ETV Bharat / state

নাহৰকটীয়াত অবৈধ বালিৰ ৰমৰমীয়া বেহাঃ নিষ্ক্ৰিয় বন বিভাগ - নাহৰকটীয়া চাচনীৰ গছপুৰীয়া ঘাট

ৰাজ্যৰ বন মন্ত্ৰী পৰিমল শুক্লবদ্যৰ নাম বিতৰ্কত সোমাই পৰিছে৷ অভিযোগ অনুসৰি মন্ত্ৰীগৰাকীৰ পৃষ্ঠপোষকতাত ৰাজ্যৰ ভিন্ন প্ৰান্তত নিৰ্বিঘ্নে চলিছে শিল, বালিৰ অবৈধ ব্যৱসায়।

Naharkatia
বন মন্ত্ৰী পৰিমল শুক্লবদ্য
author img

By

Published : Dec 31, 2019, 10:26 AM IST

Updated : Dec 31, 2019, 11:31 AM IST

নাহৰকটীয়া, 31 ডিচেম্বৰঃ ৰাজ্যৰ সোপাঢিলা মন্ত্ৰীৰ তালিকাত অন্তৰ্ভুক্ত হৈছে আন এগৰাকী মন্ত্ৰীৰ নাম। এই মন্ত্ৰী গৰাকী আন কোনো নহয়,বৰঞ্চ পৰিৱেশ আৰু বনমন্ত্ৰী পৰিমল শুক্লবৈদ্য ৷ শুক্লবৈদ্যৰ হাতত আছে বন আৰু আৱকাৰীৰ দৰে দুটাকৈ গুৰুত্বপূৰ্ণ বিভাগ। আবকাৰী বিভাগত মন্ত্ৰীজনে কিছু কাম কৰিবলৈ সক্ষম হৈছে যদিও গুৰুত্বপূৰ্ণ বন বিভাগটো পৰিচালনা কৰাৰ ক্ষেত্ৰত চূড়ান্ত ব্যৰ্থতা দেখুৱাৰ অভিযোগ উত্থাপিত হৈছে। অভিযোগ অনুসৰি মন্ত্ৰীগৰাকীৰ পৃষ্ঠপোষকতাত ৰাজ্যৰ ভিন্ন প্ৰান্তত নিৰ্বিঘ্নে চলিছে শিল,বালিৰ অবৈধ ব্যৱসায়।

নাহৰকটীয়াত অবৈধ বালিৰ ৰমৰমীয়া বেহা

ডিব্ৰুগড় জিলাৰ জয়পুৰ বৰ্ষাৰণ্যৰ নিচেই সমীপতে বুঢ়ীদিহিঙৰ বুকুত এচাম লোকে জেচিবি আৰু ডাম্পাৰ নমাই চলাই আছে বালিৰ ৰমৰমীয়া ব্যৱসায়। উল্লেখ্য যে বৰ্ষাৰণ্যৰ চাৰিওকাষে 5 কিঃমিঃ ব্যৱধানত 'ইক চেনচিটিভ জ'ন'ৰ চূড়ান্ত ঘোষণা নোহোৱা পৰ্যন্ত 'ৰেইন ফৰেষ্ট এক্ট' অনুসৰি বৰ্তমানেও বৰ্ষাৰণ্যৰ 10 কিঃমিঃ পৰ্যন্ত কোনো ধৰণৰ খনন কাৰ্য চলাব নোৱাৰে৷ সেয়ে এচামে বন বিভাগৰ লগত ভিতৰুৱা বুজাবুজিৰ জৰিয়তে বালিৰ অবৈধ ব্যৱসায়েৰে নিতৌ লাখ লাখ টকা উপাৰ্জন কৰিছে সেইয়া ধূৰূপ ।

উল্লেখ্য যে 2017 চনতে অসম চৰকাৰে নদীজাত সামগ্ৰী উত্তোলনৰ ক্ষেত্ৰত ই-নিবিদা ব্যৱস্থা প্ৰৱৰ্ত্তন কৰাৰ কথা বাজেটত ঘোষণা কৰিছিল ৷ কিন্তু মন্ত্ৰী পৰিমল শুক্লবৈদ্যৰ গা এৰা মনোভাৱৰ বাবেই উক্ত ব্যৱস্থাৰো প্ৰবৰ্তন নহ'ল,যাৰ সুযোগ লৈছে এচাম অসাধু ব্যৱসায়ীয়ে। আনহাতে নাহৰকটীয়া চাচনীৰ গছপুৰীয়া ঘাটৰ পৰাও নিতৌ কঢ়িয়াই থকা হৈছে ড্ৰাম্পাৰে ড্ৰাম্পাৰে বালি ৷ মুখ্যমন্ত্ৰীৰ গৃহ জিলাৰ বিভিন্ন অংশত এনেকৈ বালিৰ লুণ্ঠন কাৰ্য চলি আছে যদিও ধন লোভী বন বিভাগৰ বিষয়া কৰ্মচাৰীয়ে ধন উদৰস্থ কৰাৰ স্বাৰ্থতেই এনে লুণ্ঠন কৰ্ম দেখিও চকু মুদা কুলিৰ ভাও জুৰাৰ অভিযোগ উত্থাপিত হৈছে। পিছে মুখ্য কথাটো হ'ল গৃহস্থই যেতিয়া কুম্ভকৰ্ণ নিদ্ৰাত তেন্তে চোৰ নো নোসোমাব কিয় ?

