ETV Bharat / state

Inland water transport department terminal: বগীবিলত নিৰ্মাণ হ’ব অত্যাধুনিক আভ্যন্তৰীণ জল পৰিবহণ বিভাগৰ টাৰ্মিনেল - নদী পৰ্যটনৰ গুৰুত্ব বৃদ্ধি

নদী পৰ্যটন আৰু দেশৰ অৰ্থনৈতিক উত্থানৰ লক্ষ্যৰে ডিব্ৰুগড়ৰ বগীবিলত নিৰ্মাণ হ’ব অত্যাধুনিক আভ্যন্তৰীণ জল পৰিবহণ বিভাগৰ টাৰ্মিনেল ৷ টাৰ্মিনেলৰ আধাৰশিলা স্থাপন কৰিলে কেন্দ্ৰীয় বন্দৰ, জাহাজ আৰু জলপথ মন্ত্ৰালয়ৰ কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে ৷

inland water transport department terminal
বগীবিলত নিৰ্মাণ হ’ব টাৰ্মিনেল
author img

By

Published : Jul 4, 2023, 8:30 PM IST

বগীবিলত নিৰ্মাণ হ’ব টাৰ্মিনেল

ডিব্ৰুগড়, 4 জুলাই : নদী পৰ্যটনৰ গুৰুত্ব বৃদ্ধিৰ লগতে অৰ্থনৈতিক ৰূপান্তৰ সাধনৰ উদ্দেশ্যে ডিব্ৰুগড়ৰ বগীবিলত নিৰ্মাণ হ’ব অত্যাধুনিক আভ্যন্তৰীণ জল পৰিবহণ বিভাগৰ টাৰ্মিনেল । কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে আধাৰশিলা স্থাপন কৰে অত্যাধুনিক টাৰ্মিনেলৰ । ডিব্ৰুগড়ৰ মানকটা ফিল্ডত ৫১ কোটি টকীয়া প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰে কেন্দ্ৰীয় বন্দৰ, জাহাজ আৰু জলপথ মন্ত্ৰালয়ৰ কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে ।

৫১ কোটি টকাৰ ব্যয় সাপেক্ষে বগীবিলত নিৰ্মাণ হ’বলগীয়া এই জল পৰিবহণৰ যোগেদি বাণিজ্যিক ক্ষেত্ৰখনত অসমক উত্তৰ পূৰ্বাঞ্চলৰ ভিন্ন স্থানৰ লগতে চুবুৰীয়া ৰাষ্ট্ৰ বাংলাদেশৰ লগত ভিন্ন স্থানত সংযোগ কৰা লগতে পৰ্যটনৰ ক্ষেত্ৰত অভূতপূৰ্ব পৰিৱৰ্তন সাধন কৰিব বুলি আশা কৰা হৈছে । জল পৰিবহণত ৰাজ্যখনক বহিঃৰাষ্ট্ৰৰ সৈতে সংযোগ স্থাপনৰ পৰিকল্পনাৰে ৰাজ্যৰ জল পৰিবহণ দিশটো চহকী কৰি তোলাৰ সপোনৰ অংশ স্বৰূপে Inland Waterways Transport (IWT)ৰ উন্নীতকৰণৰ ক্ষেত্ৰত ডিব্ৰুগড়ৰ বগীবিলত মহাবাহু ব্ৰহ্মপুত্ৰৰ বুকুত নদীৰ যাতায়তৰ ক্ষেত্ৰত এক নতুন যুগৰ সূচনা হৈ উঠিব বুলি কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে মন্তব্য কৰে ৷

বগীবিলত স্থাপন হ’বলগীয়া এই বন্দৰৰ যোগেদি অতি কম খৰছতে উজনি অসম আৰু চুবুৰীয়া ৰাজ্য দুখনৰ উপৰিও ম্যানমাৰ আদি দেশতো উৎপাদিত ভিন্ন কেঁচা সামগ্ৰী আমদানি আৰু ৰপ্তানী কৰিব পাৰিব বুলিও তেওঁ কয় । লগতে এই জাহাজ বন্দৰ নিৰ্মাণ হোৱা পাচতে নদীৰ বুকুত বৃদ্ধি পাব দেশী বিদেশী পৰ্যটক । চলিত বৰ্ষত জানুৱাৰী মাহত বাৰাণসীৰ পৰা বাংলাদেশ হৈ চাৰি হাজাৰ কিঃমিঃ জল পথ অতিক্ৰম কৰি মহাবাহু ব্ৰহ্মপুত্ৰৰ বুকুৰে ৰিভাৰ ক্ৰুজ গংগা বিলাস ডিব্ৰুগড়ত উপস্থিত হোৱা পাচতে অধিক সম্ভাৱনাময় হৈ পৰিছিল ডিব্ৰুগড়ৰ পৰা বহিঃৰাষ্ট্ৰৰ লগত নদী পথেৰে জলপথ স্থাপনৰ প্ৰক্ৰিয়াটো ।

মঙলবাৰে আনুষ্ঠানিকভাৱে এই জাহজ বন্দৰৰ শিলান্যাস কৰা অনুষ্ঠানত কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ লগতে কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী ৰামেশ্বৰ তেলী, সাংসদ প্ৰদান বৰুৱা, মন্ত্ৰী সঞ্জয় কিষাণ, পৰিমল শুক্লবৈদ্য, বিমল বৰাসহ বহু কেইজন বিধায়ক, নিগম নিগমৰ অধ্যক্ষসকল উপস্থিত থাকে ।

লগতে পঢ়ক : Assam CM in Nalbari:নলবাৰীত নতুন প্ৰকল্প মুকলি আৰু আধাৰশিলা স্থাপন মুখ্যমন্ত্ৰীৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.