ETV Bharat / state

মৰাণত টাটা ইণ্ডিকাৰ পৰা উদ্ধাৰ চোৰাং গৰু - মৰাণত টাটা ইণ্ডিকাৰ পৰা জব্দ চোৰাং গৰু

টাটা ইণ্ডিকাখনত অতি নিদাৰুণভাৱে ভৰাই অনা দুজনীকৈ গাই গৰু আৰক্ষীয়ে উদ্ধাৰ কৰাৰ লগতে গাড়ীখন জব্দ কৰে ৷

উদ্ধাৰ চোৰাং গৰু
উদ্ধাৰ চোৰাং গৰু
author img

By

Published : Mar 2, 2020, 10:32 AM IST

মৰাণ, ২ মাৰ্চঃ ডিব্ৰুগড় আৰু চৰাইদেউ জিলাৰ সীমামূৰীয়া মৰাণ অঞ্চলত শেহতীয়াকৈ বৃদ্ধি পাইছে গৰু চোৰৰ উপদ্ৰপ ৷ সোমবাৰে পুৱতি নিশা মৰাণ আৰক্ষীয়ে জব্দ কৰে চুৰি গৰুসহ এখন টাটা ইণ্ডিকা গাড়ী ৷ ডিব্ৰুগড় জিলাৰ মৰাণ আৰক্ষীৰ এটা টহলদাৰী দলে মৰাণ-নাহৰকটীয়া গড়কাপ্তানী পথেদি মৰাণৰ দিশে আহি থকা AS-04H-6168 নম্বৰৰ ইণ্ডিকা ভিষ্টা গাড়ীখন সন্দেহবশত ৰখাবলৈ চেষ্টা কৰে ৷ কিন্তু সমুখত আৰক্ষীক দেখি পূৰ্বেই দুটাকৈ গৰুচোৰে গাড়ী এৰি পলায়ন কৰে ৷ আৰক্ষীয়ে চোৰ দুটাক অনুকৰণ কৰে যদিও কৰায়ত্ব কৰিবলৈ সক্ষম নহয় ৷

উদ্ধাৰ চোৰাং গৰু

লগতে পঢ়কঃ বিগত দিনত হেম ভৰালীৰ চিকিৎসাৰ খৰচ বহন নেমকেয়াৰ হাস্পতালৰ

অৱশ্যে গাড়ীখনত অতি নিদাৰুণভাৱে ভৰাই অনা দুজনীকৈ গাই গৰু আৰক্ষীয়ে উদ্ধাৰ কৰাৰ লগতে গাড়ীখন জব্দ কৰে ৷ উল্লেখ্য যে, চলিত বৰ্ষৰ ২৮ ফেব্ৰুৱাৰীত গৰু চুৰিক কেন্দ্ৰ কৰি চৰাইদেউ জিলাৰ মৰাণ ৰাঙলীত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হোৱাৰ পাছত আৰক্ষীয়ে শূণ্যলৈ গুলীচালনা কৰা ঘটনাৰ উত্তেজনা মাৰ নৌযাওঁতেই পুনৰ অঞ্চলটোত গৰু চুৰিৰ ঘটনা সংঘটিত হয় ৷

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.