মৰাণ, 5 এপ্ৰিল: ডিব্ৰুগড়ত অনুষ্ঠিত হ’ব আভ্যন্তৰীণ জল পৰিবহণ সন্মিলন(Inland Water Transport Conference in Dibrugarh) ৷ ভাৰত চৰকাৰৰ জল পৰিবহণ আৰু জাহাজ মন্ত্ৰালয়ৰ উদ্যোগত 11-12 এপ্ৰিলত দুদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হ’ব এই সন্মিলন ৷ সোমবাৰে সংবাদমেলযোগে এই কথা সদৰী কৰে কেন্দ্ৰীয় চৰকাৰৰ অধীনষ্ঠ আভ্যন্তৰীণ জল পৰিবহণ বিভাগে ৷
জিলা উপায়ুক্তৰ কাৰ্যালয়ত অনুষ্ঠিত এই সংবাদমেলত উপস্থিত থাকে ডিব্ৰুগড়ৰ উপায়ুক্ত বিশ্বজিৎ পেগু, আৰক্ষী অধীক্ষক শ্বেতাংক মিশ্ৰ, উন্নয়ন আয়ুক্ত সঞ্জয় দত্তকে ধৰি বিভাগৰ বহু কেইগৰাকী শীৰ্ষ বিষয়া তথা কৰ্মচাৰী ৷ ডিব্ৰুগড়ৰ চৌকিডিঙি খেলপথাৰ(Chowkidingi field Dibrugarh) ত অনুষ্ঠিত হ’বলগীয়া এই সন্মিলনত অংশগ্ৰহণ কৰিব ভাৰতৰ লগতে বাংলাদেশ আৰু নেপালৰ বহু প্ৰতিনিধিয়ে ৷
ৰাজ্যৰ জলপথ ব্যৱস্থাৰ অধিক সম্প্ৰসাৰণ ঘটোৱাৰ উদ্দেশ্যৰে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল(Minister Sarbananda Sonowal)ৰ নেতৃত্বত পোনপ্ৰথমবাৰৰ বাবে ৰাজ্যত অনুষ্ঠিত কৰিবলৈ আয়োজন চলিছে এনেধৰণৰ সন্মিলনৰ ৷ শদিয়াৰ পৰা ধুবুৰীলৈ থকা 891 টা জলপথত বহু সম্পদ আৰু সম্ভাৱনা থকাৰ কথা প্ৰকাশ কৰিছিল কেন্দ্ৰীয় মন্ত্ৰী সোণোৱালে ৷ ইতিমধ্যে দেশত প্ৰায় 111 টা জলপথ চিনাক্ত কৰিছে মন্ত্ৰালয়ে ৷
শেহতীয়াকৈ মহাৰাষ্ট্ৰৰ পুনেৰ পৰা মহানগৰীৰ পাণ্ডুলৈ মালবাহী কাৰ্গ’ জাহাজে সফলতাৰে যাত্ৰা সম্পন্ন কৰাৰ পিছতে অসমত জলপথৰ সম্ভাৱনা বৃদ্ধি পাইছে ৷ তদুপৰি নতুনকৈ অন্যান্য জলপথসমূহ চিনাক্তকৰণ কৰাৰ উদ্দেশ্যে এই বৃহৎ সন্মিলনখন আয়োজন কৰাৰ কথা প্ৰকাশ কৰিছে মন্ত্ৰালয়ে ৷ সমান্তৰালকৈ পাণ্ডুৰ উপৰিও গুইজান আৰু বগীবিলত মহাবাহুৰ বুকুত কাৰ্গ’ আৰু টুৰিষ্ট টাৰ্মিনেল নিৰ্মাণৰ প্ৰস্তুতি চলাইছে কেন্দ্ৰীয় চৰকাৰে ৷
লগতে চাওক: Encounter at Chirang : ডকাইতৰ গুলীত আহত আৰক্ষী বিষয়া প্ৰকাশ মেধি