ETV Bharat / state

অনলাইন শিক্ষা মনোগ্রাহী কৰিবলৈ এখন বিদ্যালয়ৰ বিশেষ পদক্ষেপ - অনলাইন শিক্ষা

কণ-কণ শিক্ষাৰ্থীক অনলাইন শিক্ষাৰ প্ৰতি আকৰ্ষিত কৰিবলৈ চেপনৰ ডিভাইন ভেলী বিদ্যালয় নামৰ ব্যক্তিগত শিক্ষানুষ্ঠানখনে প্ৰস্তুত কৰি উলিয়াইছে পাঠ্যক্ৰমৰ আনুষংগিক দৃশ্য সম্বলিত কিছু ভিডিঅ’ ৷ যাৰ দ্বাৰা বিগত এমাহে এনেধৰণে কৰা পাঠদানৰ দ্বাৰা উপকৃত হৈছে শিক্ষাৰ্থীসকল ৷

Interesting online class is going on in a private school of Moran dibrugarh assam etv bharat news
ডিভাইন ভেলী বিদ্যালয়
author img

By

Published : Aug 24, 2020, 12:42 PM IST

মৰাণ,24 আগষ্ট: সম্প্ৰতি ৰাজ্যত সকলো শিক্ষানুষ্ঠান বন্ধ হোৱাৰ পৰিপ্ৰেক্ষিতত অব্যাহত আছে অনলাইন শিক্ষা ৷ শ্ৰেণীকোঠাৰ পাঠদানৰ পৰিৱৰ্তে চলি থকা অনলাইন শিক্ষাৰ প্ৰতি শিক্ষাৰ্থীক আগ্ৰহী কৰি তুলিবলৈ ডিব্ৰুগড়ৰ এখন বিদ্যালয়ে গ্ৰহণ কৰিছে বিশেষ পদক্ষেপ ৷ জিলাখনৰ মৰাণৰ অন্তৰ্গত চেপনৰ ডিভাইন ভেলী বিদ্যালয় নামৰ ব্যক্তিগত শিক্ষানুষ্ঠানখনে অনলাইন পাঠদান অধিক মনোগ্ৰাহী কৰি তুলিবলৈ গ্ৰহণ কৰিছে কিছু সুকীয়া ব্যৱস্থা ৷ কণ-কণ শিক্ষাৰ্থীক অনলাইন শিক্ষাৰ প্ৰতি আকৰ্ষিত কৰিবলৈ বিদ্যালয়খনৰ শিক্ষক-শিক্ষয়িত্ৰীসকলে প্ৰস্তুত কৰি উলিয়াইছে পাঠ্যক্ৰমৰ আনুষংগিক দৃশ্য সম্বলিত কিছু ভিডিঅ’ ৷ দৃশ্য-শ্ৰাব্যৰ মাধ্যমেৰে প্ৰস্তুত কৰা এই পাঠসমূহৰ প্ৰতি যাতে শিক্ষাৰ্থী আকৰ্ষিত হৈ সহজে পাঠসমূহ আয়ত্ব কৰিব পাৰে তাৰ প্ৰতি লক্ষ্য ৰাখি বিদ্যালয়খনে এনে পদক্ষেপ গ্ৰহণ কৰে ৷ বিদ্যালয়খনৰ এই প্ৰচেষ্টা সম্প্ৰতি সফল হোৱা পৰিলক্ষিত হৈছে ৷ যাৰ দ্বাৰা বিগত এমাহে এনেধৰণে কৰা পাঠদানৰ দ্বাৰা উপকৃত হৈছে শিক্ষাৰ্থীসকল ৷ বিদ্যালয় কৰ্তৃপক্ষই জানিবলৈ দিয়া অনুসৰি, শিক্ষাৰ্থীৰ লগতে অভিভাৱকসকলে বিদ্যালয়ৰ এনে প্ৰচেষ্টাত ব্যাপক সঁহাৰি জনাইছে ৷

ডিভাইন ভেলী বিদ্যালয়ৰ পদক্ষেপ

লগতে চাওকঃ বঙাইগাঁও জিলাৰ সৃজনগ্ৰামত অগ্নিকাণ্ড

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.