ETV Bharat / state

অইলৰ কৰ্মচাৰীৰ বিপণীত ওলাল বিলাতী সুৰা

author img

By

Published : Jul 5, 2021, 2:30 PM IST

নামৰূপৰ উপ আৰক্ষী অধীক্ষক (Deputy superintendent of police)নৱ কুমাৰ বৰাৰ নেতৃত্বত দুলীয়াজান আৰক্ষী থানাৰ উপ পৰিদৰ্শক (Sub Inspector)আভাজ্যোতি ৰাভাসহ আৰক্ষীৰ এটা দলে চলাই এই অভিযান ৷ আৰক্ষীৰ দলটোৱে দুলীয়াজান চেণ্ট্ৰেল নামঘৰৰ সমীপৰ সৰুপথাৰ বঙালী গাঁৱৰ বাসিন্দা তথা অইলৰ প্ৰডাকচন বিভাগৰ কৰ্মচাৰী শংকৰ গোৱালা আৰু অইলৰ অৱসৰপ্ৰাপ্ত কৰ্মচাৰী যুগল গগৈৰ বাসগৃহৰ পৰা চোৰাং বিলাতী সুৰাখিনি জব্দ কৰে ।

অইলৰ কৰ্মচাৰীৰ গেলামালৰ দোকানত ওলাল বিলাতী সুৰা

মৰাণ, 5 জুলাই : মিনি লক ডাউন (Mini Lockdown)ৰ মাজতে দেওবাৰে দুলীয়াজানৰ এজন অইলৰ কৰ্মচাৰী (Oil Employee)ৰ গেলামালৰ দোকানৰ পৰা আৰক্ষীয়ে চোৰাং বিলাতী সুৰা (Wine) জব্দ কৰে । দুলীয়াজান চেণ্ট্ৰেল নামঘৰৰ সমীপৰ সৰুপথাৰ বঙালী গাঁৱত আৰক্ষীয়ে চলায় এই অভিযান ৷ অভিযান সময়ত আৰক্ষীৰ দলটোৱে বহু পৰিমাণৰ অবৈধ বিলাতী সুৰাৰ বটল জব্দ কৰে ।

নামৰূপৰ উপ আৰক্ষী অধীক্ষক (Deputy superintendent of police)নৱ কুমাৰ বৰাৰ নেতৃত্বত দুলীয়াজান আৰক্ষী থানাৰ উপ পৰিদৰ্শক (Sub Inspector) আভাজ্যোতি ৰাভাসহ আৰক্ষীৰ এটা দলে চলাই এই অভিযান ৷ আৰক্ষীৰ দলটোৱে দুলীয়াজান চেণ্ট্ৰেল নামঘৰৰ সমীপৰ সৰুপথাৰ বঙালী গাঁৱৰ বাসিন্দা তথা অইলৰ প্ৰডাকচন বিভাগৰ কৰ্মচাৰী শংকৰ গোৱালা আৰু অইলৰ অৱসৰপ্ৰাপ্ত কৰ্মচাৰী যুগল গগৈৰ বাসগৃহৰ পৰা চোৰাং বিলাতী সুৰাখিনি জব্দ কৰে । জানিব পৰা মতে, শংকৰ গোৱালাৰ পত্নী বাবলী গোৱালাই আবিদুৰ ৰহমানৰ সহযোগত আৰু যুগল গগৈয়ে বাসগৃহৰ সন্মুখৰ গেলামাল দোকানত এই অবৈধ সুৰাৰ ব্যৱসায় চলাই অহাৰ অভিযোগত তিনিওকে আৰক্ষীয়ে আটক কৰে ।

ইফালে টেঙাখাট ৰাজহ চক্ৰৰ সহকাৰী চক্ৰ বিষয়া (Associate Circle Officer) প্ৰিয়ংকা গগৈৰ উপস্থিতিত চলোৱা এই অভিযানত ক'ভিড প্ৰ'টকল (Covid Protocol) 144 ধাৰা ভংগ কৰাৰ অপৰাধত দুয়োখন গেলামালৰ দোকান প্ৰশাসনে সাতদিনলৈ বন্ধ কৰি দিয়ে ।

আনহাতে শুকুৰবাৰে ডিব্ৰুগড় জিলাৰ নাহৰকটীয়াত আৰক্ষীয়ে অভিযান চলাই প্ৰায় ১২ গ্ৰাম হেৰ'ইন আৰু ব্ৰাউন চুগাৰ (Brown Sugar) জব্দ কৰে ৷ নাহৰকটীয়া আৰক্ষীয়ে নাহৰকটীয়া ৰে’লগেটৰ সমীপত অভিযান চলাই য়াছিন খান নামৰ এজন ড্ৰাগছ আসক্ত যুৱকক আটক কৰাৰ লগতে প্ৰায় ৫ গ্ৰাম নিষিদ্ধ হেৰ'ইন (Heroin Drug) জব্দ কৰে । য়াছিন খানৰ স্বীকাৰোক্তিৰ ভিত্তিত আৰক্ষীয়ে নাহৰকটীয়া ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়ৰ সমীপৰ ঋষিকেশ ডোগ্ৰা নামৰ যুৱকজনৰ বাসগৃহৰ পৰা প্ৰায় ৭ গ্ৰাম ব্ৰাউন চুগাৰ (Brown Sugar)জব্দ কৰে ।

লগতে পঢ়ক : মূল্যাংকন পদ্ধতিৰ বিৰুদ্ধে সৰৱ ছাত্ৰ মুক্তি সংগ্ৰাম সমিতি

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.