মৰাণ,28 মাৰ্চ: ডিব্ৰুগড়ত সংঘটিত হৈছে মানৱ সমাজক লজ্জানত কৰা এক ঘটনা । সম্ভ্ৰান্ত ডিব্ৰুগড় চহৰত সংঘটিত হোৱা এই ঘটনাই সৃষ্টি কৰিছে তীব্ৰ চাঞ্চল্য । পাষণ্ড পিতৃ-মাতৃয়ে জীৱন্তে গাঁতত পুতি থোৱা অৱস্থাত উদ্ধাৰ হৈছে এটি নৱজাতক । চহৰখনৰ পদুম নগৰৰ গাতৰ পৰা জীৱন্তে নৱজাতকটিক উদ্ধাৰ কৰিছে স্থানীয় লোকে। স্থানীয় লোকে জানিবলৈ দিয়া মতে, দেওবাৰে দিনৰ ভাগত নৱজাতকটিক মাটিত পুতি থোৱা স্থানটো মেকুৰীয়ে খান্দি অৱস্থাত দেখা পাইছিল ।
তাৰ পিছতে সন্দেহৱশত স্থানীয় লোকে গাতটো খন্দাৰ পিছতে নৱজাতক শিশুটোক জীৱন্তে উদ্ধাৰ কৰিবলৈ সক্ষম হয়। লগে লগে গাভৰুপথাৰ আৰক্ষী চকীক খবৰ দিয়ে স্থানীয় লোকে আৰু নৱজাতক শিশুটিক চিকিৎসাৰ বাবে অসম চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰা হয় ।
নিজৰ অবৈধ সম্পৰ্ক ঢাকি ৰাখিবলৈ শিশুটিৰ পিতৃ-মাতৃয়ে নৱজাতকটিক গাঁতত জীৱন্তে পুতি থোৱাৰ সন্দেহ প্ৰকাশ কৰিছে স্থানীয় লোকে । উদ্ধাৰ হোৱা কন্যা শিশুটিৰ জন্ম হোৱৰা এদিন বা দুদিন হোৱা বুলি জানিব পৰা গৈছে । সম্প্ৰতি সমগ্ৰ ঘটনাৰ সন্দৰ্ভত আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে ৷
লগতে পঢ়ক: মহাজোঁট বন্ধনৰ প্ৰাৰ্থী স্বপন কুমাৰ মণ্ডলৰ সৈতে বিশেষ সাক্ষাৎকাৰ