ETV Bharat / state

মৰাণত চালক সহ এক ট্ৰাক সুৰা জব্দ - জব্দ

ডিব্ৰুগড়ৰ মৰাণত আবকাৰী আৰু আৰক্ষীৰ যৌথ অভিযানত চালক সহ এক ট্ৰাক অৰুণাচলী সুৰা জব্দ কৰে । ইতিমধ্যে আবকাৰী বিভাগে মৰাণ আৰক্ষী থানাত উক্ত ঘটনাৰ বিৰুদ্ধে এটা গোচৰ ৰুজু কৰে ।

মৰাণত চালক সহ এক ট্ৰাক সুৰা জব্দ
author img

By

Published : Jul 26, 2019, 9:49 AM IST

ডিব্ৰুগড়, ২৬ জুলাইঃ

  • ডিব্ৰুগড়ৰ মৰাণত চালক সহ এক ট্ৰাক অৰুণাচলী সুৰা জব্দ
  • মৰাণ আৰক্ষী আৰু আবকাৰীয়ে জব্দ কৰে সুৰাখিনি
  • এ এছ ০১ টি ৮৯৪১ নম্বৰৰ ট্ৰাকখনৰ পৰা জব্দ কৰে
  • চালক জনৰ নাম ললিত বৰদলৈ (৫৩)
  • উক্ত ঘটনাৰ বিৰুদ্ধে আবকাৰী বিভাগে ২৯/২০১৯ নং গোচৰ পঞ্জীয়ন কৰে
  • ইতিমধ্যে চালক ললিত বৰদলৈক গ্ৰেপ্তাৰ কৰি ডিব্ৰুগড় আদালতত হাজিৰ কৰে আৰক্ষীয়ে

ডিব্ৰুগড়, ২৬ জুলাইঃ

  • ডিব্ৰুগড়ৰ মৰাণত চালক সহ এক ট্ৰাক অৰুণাচলী সুৰা জব্দ
  • মৰাণ আৰক্ষী আৰু আবকাৰীয়ে জব্দ কৰে সুৰাখিনি
  • এ এছ ০১ টি ৮৯৪১ নম্বৰৰ ট্ৰাকখনৰ পৰা জব্দ কৰে
  • চালক জনৰ নাম ললিত বৰদলৈ (৫৩)
  • উক্ত ঘটনাৰ বিৰুদ্ধে আবকাৰী বিভাগে ২৯/২০১৯ নং গোচৰ পঞ্জীয়ন কৰে
  • ইতিমধ্যে চালক ললিত বৰদলৈক গ্ৰেপ্তাৰ কৰি ডিব্ৰুগড় আদালতত হাজিৰ কৰে আৰক্ষীয়ে
Intro:
ডিব্ৰুগড মৰাণত যোৱা নিশা আৱকাৰীয়ে ১২ লাখ ৫০ হাজাৰোধিক মুল্যৰ এক ট্ৰাক অৰুণাচলী সুৰা জব্দ কৰা কাণ্ডত সন্তুষ্টি প্ৰকাশ কৰিছে মৰাণৰ সচেতন মহলে ৷ সুৰা খিনি এ এছ ০১ টি ৮৯৪১ নম্বৰৰ ট্ৰাকখনেৰে অৰুণাচলৰ বান্দৰদুৱাৰ বন্দৰ পৰা শিৱসাগৰলৈ আনি থকা তথ্য এক গোপন সূত্ৰে ডিব্ৰুগড় আবকাৰীয়ে লাভ কৰাত আবকাৰী লোকে গাড়ীখনৰ পিছ লয় ৷ ডিব্ৰুগড় আবকাৰীয়ে মৰাণ থানাৰ আৰক্ষী আৰু মৰাণৰ আৰক্ষীক খবৰ দিয়াত মৰাণৰ আৰক্ষী আৰু আবকাৰীয়ে সহযোগ কৰে ৷ ডিব্ৰুগড় জিলাৰ মৰাণ থানাৰ সন্মুখৰ ৩৭ নং ৰাষ্ট্ৰীয় ঘাই পথৰ ওপৰত চেক গেট বহাই নিশা প্ৰায় ১১.১৫ বজাত ১১২০ কেছ সুৰা ভৰ্তি ট্ৰাকখন জব্দ কৰে আৰু ট্ৰাক চালক নগাঁও জিলাৰ ৰহা দীঘলীয়াটি লাওফুলাবাৰী নিবাসী ডিম্বেশ্বৰ বৰদলৈৰ পুত্ৰ ললিত বৰদলৈ(৫৩)ক আটক কৰে । সুৰাখিনি অৰুণাচলৰ পৰা নামচাইলৈ নিবলৈ অনুজ্ঞপত্ৰ আছিল যদিও নামচাইলৈ নগৈ শিৱসাগৰলৈ আনি আছিল অবৈধভাৱে বান্দৰদুৱাৰ বন্দৰ মালিকৰ নিৰ্দ্দেশত ।বান্দৰদুৱাৰ মালিক কোন সেই তথ্য আৱকাৰী বিভাগে এতিয়াও সদৰি কৰা নাই সাংবাদিকৰ আগত ৷ উক্ত সুৰা ভৰ্তি ট্ৰাকখনৰ আগে -পাছে যোৱা দুখন বাহনত পহৰাদাৰী দল আছিল বুলি জানিব পৰা গৈছে যদিও আবকাৰী আৰু আৰক্ষীয়ে উক্ত বাহন দুখন জব্দ কৰিবলৈ সক্ষম নহ'ল । উক্ত ইন'ভাৰ আৰু স্ক'পিঅ' গাড়ীতে পহৰাধাৰী দলৰ মাজত অবৈধ সুৰা বেপাৰী আছিল বুলি অনুমান কৰা হৈছে । মৰাণত ট্ৰাকখন জব্দ কৰাৰ সময়তে অবৈধ সুৰা বেপাৰীয়ে আৱকাৰী আৰু আৰক্ষীৰ চকুত ধূলি দি পলাই যায় । মৰাণ আবকাৰী বিভাগে আজি ২৯/২০১৯ নং গোচৰ পঞ্জীয়ন কৰি আবকাৰী বিভাগৰ ৫৩ (এ) ধাৰাত সুৰা ভৰ্তি ট্ৰাকসহ চালক ললিত বৰদলৈক গ্ৰেপ্তাৰ কৰি ডিব্ৰুগড় আদালতত হাজিৰ কৰায়।


Body:ঐConclusion:ঐ
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.