ETV Bharat / state

Paddy insect scare: সেউজীয়া পথাৰত চৰহা পোকৰ তাণ্ডৱ; বিভাগক পদক্ষেপ গ্ৰহণৰ নিৰ্দেশ অতুল বৰাৰ

author img

By ETV Bharat Assamese Team

Published : Sep 17, 2023, 10:03 AM IST

Updated : Sep 17, 2023, 11:51 AM IST

বানৰ পাছত আন এক সমস্যাই দেখা দিছে ৰাজ্যৰ কৃষকৰ মাজত । গেৰ লোৱা ধাননিত চৰহা পোকৰ তাণ্ডৱ । চৰহা পোকে খাই তহিলং কৰিছে হাজাৰ হাজাৰ কৃষিভূমিৰ শস্য । এইক্ষেত্ৰত কৃষি বিভাগে পদক্ষেপ গ্ৰহণ কৰাৰ আশ্বাস কৃষি মন্ত্ৰী অতুল বৰাৰ ।

Insect scare in paddy feild in Dibrugarh
সেউজীয়া পথাৰত চৰহা পোকৰ তাণ্ড
সেউজীয়া পথাৰত চৰহা পোকৰ তাণ্ড

ডিব্ৰুগড়, ১৭ ছেপ্টেম্বৰ: কৃষকৰ যেন সমস্যাৰ অন্ত নাই । ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ বহু কৃষকৰ পথাৰ বানে বুৰাই যোৱাৰ পাছত অন্য এক সমস্যাই দেখা দিছে কৃষকসকলৰ পথাৰত । শাওণৰ পথাৰ ডৰা সেউজীয়া হৈ ধান ওলাবলৈ ধৰা সময়তে চৰহা পোকৰ উপদ্ৰৱে চিন্তাত পেলাইছে কৃষকক । ৰাজ্যৰ হাজাৰ হাজাৰ বিঘা কৃষিভূমিত এতিয়া চৰহা পোকৰ তাণ্ডৱ ।

ক'লা ৰঙৰ চৰহা পোক বিধে খাই তহিলং কৰিছে বিঘাই বিঘাই সেউজীয়া পথাৰৰ ধান । আপোন পথাৰ ডৰাত ভুঁই ৰুই অহাৰ পিছতে এই চৰহা পোক বিধে ৰুৱাসমূহ অনিষ্ট কৰি পেলোৱাত এতিয়া মূৰে-কপালে হাত দিব লগা হৈছে কৃষকসকলে । কৃষকৰ এই সমস্যা সমাধানৰ বাবে ৰাজ্যৰ কৃষি বিভাগে বিশেষ কোনো পদক্ষেপ গ্ৰহণ কৰা পৰিলক্ষিত হোৱা নাই যদিও মৰাণহাটত উপস্থিত হৈ সাংবাদিকৰ প্ৰশ্নৰ উত্তৰত ৰাজ্যৰ কৃষি মন্ত্ৰী অতুল বৰাই এই সন্দৰ্ভত আগবঢ়াই কিছু মন্তব্য ।

মন্ত্ৰীগৰাকীয়ে কয় যে, কীট-পতংগৰ দ্বাৰা যি কৃষি ভূমি নষ্ট হৈছে তাৰ বাবে জিলা কৃষি বিভাগক ব্যৱস্থা গ্ৰহণৰ নিৰ্দেশ দিয়া হৈছে । কৃষি মন্ত্ৰীগৰাকীয়ে লগতে কয়, প্ৰতিবছৰৰ দৰে এইবাৰো বানপানীৰ পাছতে কৃষকৰ হ'ব পৰা ক্ষয়-ক্ষতিৰ বাবে কৃষি বিভাগ সাজু আছিল । কৃষকক সকলো ধৰণৰ সহায় কৰা হৈছে বুলিও উল্লেখ কৰে মন্ত্ৰী বৰাই । মূলতঃ কৃষি মন্ত্ৰী গৰাকীয়ে এই দৰে ক'লেও প্ৰকৃততে কৃষি বিভাগৰ পৰা কৃষক ৰাইজ কিমান উপকৃত হৈছে সেয়াহে লক্ষ্যণীয় হ'ব ।

উল্লেখ্য যে, বিভিন্ন চৰকাৰী সা-সুবিধাৰ পৰা কৃষকসকল সততে বঞ্চিত হোৱা দেখা যায় । কেতিয়াবা যদি শস্যৰ বীজ লাভৰ বঞ্চিত হয়, আন কেতিয়াবা আকৌ উপযুক্ত সময়ত সাৰ বা কীটনাশক লাভ কৰিবলৈ কৃষকে হাবাথুৰি খাবলগীয়া হয় । এইবাৰ এই ক্ষেত্ৰত কি ভূমিকা গ্ৰহণ কৰে সেয়া লক্ষ্যণীয় হ'ব ।

লগতে পঢ়ক: MP Gaurav Gogoi: কংগ্ৰেছ সাংসদ গৌৰৱ গগৈৰ এক্স একাউণ্টত বিসংগতি; এনড্ৰয়ইড ফোনত অদৃশ্য টুইট

Last Updated : Sep 17, 2023, 11:51 AM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.