ETV Bharat / state

Illegal sand mining: বন বিভাগৰ ছত্ৰছায়াতে অবৈধ বালি খননৰ অভিযোগ

ডিব্ৰুগড়ত বন বিভাগৰ ছত্ৰছায়াত চলিছে অবৈধ বালি খনন(Illegal sand mining at Dibrugarh) । ধমন কেন্দুগুৰিত বুঢ়ীদিহিং নদীৰ বুকুত চলিছে এই অবৈধ বালি খনন কাৰ্য । এই অবৈধ বালি খনন কাৰ্য বন্ধ কৰিবলৈ ওলাই আহিছে অঞ্চলটোৰ কেইবাখনো গাঁৱৰ সচেতন যুৱক ।

Illegal sand mining at Dibrugarh
বন বিভাগৰ ছত্ৰছায়াত চলিছে অবৈধ বালি খনন চলাৰ অভিযোগ
author img

By

Published : Nov 20, 2022, 3:03 PM IST

ডিব্ৰুগড়,২০ নৱেম্বৰ: মুখ্যমন্ত্ৰীৰ কঠোৰ নিৰ্দেশৰ পাছতো গা লৰা নাই ডিব্ৰুগড়ৰ বন বিভাগৰ । ডিব্ৰুগড়ত বন বিভাগৰ ছত্ৰছায়াতে চলিছে ধমন কেন্দুগুৰিত বুঢ়ীদিহিং নদীৰ বুকুত অবৈধ বালি খনন কাৰ্য(Illegal sand mining at Dibrugarh) । এই অভিযোগ স্থানীয় লোকৰ । যাৰ ফলত এক বৃহত্তৰ অঞ্চলৰ ৰাইজৰ জীৱনৰ বাবে ভাবুকি আহি পৰিছে । এই অবৈধ বালি খনন কাৰ্য বন্ধ কৰিবলৈ ওলাই আহিছে অঞ্চলটোৰ কেইবাখনো গাঁৱৰ সচেতন যুৱক ।

বন বিভাগৰ ছত্ৰছায়াতে অবৈধ বালি খননৰ অভিযোগ

ডিব্ৰুগড় জিলা বন সংমণ্ডলৰ অন্তৰ্গত খোৱাং আঞ্চলিক বন বিষয়া কাৰ্যালয়ৰ অধীনস্থ ডিব্ৰুগড় জিলাৰ টিংখাং বিধানসভা সমষ্টিৰ ধমন কেন্দুগুৰিত বুঢ়ীদিহিং নদীৰ বুকুত চলিছে এই অবৈধ বালি খনন কাৰ্য । বুঢ়ীদিহিঙৰ বুকুত বন বিভাগৰ অধীনত বৈধভাৱে ৩১ নং বালি মহলটোৰ বড়া উপাধিধাৰী এজন ব্যক্তিৰ নামত নিবিদা আছে যদিও সেই মহলদাৰজনে বালি খনন কাৰ্য চলাইছে এক বিৰ্তকৰ মাজত সোমাই থকা ২৮ নং বালি মহলত ।

যিটো বালি মহল বন বিভাগৰ নীতি-নিয়মৰ মাজেৰে গৈ মহামান্য ন্যায়ালয়ৰ দ্বাৰস্থ হৈ বন্ধ হৈ আছে । খোৱাং আঞ্চলিক বন বিষয়া কাৰ্যালয়ৰ বনকৰ্মীৰ চকুৰ আগতে ৩১ নং বৈধ বালি মহলত বালি খনন কাৰ্য নচলাই ন্যায়ালয়ত বিচাৰ চলি থকা ২৮ নং বালি মহলত বালি খনন কাৰ্য চলাই থকাৰ পাছতো বন বিভাগে চকুমুদা কুলিৰ ভাও ধৰাত ক্ষুব্ধ হৈ পৰিছে অঞ্চলটোৰ ৰাইজ । এই অবৈধ বালি খনন কাৰ্যই বুঢ়ীদিহিং নদীৰ মথাউৰিৰ প্ৰতিও ভাবুকি আনিছে বুলি অভিযোগ স্থানীয় লোকৰ ।

তাৰোপৰি এই অবৈধ খনন কৰি বিভিন্ন ঠাইলৈ বালি নি থকাৰ বাবে আঘোণীবাৰী অঞ্চলৰ পথ ধূলিময় হৈ পৰিছে । বালি কঢ়িওৱা ধূলিময় পথত পানী দি ধূলি নাইকিয়া কৰিব লাগে যদিও মহলদাৰে সেই কাৰ্য কৰা নাই বুলি অভিযোগ তুলিছে স্থানীয় ৰাইজে । বালি মহল বন্ধ কৰিবলৈ যোৱাত মহলৰ কৰ্মচাৰী আৰু স্থানীয় সচেতন লোকৰ মাজত এই ঘটনাক লৈ সৃষ্টি হয় এক উত্তপ্ত তৰ্ক-বিৰ্তক । স্থানীয় লোকৰ প্ৰতিবাদৰ বাবে খোৱাং আঞ্চলিক বন বিভাগৰ এটি দল গৈ ঘটনাস্থলীত উপস্থিত হয় আৰু ২৮ নং বালি মহলত খনন কাৰ্য বন্ধ কৰি ৩১ নং বালি মহলৰ চাৰিসীমা দেখুৱাই দিয়ে ।

লগতে পঢ়ক: Raasleela 2022: দৈৱকীৰ ৰূপত বেহাৰবাৰী আউটপষ্টৰ তৰামাই

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.