকাশ কৰিছে স্থানীয় ৰাইজে ৷ লগতে কৰ'ণাৰ গণ সংক্ৰমণৰ বাবে এইয়াও এক অন্যতম কাৰণ বুলি সন্দেহ প্ৰকাশ কৰিছে তেওঁলোকে ৷ কিয়নো ইতিমধ্যে কোনো ধৰণৰ ভ্ৰমণ বৃত্তান্ত নথকাকৈয়ে জিলা খনত বৃদ্ধি পাইছে কৰ'ণা আক্ৰান্ত লোকৰ সংখ্যা ৷

লগতে পঢ়ক: জোনাইত ৰেপিড টেষ্টৰ অন্তত পুনৰ 6 গৰাকীৰ দেহত কৰ'ণা ভাইৰাছৰ উপস্থিতি

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.