ETV Bharat / state

নামৰূপত বৃহৎ পৰিমাণৰ লালীগুড় জব্দ

author img

By

Published : Jul 22, 2020, 1:18 PM IST

নামৰূপ ৰেল ষ্টেচনত 279 বস্তা লালীগুড় জব্দ ৷ ডিব্ৰুগড়ৰ আবকাৰী অধীক্ষক অজয় বায়নৰ নেতৃত্বত অহা এটা দলে মঙলবাৰে সন্ধিয়া জব্দ কৰে লালীগুড়খিনি ৷

molasses-seized
molasses-seized

নাহৰকটীয়া, 22 জুলাই : নামৰূপ ৰেল ষ্টেচনত জব্দ বৃহৎ পৰিমাণৰ লালীগুড় ৷ ডিব্ৰুগড়ৰ আবকাৰী অধীক্ষক অজয় বায়নৰ নেতৃত্বত অহা এটা বিভাগীয় দলে মঙলবাৰে সন্ধিয়া জব্দ কৰে বৃহৎ সংখ্যক লালীগুড়ৰ টোপোলা ৷ বিশেষ মালবাহী ৰেলৰ জৰিয়তে সৰবৰাহ কৰা তিনিশ বস্তা লালীগুড় নামৰূপ ষ্টেচনত নমোৱাৰ সময়তে জব্দ কৰিবলৈ সক্ষম হয় আবকাৰী দলটোৱে ৷

জব্দকৃত লালীগুড়খিনিৰ ওজন আঠ টনৰো অধিক হ’ব বুলি জানিবলৈ দিয়ে অধীক্ষক অজয় বায়নে ৷ ৰাজ্যত কৰ'ণা ভাইৰাছৰ বাবে সৃষ্টি হোৱা পৰিস্থিতিৰ মাজতে এচাম অসাধু ব্যৱসায়ীয়ে চুলাই প্ৰস্তুত কৰাত ব্যৱহৃত লালীগুড় লামডিং-কাৰ্বি আংলং আদিৰ পৰা আমদানি কৰি নামৰূপ আৰু ইয়াৰ দাঁতি কাষৰীয়া এলেকাত যোগান ধৰি আহিছে ৷

নামৰূপত বৃহৎ পৰিমাণৰ লালীগুড় জব্দ

উল্লেখ্য যে অসম কপোঁৱা গোলাঘাট চুলাই কাণ্ডৰ পাচত ৰাজ্যত নিষিদ্ধ আছিল লালীগুড়ৰ বিক্ৰী ৷ কিন্তু প্ৰশ্ন হয় নিশা সান্ধ্য আইন চলি থকাৰ মাজতেই নামৰূপ আৰক্ষী আৰু ৰেলৱে বিভাগৰ নাকৰ অজ্ঞাতে দুষ্কৃতিকাৰী চক্ৰই কিদৰে চলাই গৈছিল লালীগুড়ৰ এই অবৈধ ব্যৱসায় ৷

লগতে পঢ়ক : গুৱাহাটীৰ কেন্দ্ৰীয় কাৰাগাৰাত ছাত্ৰ নেতা শ্বাৰ্জীল ইমাম ক'ভিড-19 ত আক্ৰান্ত

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.