লগতে পঢ়ক - প্ৰধানমন্ত্ৰীৰ চৰকাৰী বাসগৃহত অগ্নিকাণ্ড

Intro:নাহৰকটীয়াত অবৈধ বালিৰ ৰমৰমীয়া বেহাঃ
নিষ্ক্ৰিয় বন বিভাগঃ

  ৰাজ্যৰ সোপাঢিলা মন্ত্ৰীৰ তালিকাত অন্তৰ্ভুক্ত হৈছে আন এগৰাকী মন্ত্ৰীৰ নাম। সোপাঢিলা এই মন্ত্ৰী গৰাকী আন কোনো নহয়, তেওঁ হৈছে পৰিবেশ আৰু বনমন্ত্ৰী পৰিমল শুক্লবৈদ্য। RSS ৰ পুৰণি সদস্য হোৱাৰ বাবেই হৈটো পৰিমল শুক্লবৈদ্যৰ হাতত আছে বন আৰু আবকাৰীৰ দৰে দুটাকৈ গুৰুত্বপূৰ্ণ বিভাগ। আৱকাৰী বিভাগত মন্ত্ৰীজনাই কিছু কাম কৰিবলৈ সক্ষম হৈছে যদিও গুৰুত্বপূৰ্ণ বন বিভাগটো পৰিচালনা কৰাৰ ক্ষেত্ৰত দেখুৱাইছে চূড়ান্ত ব্যৰ্থতা। মন্ত্ৰীগৰাকীৰ সোপাঢিলা স্বভাৱৰ বাবেই ৰাজ্যত বিভিন্ন প্ৰান্তত নিৰ্বিঘ্নে চলি আছে শিল,বালিৰ অবৈধ ব্যৱসায়। এইয়া চাওঁক ডিব্ৰুগড় জিলাৰ জয়পুৰ বৰ্ষাৰণ্যৰ নিছেই সমীপতে বুঢ়ীদিহিঙৰ বুকুত এচামে JCB, DUMPER নমাই চলাই আছে বালিৰ ৰমৰমীয়া ব্যৱসায়। উল্লেখ্য যে ৰেইন ফৰেষ্টৰ চাৰিওকাষে ৫কিমি ব্যৱধানত ইক চেনচিটিভ জোনৰ চূড়ান্ত ঘোষণা নোহোৱা পৰ্যন্ত ৰেইন ফৰেষ্ট এক্ট অনুহৰি বৰ্তমানেও বৰ্ষাৰণ্যৰ ১০ কিমি পৰ্যন্ত কোনো ধৰণৰ খনন কাৰ্য চলাব নোৱাৰে৷ ইফালে সম্প্ৰীতি অসমত এটাও অনুজ্ঞাপত্ৰ বালিৰ মহল নাই। সেয়ে এচামে বন বিভাগৰ লগত ভিতৰুৱা বুজাবুজিৰ জৰিয়তে বালিৰ অবৈধ ব্যৱসায়েৰে নিতৌ লাখ লাখ টকা উপাৰ্জন কৰিছে সেইয়া ধূৰূপ। ২০১৭ চনতে অসম চৰকাৰে নদীজাত সামগ্ৰী উত্তোলনৰ ক্ষেত্ৰত ই-নিবিদা ব্যৱস্থা প্ৰৱৰ্ত্তন কৰাৰ কথা বাজেতত ঘোষণা কৰিছিল যদিও সোপাঢিলা মন্ত্ৰী পৰিমল শুক্লবদ্যৰ গা এৰা মনোভাৱৰ বাবেই উক্ত ব্যৱস্থাৰো প্ৰবৰ্তন ন'হল। যাৰ সুযোগ লৈছে এচাম অসাধু ব্যৱসায়ীয়ে।আনহাতে নাহৰকটীয়া চাচনীৰ গছপুৰীয়া ঘাটৰ পৰাও নিতৌ কঢ়িয়াই থকা হৈছে ড্ৰাম্পাৰে ড্ৰাম্পাৰে বালি৷ মুখ্যমন্ত্ৰীৰ গৃহজিলাৰ বিভিন্ন অংশত এনেকৈ বালিৰ লুণ্ঠন কাৰ্য চলি আছে যদিও কমিছন লোভী বন বিভাগৰ বিষয়া কৰ্মচাৰীয়ে নিজৰ পকেট গৰম কৰাৰ স্বাৰ্থতেই এনে লুণ্ঠন কৰ্ম দেখিও চকু মুদা কুলিৰ ভাও জুৰিছে। পিছে মুখ্য কথাটো হ'ল গৃহস্থই যেতিয়া কোম্ভ কৰ্ণ নিদ্ৰাত তেন্তে চোৰ নো নোসোমাব কিয় ?

Byte: ট্ৰাক ড্ৰাইভাৰ

Byte: Mridupawan Phukan, পৰিৱেশ সুৰক্ষা কৰ্মী৷Body:DOConclusion:DO
Last Updated : Dec 31, 2019, 11:31 AM IST
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.