ETV Bharat / state

লাহোৱালৰ ডিকমত জব্দ বৃহৎ পৰিমাণৰ সুৰা

author img

By

Published : Mar 16, 2021, 4:54 PM IST

বিধানসভাৰ প্ৰথম পৰ্যায়ৰ নিৰ্বাচনৰ প্ৰাকক্ষণত ভোটাৰক আকৰ্ষিত কৰিবলৈ দেশীয় আৰু বিলাতী সুৰাখিনি মজুত কৰি ৰখা হৈছিল বুলি জানিব পৰা হৈছে ৷

illegal-wine-seized-in-lahowal
লাহোৱালৰ ডিকমত জব্দ বৃহৎ পৰিমাণৰ সুৰা

ডিব্ৰুগড়,16 মাৰ্চ: ডিব্ৰুগড় জিলাৰ লাহোৱাল বিধানসভা সমষ্টিৰ অন্তৰ্গত ডিকমৰ নাহৰচুক গাঁৱত মঙলবাৰে আৰক্ষীয়ে বৃহৎ পৰিমাণৰ সুৰা জব্দ কৰে । লাহোৱাল আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া অনুপম গোৱালা আৰু ডিকম আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া বুবুল সোণোৱালৰ নেতৃত্বত এটা দলে জব্দ কৰে সুৰাখিনি । আৰক্ষী সূত্ৰে জানিব পৰা মতে, সুৰাখিনিৰ মূল্য প্ৰায় ৬০-৭০ হাজাৰ টকা হ'ব ।

লাহোৱালৰ ডিকমত জব্দ বৃহৎ পৰিমাণৰ সুৰা

নিকৃষ্ট ৰাজনীতি কৰি ভোটাৰক আকৰ্ষিত কৰিবলৈ এনেদৰে দেশীয় আৰু বিলাতী সুৰাখিনি মজুত কৰি ৰখা হৈছিল বুলি জানিব পৰা হৈছে ৷ এতিয়া প্ৰশ্ন হ'ল, কোনে এই সুৰাখিনি নিৰ্বাচনৰ বাবে মজুত কৰি ৰাখিছিল । বিধানসভাৰ প্ৰথম পৰ্যায়ৰ নিৰ্বাচনৰ প্ৰাকক্ষণত ৰাজ্যৰ বিভিন্ন অঞ্চলত প্ৰায় প্ৰতিদিনেই সুৰা আৰু লাখ লাখ টকা জব্দ হৈছে ।

লগতে পঢ়ক: পৰ্যটকৰ বাবে বৃদ্ধি হ'ব পাৰে তাজমহলৰ টিকটৰ মূল্য !

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.