টিংখাং, 9 মাৰ্চ: সদৌ অসম মহিলা মঞ্চৰ উদ্যোগত আৰু মাইক্ৰ’ফাইনেঞ্চৰ শোষণ বঞ্চনাৰ বিৰুদ্ধে এটা বছৰৰ পূৰ্বে গঠন হোৱা সচেতন মহিলা মঞ্চৰ সৌজন্যত প্ৰথমবাৰলৈ টিংখাঙৰ নাচনী ঘোগুলনী অঞ্চলত উদযাপন কৰা হয় আন্তৰ্জাতিক নাৰী দিৱস। উজনি অসমৰ বিভিন্ন জিলাৰ পৰা অহা সহস্ৰাধিক মহিলাই অংশগ্ৰহণ কৰা এই অনুষ্ঠানত আয়োজন কৰা হয় এখন মুকলি সভা ৷ সভাৰ মাজে মাজে মহিলা সকলে পৰিবেশন কৰে দিহানাম, বিয়ানাম, কবিতা আবৃত্তি ৷

তিনিচুকীয়া: তিনিচুকীয়া জিলাৰ নগাজান বজালনী প্রাথমিক বিদ্যালয়ৰ প্ৰাংগনত নাৰী সকলক সন্মান জনাই বসুন্ধৰা মণ্ডল পৰ্যায় সংগঠনৰ উদ্যোগত আৰু জিলাখনৰ বিভিন্ন প্ৰান্তৰ পৰা অহা মহিলা আত্মসহায় গোটৰ বিভিন্ন ধৰণৰ বস্ত্ৰ-শিল্প, খোৱা সামগ্ৰী আৰু বাৰেৰহনীয়া খেল-ধেমালিৰ প্ৰদৰ্শনেৰে নাৰী দিৱস উদযাপন কৰা হয় ৷ একেদৰে দিনযোৰা কাৰ্যসূচীৰে মাকুম সাহিত্য সভা ভৱনতো তিনিচুকীয়া জিলা সমিতিয়ে উদযাপন কৰে আন্তৰ্জাতিক নাৰী দিৱস ৷

মৰিগাঁও: অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযান আৰু উদয়জ্যোতি মণ্ডল সংগঠনৰ যুটীয়া উদ্যোগত আৰু শলমাৰী,বঘৰা আৰু এজাৰবাৰী গাঁও পঞ্চায়তৰ মহিলা সকলৰ সন্মিলিত প্ৰচেষ্টাত মৰিগাঁও জিলাতো উদযাপন কৰা হয় আন্তৰ্জাতিক নাৰী দিৱস ৷ পতাকা উত্তোলন, বন্তি প্ৰজ্বলন আৰু বৰ্ণাঢ্য সাংস্কৃতিক সমদলেৰে দিনযোৰা কাৰ্যসূচীৰে জীপাল হৈ পৰিল এজাৰবাৰী ৰাস মন্দিৰৰ বাকৰি ।

লগতে পঢ়ক: ইউপিপিএলৰ নেতা-কৰ্মীক টিকট দিব নোৱাৰাত দুখ প্ৰকাশ প্ৰমোদ বড়োৰ