ETV Bharat / state

Arup Kumar Dutta reaction: মোক সন্ত্ৰাসবাদীৰ দৰে মাৰপিট কৰিছিল; চিকিৎসালয়ৰ বিচনাৰ পৰা ক'লে অৰূপ কুমাৰ দত্তই

author img

By

Published : Jul 11, 2023, 5:44 PM IST

সন্ত্ৰাসবাদীৰ দৰে মাৰপিট কৰাৰ অভিযোগ সদৌ অসম মটক যুৱ-ছাত্ৰ সন্মিলনৰ ডিব্ৰুগড় জিলা সমিতিৰ উপদেষ্টা অৰূপ কুমাৰ দত্তৰ ৷ নাহৰসাঁকোত হোৱা এক প্ৰতিবাদী কাৰ্যসূচীত আৰক্ষীৰ প্ৰহাৰত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হোৱা অৰূপ কুমাৰ দত্ত বৰ্তমান চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে ৷

Injured Arup Kumar Dutta hospitalized in Dibrugarh
আৰক্ষীৰ প্ৰহাৰত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত ছাত্ৰ নেতা
আৰক্ষীৰ প্ৰহাৰত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত অৰূপ কুমাৰ দত্ত

ডিব্ৰুগড়, 11 জুলাই: "মোক সন্ত্ৰাসবাদীৰ দৰে মাৰপিট কৰিছিল"; চিকিৎসালয়ৰ বিচনাৰ পৰা ক'লে সদৌ অসম মটক যুৱ-ছাত্ৰ সন্মিলনৰ ডিব্ৰুগড় জিলা সমিতিৰ উপদেষ্টা অৰূপ কুমাৰ দত্তই ৷ শনিবাৰে সমষ্টি পুনৰ নিৰ্ধাৰণক লৈ নাহৰসাঁকোত হোৱা এক প্ৰতিবাদী কাৰ্যসূচীত আৰক্ষীৰ প্ৰহাৰত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হোৱা অৰূপ কুমাৰ দত্ত বৰ্তমান চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে ৷ ছাত্ৰ নেতাজনক মূৰ, কঁকাল আৰু পিঠিত উপৰ্যুপৰি আৰক্ষীয়ে প্ৰহাৰ কৰাৰ গুৰুতৰ অভিযোগ উত্থাপন হৈছে ৷

সমষ্টি পুনৰ নিৰ্ধাৰণৰ খচৰাত ডিব্ৰুগড়ৰ লাহোৱাল সমষ্টি বিলুপ্তিকৰণৰ বিৰুদ্ধে ডিব্ৰুগড়ৰ নাহৰসাঁকোত শনিবাৰে সন্ধিয়া এক প্ৰতিবাদী জোঁৰ সমদল কাৰ্যসূচী গ্ৰহণ কৰিছিল ৰাইজে ৷ কিন্তু গণতান্ত্ৰিক আন্দোলনত অংশগ্ৰহণৰ উদ্দেশ্যৰে ওলাই অহা মহিলা-পুৰুষ সকলো প্ৰতিবাদকাৰীক আৰক্ষীয়ে আক্ৰমণ চলোৱাৰ অভিযোগ তুলিছিল প্ৰতিবাদকাৰীসকলে ৷ এই প্ৰতিবাদস্থলীতে আৰক্ষীৰ প্ৰহাৰত গুৰুতৰভাৱে আহত হয় সদৌ অসম মটক যুৱ-ছাত্ৰ সন্মিলনৰ ডিব্ৰুগড় জিলা সমিতিৰ উপদেষ্টা অৰূপ কুমাৰ দত্ত ৷ আনহাতে আটক কৰাৰ পিছতো অৰূপ দত্তক আৰক্ষীয়ে থানাৰ ভিতৰত প্ৰচণ্ড মাৰপিট কৰাৰ অভিযোগ উত্থাপন কৰিছে নেতাজনে ৷

নাহৰসাঁকোত শনিবাৰে ৰূপায়ণ কৰা জোঁৰ সমদল কাৰ্যসূচীত আৰক্ষীৰ প্ৰহাৰত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত সদৌ অসম মটক যুৱ-ছাত্ৰ সন্মিলনৰ ডিব্ৰুগড় জিলা সমিতিৰ উপদেষ্টা অৰূপ কুমাৰ দত্ত ৷ সোমবাৰে হঠাৎ আহত দত্তৰ স্বাস্থ্যৰ অৱনতি ঘটাত চিকিৎসালয়ত ভৰ্তি কৰা হয় নেতা জনক ৷ জিলা প্ৰশাসনৰ তত্বাৱধানত ডিব্ৰুগড়ৰ অপেক্ষা হাস্পতালত বৰ্তমান চিকিৎসাধীন হৈ আছে ছাত্ৰ নেতা গৰাকী ৷ আৰক্ষীৰ প্ৰহাৰত নেতাজনৰ কাণৰ পৰ্দা ফাটি যোৱা বুলি অৱগত কৰিছে নেতাজনে ৷ এই ক্ষেত্ৰত তাৎক্ষণিকভাৱে এক জটিল অস্ত্ৰোপচাৰ কৰিব লাগিব বুলি জানিব পৰা গৈছে ৷

আনহাতে মূৰ, কঁকাল আৰু পিঠিতো গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈছে নেতাজন ৷ উল্লেখ্য যে, প্ৰতিবাদস্থলীৰ পৰা আটক কৰা পিছতো অৰূপ দত্তক আৰক্ষীয়ে থানাৰ ভিতৰত প্ৰচণ্ড মাৰপিট কৰাৰ অভিযোগ উত্থাপন হৈছে ৷ আৰক্ষীয়ে নগদ 35 হাজাৰ টকাসহ ম’বাইল ফোনো কাঢ়ি লোৱাৰ অভিযোগ তুলিছে ছাত্ৰ নেতাজনে ৷ ইতিমধ্য সমগ্ৰ ঘটনাক লৈ ডিব্ৰুগড়ত জিলা আয়ুক্ত গৰাকীয়ে দণ্ডাধীশ পৰ্যায়ৰ তদন্তৰ নিৰ্দেশ দিছে ৷

লগতে পঢ়ক: Constituency delimitation:সমষ্টিৰ পুনৰ নিৰ্ধাৰণৰ বিৰোধিতাৰে উত্তাল মুকালমুৱা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.