ETV Bharat / state

অগ্নিকাণ্ডত সৰ্বস্বান্ত পৰিয়ালৰ বাসগৃহ নিৰ্মাণ কৰিলে আৰক্ষীয়ে - Humanism of a Police officer

অগ্নিকাণ্ডৰ পাছত বিগত চাৰিমাহ জৰাজীৰ্ণ বাসগৃহটোতে বসবাস কৰি আছিল পৰিয়ালটি । অৱশেষত পৰিয়ালটোৰ সহায়ৰ বাবে আগবাঢ়ি আহে ঘোঁৰামৰা আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া জ্যোতিষ কুমাৰ নাথ ৷

Humanism of a Police officer
অগ্নিকাণ্ডত সৰ্বস্বান্ত পৰিয়ালৰ বাসগৃহ নিৰ্মাণ কৰিলে আৰক্ষীয়ে
author img

By

Published : May 22, 2021, 9:31 AM IST

ডিব্ৰুগড়, 22 মে’ : ডিব্ৰুগড় জিলাৰ ঘোঁৰামৰাৰ এটা দুৰ্ভগীয়া পৰিয়াল ৷ চাৰিমাহ পূৰ্বে সংঘটিত এক অগ্নিকাণ্ডৰ ফলত সৰ্বস্বান্ত হৈছিল ঘোঁৰামৰাৰ ৰমাই কৰদৈবাম গাঁৱৰ এটা পৰিয়াল ৷ অগ্নিকাণ্ডৰ ফলত বন্তি দত্ত নামৰ মহিলাগৰাকীৰ বাসগৃহ সম্পূর্ণভাৱে ভস্মীভূত হোৱাৰ লগতে মৃত্যুক সাৱতিবলগীয়া হৈছিল কণমাণি পুত্ৰই ।

অগ্নিকাণ্ডত সৰ্বস্বান্ত পৰিয়ালৰ বাসগৃহ নিৰ্মাণ কৰিলে আৰক্ষীয়ে

অগ্নিকাণ্ডৰ পাচত বিগত চাৰিমাহ জৰাজীৰ্ণ বাসগৃহটোতে বসবাস কৰি আছিল পৰিয়ালটি । দুৰ্ভগীয়া পৰিয়ালটোৰ সহায়ৰ বাবে আগবাঢ়ি অহা নাছিল কোনো জনপ্ৰতিনিধি কিম্বা হৃদয়বান ব্যক্তি ৷ অৱশেষত পৰিয়ালটোৰ সহায়ৰ বাবে আগবাঢ়ি আহে ঘোঁৰামৰা আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া জ্যোতিষ কুমাৰ নাথ ৷ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়াগৰাকীয়ে পৰিয়ালটোক এটি গৃহ নিৰ্মাণ কৰি দিয়াৰ আশ্বাস প্ৰদান কৰিলে ।

লগতে পঢ়ক : বিধায়ক হিচাপে শপত ল’লে অখিল গগৈয়ে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.