টিংখাং,14 মাৰ্চ: ৰাজ্যত বিধানসভা নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে ৰাজনৈতিক দলৰ নেতাসকলৰ সমান্তৰাল ভাৱে দলীয় সদস্য সকলৰ মাজতো চলিছে দল বাগৰাৰ ৰাজনীতি ৷ ৰাজ্যত এটা দলৰ পৰা আন এটা দললৈ যোৱাৰ বাবে যেন চলিছে অঘোষিত প্ৰতিযোগিতা ৷ সমষ্টিয়ে সমষ্টিয়ে দেখা গৈছে দল ত্যাগ কৰি আন দলত যোগদান কৰাৰ দৃশ্য। ব্যতিক্ৰম নহ'ল টিংখাঙৰ শলগুৰি গাঁও পঞ্চায়তৰ কংগ্ৰেছ কৰ্মী সকলো ৷ প্ৰায় শতাধিক কৰ্মীয়ে কংগ্ৰেছ দলত্যাগ কৰি যোগদান কৰিলে বিজেপি দলত ।
অগপ আৰু বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থী বিমল বৰাৰ উপস্থিতিত এক নিৰ্বাচনী সভাত শতাধিক কংগ্ৰেছ কৰ্মীয়ে যোগদান কৰাত প্ৰাৰ্থী গৰাকীয়ে কয়, ভাৰতীয় জনতা পাৰ্টিৰ নীতি আদৰ্শৰ প্ৰতি আকৰ্ষিত হৈ কৰ্মী সকলে বিজেপিত যোগদান কৰিছে ৷ টিংখাঙত এইবাৰ বিজেপি মিত্ৰজোঁটে এক লাখৰো অধিক ভোট লাভ কৰিব সেয়া নিশ্চিত। ইতিমধ্যে টিংখাঙৰ চুকে-কোণে আৰম্ভ হৈছে উৎসৱ মুখৰ পৰিৱেশ ৷
লগতে পঢ়ক: একেদিনাই আঠখনকৈ নিৰ্বাচনী সভাত অংশ বিমল বৰাৰ