মৰাণ,21অক্টোবৰঃ ডিব্ৰুগড় জিলাৰ খোৱাং আৰক্ষী থানাৰ অন্তৰ্গত খোৱাঙৰ বাঘটলী পথাৰত দেওবাৰে সন্ধিয়া হোৱা এক ভয়ংকৰ অগ্নিকাণ্ডত ২ টাকৈ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত হয় । এই সমগ্ৰ ঘটনা সম্বন্ধে Etv Bharat ত বাতৰি প্ৰচাৰ কৰা হৈছিল।
ঘটনাটো সংঘটিত হোৱাৰ পিচতেই মঙলবাৰে মৰাণৰ বিধায়ক চক্ৰধৰ গগৈয়ে পৰিয়াল দুটাৰ ঘৰত উপস্থিত হৈ খবৰ লোৱাৰ লগতে সকলো ধৰণৰ সহায় কৰাৰ প্ৰতিশ্ৰুতি প্ৰদান কৰে ৷ তাৰ পিচতেই বুধবাৰে খোৱাং গাঁও পঞ্চায়তৰ সভাপতি শীপ্ৰা ফুকনে পৰিয়াল দুটাক ৫,০০০ টকাকৈ প্ৰদান কৰা লগতে প্ৰয়োজনীয় কাপোৰ-কানী যোগান ধৰে ।
উল্লেখ্যযোগ্য যে, দেওবাৰে সন্ধিয়া চাকি বন্তি জ্বলাই থকাৰ মাজতে বিতু বাইলুঙৰ ঘৰত প্ৰথমে জুইৰ সূত্ৰপাত হয় । মূৰ্হূততে জুইৰ লেনিহান শিখাই সমগ্ৰ ঘৰখন আগুৰি ধৰাৰ পিছত ওচৰতে থকা টুটু বাইলুঙৰ আবাসগৃহলৈ জুই বিয়পে । যাৰ ফলত বিতু বাইলুঙ আৰু টুটু বাইলুঙৰ ঘৰখন সম্পূৰ্ণৰূপে ভস্মীভূত হোৱাৰ লগতে টুটু বাইলুঙৰ ঘৰৰ সকলো আচবাব জ্বলি ভস্মীভূত হয় । ইপিনে জুই নিৰ্বাপন কৰিবলৈ গাঁৱৰ ৰাইজে অপ্ৰাণ চেষ্টা কৰে যদিও বিফল হয়। অগ্নিকাণ্ডৰ ফলত দুয়োটা গৃহতে প্ৰায় ৫ লক্ষাধিক টকাৰ সা-সম্পতি জুইত জাহ যায়।
লগতে পঢ়কঃ কাৰ্বি আংলঙত 16 টা বাঘৰ দাঁত উদ্ধাৰ