ETV Bharat / state

টিংখাঙত সুলভ মূল্যৰ চাউল বিতৰণত ব্যাপক দুৰ্নীতিৰ অভিযোগ - ৰাজগড়

টিংখাঙৰ ৰাজগড় পঞ্চায়তৰ অন্তৰ্গত মহখোৱা গাঁৱত ৰাষ্ট্ৰীয় খাদ্য সুৰক্ষা আইনৰ অধীনত দৰিদ্ৰ সীমাৰেখাৰ তলৰ হিতাধিকাৰী বাবে আবণ্টিত চাউল আৰু কেৰাচিন তেল বিতৰণত ব্যাপক দুৰ্নীতিৰ অভিযোগ স্থানীয় ৰাইজৰ ৷ এই কাণ্ডত ক্ষুদ্ধ হৈ স্থানীয় ৰাইজে এজেন্ট জনৰ ঘৰ ঘেৰাও কৰি উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰে ।

ETV BHARAT
টিংখাঙত সুলভ মূল্যৰ চাউল বিতৰণত ব্যাপক দুৰ্নীতিৰ অভিযোগ
author img

By

Published : Apr 28, 2020, 12:40 PM IST

টিংখাং, 28 এপ্ৰিলঃ ডিব্ৰুগড় জিলাৰ টিংখাঙত সুলভ মূল্যৰ চাউল বিতৰণত ব্যাপক দুৰ্নীতিৰ অভিযোগ স্থানীয় ৰাইজৰ । সোমধৰ খাটনিয়াৰ নামৰ এজেন্ট জনে দীৰ্ঘদিন ধৰি দৰিদ্ৰ লোকসকলৰ আবন্টিত চাউল আৰু কেৰাচিন তেল ক'লা বজাৰত বিক্ৰী কৰাৰ অভিযোগ স্থানীয় ৰাইজৰ ৷

টিংখাঙত সুলভ মূল্যৰ চাউল বিতৰণত ব্যাপক দুৰ্নীতিৰ অভিযোগ

টিংখাঙৰ ৰাজগড় পঞ্চায়তৰ অন্তৰ্গত মহখোৱা গাঁৱত ৰাষ্ট্ৰীয় খাদ্য সুৰক্ষা আইনৰ অধীনত দৰিদ্ৰ সীমাৰেখাৰ তলৰ হিতাধিকাৰী বাবে আবণ্টিত চাউল হৰলুকী কৰি অহাৰ অভিযোগ এজেণ্টৰ বিৰুদ্ধে । উল্লেখ্য যে,মহখোৱা গাঁৱৰ সোমধৰ খাটনিয়াৰ নামৰ এজেন্টজনে দীৰ্ঘদিন ধৰি দৰিদ্ৰ লোক সকলক চাউল আৰু কেৰাচিন তেল বিতৰণৰ ক্ষেত্ৰত ব্যাপক অনিয়মৰ আশ্ৰয় লৈ আহিছে বুলি হিতাধিকাৰী সকলে অভিযোগ তুলিছে । অভিযুক্ত এজেন্ট জনে প্ৰতিজন হিতাধিকাৰীৰ পৰা ২-৩ কেজি কৈ চাউল কাটি ৰাখি দীৰ্ঘদিনে সেই সমূহ চাউলৰ চোৰাং ব্যৱসায় চলাই আহিছে বুলি অভিযোগ তুলিছে স্থানীয় ৰাইজে। আনহাতে, কেৰাচিন তেল বিতৰণৰ ক্ষেত্ৰতো ধুৰন্ধৰ ব্যৱসায়ী জনে ব্যাপক দুৰ্নীতি সংঘটিত কৰি আহিছে বুলি স্থানীয় ৰাইজে অভিযোগ কৰিছে । এই অভিযোগ অনুসৰি আদিবাসী ছাত্ৰ সন্থা টিংখাং আঞ্চলিক সমিতিৰ সদস্য সকলে এজেন্ট জনৰ লাইচেঞ্চ কৰ্তন কৰিবলৈ দাবী জনায় । আনহাতে, এজেন্ট জনৰ এই কাৰ্যৰ বিৰুদ্ধে ক্ষুদ্ধ হৈ স্থানীয় ৰাইজে এজেন্ট জনৰ ঘৰ ঘেৰাও কৰি উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰে ।

লগতে পঢ়ক- বৰনদীৰ মথাউৰি নিৰ্মাণৰ কাম অসম্পূৰ্ণ শংকিত নৈ পৰিয়া ৰাইজ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.