ডিব্ৰুগড়,16 মাৰ্চঃ শনিবাৰে ডিব্ৰুগড়ৰআমোলাপট্টী চাৰিআলিস্থিত কেইবাটাও স্থানত আবকাৰী বিভাগে উচ্ছেদ কৰে চুলাই মদৰ ঘাটি ৷ অভিযানত প্ৰায় 350 লিটাৰ দেশী-বিদেশী সুৰা জব্দ কৰা হয়৷
সচেতন ৰাইজে বহুদিনৰে পৰা প্ৰশাসনক অবৈধ মদৰ ব্যৱসায়ৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ বাবে দাবী জনাই আহিছিল যদিও প্ৰশসন তথা আবকাৰী বিভাগে গুৰুত্ব নিদিয়াৰ্ভিযোগ উত্থাপন হৈছিল ৷ চহৰখনত মদৰ ঘাটি উচ্ছেদ কৰাত সন্তুষ্টি প্ৰকাশ কৰিছে ৰাইজে ৷