জয়পুৰ, 30 ছেপ্তেম্বৰ: ডিব্ৰুগড় জিলাৰ ইতিহাস প্ৰসিদ্ধ জয়পুৰত এতিয়া ব্যাপক হাৰত চলিছে অবৈধ কয়লাৰ ৰমৰমীয়া বেহা ৷ অঞ্চলটোৰ ঐতিহাসিক টিপাম পাহাৰ খান্দি কয়লাৰ অবৈধ ৰমৰমীয়া বেহা চলাই আহিছে একাংশ অসাধু কয়লা মাফিয়াই ৷ যাৰ ফলতে বিগত কিছুদিন ধৰি আৰক্ষীৰ জালত পৰিছে এজনৰ পাছত আনজন অবৈধ কয়লা ব্যৱসায়ী ৷ সোমবাৰে জয়পুৰ আৰক্ষী চকীৰ বিষয়া নিত্যানন্দ সোনোৱালৰ নেতৃত্বত গোপন সূত্ৰৰ তথ্যৰ পম খেদি এটা দলে অভিযান চলাই তৰাজান বাগানৰ সমীপৰ চৰাইপুঙৰ পৰা জব্দ কৰে 50ৰো অধিক কয়লাভৰ্তি বেগ ৷ ইফালে আৰক্ষী অহাৰ উমান পাই আন অবৈধ কয়লা ব্যৱসায়ী কেইজনে পলায়ন কৰে যদিও আৰক্ষীয়ে কয়লা নিবলৈ অহা ডাম্পাৰ গাড়ীখনৰ লগতে গাড়ী চালক আৰু হেণ্ডিমেনক আটক কৰিবলৈ সক্ষম হয় ৷
জয়পুৰত অবৈধ কয়লাৰ ৰমৰমীয়া বেহা - কয়লা
আৰক্ষীৰ অভিযানত উদ্ধাৰ বৃহৎপৰিমাণৰ কয়লা ভৰ্তি বেগ ৷
জয়পুৰ, 30 ছেপ্তেম্বৰ: ডিব্ৰুগড় জিলাৰ ইতিহাস প্ৰসিদ্ধ জয়পুৰত এতিয়া ব্যাপক হাৰত চলিছে অবৈধ কয়লাৰ ৰমৰমীয়া বেহা ৷ অঞ্চলটোৰ ঐতিহাসিক টিপাম পাহাৰ খান্দি কয়লাৰ অবৈধ ৰমৰমীয়া বেহা চলাই আহিছে একাংশ অসাধু কয়লা মাফিয়াই ৷ যাৰ ফলতে বিগত কিছুদিন ধৰি আৰক্ষীৰ জালত পৰিছে এজনৰ পাছত আনজন অবৈধ কয়লা ব্যৱসায়ী ৷ সোমবাৰে জয়পুৰ আৰক্ষী চকীৰ বিষয়া নিত্যানন্দ সোনোৱালৰ নেতৃত্বত গোপন সূত্ৰৰ তথ্যৰ পম খেদি এটা দলে অভিযান চলাই তৰাজান বাগানৰ সমীপৰ চৰাইপুঙৰ পৰা জব্দ কৰে 50ৰো অধিক কয়লাভৰ্তি বেগ ৷ ইফালে আৰক্ষী অহাৰ উমান পাই আন অবৈধ কয়লা ব্যৱসায়ী কেইজনে পলায়ন কৰে যদিও আৰক্ষীয়ে কয়লা নিবলৈ অহা ডাম্পাৰ গাড়ীখনৰ লগতে গাড়ী চালক আৰু হেণ্ডিমেনক আটক কৰিবলৈ সক্ষম হয় ৷
আৰক্ষীৰ অভিযানত উদ্ধাৰ বৃহৎ পৰিমাণৰ কয়লা ভৰ্তি বেগঃ
ইতিহাস প্ৰসিদ্ধ জয়পুৰত এটিয়া চলিছে অবৈধ কয়লাৰ ৰমৰমীয়া বেহা৷ ঐতিহাসিক টিপাম পাহাৰ খান্দি কয়লাৰ ৰমৰমীয়া বেহা চলাই আহিছে একাংশ অসাধু কয়লা মাফিয়াই৷
উল্লেখযোগ্য যে, আৰক্ষীলৈ অহা গোপন তথ্যৰ ভিত্তিত জয়পুৰ আৰক্ষী চকীৰ বিষয়া নিত্যানন্দ সোনোৱালৰ নেতৃত্বত এটা দলে অভিযান চলাই তৰাজান বাগানৰ সমীপৰ চৰাইপুঙৰ পৰা জব্দ কৰিবলৈ সক্ষম হৈছে ৫০ৰো অধিক কয়লা ভৰ্তি বেগ৷ আনহাতে আৰক্ষী অহাৰ উমান পাই ঘটনাস্থলী এৰি পলায়ন কৰে কয়লা চুৰ যদিও আৰক্ষীয়ে কয়লা নিবলৈ অহা ডাম্পাৰ গাড়ী খনৰ চালক আৰু হেণ্ডিমেনক আটক কৰি তদন্ত অব্যাহত ৰাখিছে৷
Byte. আৰক্ষী বিষয়া ।Body:DOConclusion:DO