ETV Bharat / state

মাতৃভাষা ব্যৱহাৰৰ ক্ষেত্ৰত কিমান সজাগ চৰকাৰ ?

অসমীয়া ভাষাক ৰক্ষা কৰাৰ বাবে আন্দোলন কৰিবলৈ ওলাই আহি প্ৰাণ আহুতি দিছিল বহু অসমীয়া ডেকাই ৷ ভাষা আন্দোলন, মাধ্যম আন্দোলনৰ জৰিয়তে অসমীয়া ভাষাটোক জীয়াই ৰাখিছিল আমাৰ পূৰ্বজসকলে ৷ ১৯৬০ চন আৰু ১৯৭২ চনত দুবাৰকৈ আন্দোলন কৰাৰ পাচতো যেন আজিও সুৰক্ষিত ন’হল অসমীয়া ভাষা ৷

how-vigilant-is-the-government-in-using-mother-tongue
মাতৃভাষা ব্যৱহাৰৰ ক্ষেত্ৰত কিমান সজাগ চৰকাৰ ?
author img

By

Published : Jun 24, 2021, 10:41 PM IST

ডিব্ৰুগড়, 24 জুন : যিসময়ত ৰাষ্ট্ৰসংঘৰ দৰে এটি আন্তঃৰাষ্ট্ৰীয় সংস্থাই মাতৃভাষাসমূহৰ প্ৰতি শ্ৰদ্ধা আৰু সন্মান প্ৰদৰ্শনেৰে যি মহৎ পদক্ষেপ হাতত লৈছে, সেই সময়ত লক্ষণীয়ভাৱে জাতীয় চৰকাৰ আৰু বিভিন্ন অনুষ্ঠানসমূহেই নিজৰ মাতৃভাষাৰ প্ৰতি চৰম অৱহেলা আৰু অসন্মান প্ৰদৰ্শন কৰাহে দেখিবলৈ পোৱা গৈছে ৷ 'বাধ্যতামূলক কৰক মাতৃভাষা' ৰাজ্যত এই আন্দোলন বহু পূৰণি । মাজে মাজে ৰাজপথতো চলে, ‘অসমীয়া’ক মাতৃভাষা হিচাপে ব্যৱহাৰ বাধ্যতামূলক কৰাৰ আন্দোলন । চৰকাৰেও ৰাজ্যত চৰকাৰী কাম-কাজসমূহত অসমীয়া ভাষা ব্যৱহাৰৰ পোষকতা কৰি আহিছে ৷

অসমীয়া ভাষাক ৰক্ষা কৰাৰ বাবে আন্দোলন কৰিবলৈ ওলাই আহি প্ৰাণ আহুতি দিছিল বহু অসমীয়া ডেকাই ৷ ভাষা আন্দোলন, মাধ্যম আন্দোলনৰ জৰিয়তে অসমীয়া ভাষাটোক জীয়াই ৰাখিছিল আমাৰ পূৰ্বজসকলে ৷ ১৯৬০ চন আৰু ১৯৭২ চনত দুবাৰকৈ আন্দোলন কৰাৰ পাছতো যেন আজিও সুৰক্ষিত ন’হল অসমীয়া ভাষা ৷

ভাষা থাকিলেহে এটা জাতিৰ পৰিচয় জীয়াই থাকিব । কিন্তু এচাম অনা-অসমীয়া বণিক গোষ্ঠী তথা বিষয়া আমোলাৰ দপদপনিৰ বাবেই হওক বা এইক্ষেত্ৰত জাতীয়তাবোধ নথকা আমাৰেই এচাম কৰ্মচাৰীৰ উদাসীনতাৰ বাবেই হওক, অসমীয়া ভাষা সম্প্ৰতি এলাগী হোৱাটো পৰিলক্ষিত হৈছে । 2018 চনত ডিএলএড পৰীক্ষা পতাৰ নামত ৰাষ্ট্ৰীয় মুক্ত বিশ্ববিদ্যালয়েও অসমীয়া ভাষাক চৰম অপমান কৰাৰ অভিযোগ উত্থাপন হৈছিল ।

মাতৃভাষা ব্যৱহাৰৰ ক্ষেত্ৰত কিমান সজাগ চৰকাৰ ?

শেহতীয়াভাৱে অসমৰ বিভিন্ন স্থানত সদৌ অসম ছাত্ৰ সন্থাকে ধৰি অন্য জাতীয় সংগঠনেও ব্যৱসায়িক প্ৰতিষ্ঠান আদিৰ নাম ফলকত অসমীয়া ভাষা ব্যৱহাৰ নকৰা বা ভাষা ভুলকৈ ব্যৱহাৰ কৰাৰ বাবে নাম ফলকত ক’লা ৰং সানি দিয়াৰ দৰেও ঘটনা সংঘটিত হৈ আহিছে ৷ অসম সাহিত্য সভায়ো বিভিন্ন সময়ত অসমীয়া ভাষাৰ ব্যৱহাৰ বাধ্যতামূলক কৰাৰ ক্ষেত্ৰত পদক্ষেপ গ্ৰহণ কৰি আহিছে ৷ ইফালে প্ৰধানমন্ত্ৰী তথা গৃহমন্ত্ৰীও মাজে সময়ে অসমীয়া উৎসৱ-পাৰ্বন সমূহত অসমীয়া ভাষাতে অসমবাসীক টুইট কৰি শুভেচ্ছা প্ৰদান কৰা দেখা যায় ৷

এইবাৰ ডিব্ৰুগড়ৰ বৰবৰুৱা-বকুল বাইপাছ আৰু চৌকিদিঙিৰ পৰা জকাই অভিমুখে যোৱা সংযোগী পথৰ খনিকৰত সৃষ্টি হোৱা খনিকৰ চাৰিআলিৰ সমীপত থকা চৰকাৰী সাংকেতিক নাম ফলকত নাম বিভ্ৰাট দেখিবলৈ পোৱা গৈছে ৷ অসমৰ ঐতিহ্যৰ স্বাক্ষৰ বহন কৰি থকা এখন জিলা উজনিৰ বৌদ্ধিকতাৰ প্ৰাণকেন্দ্ৰ ডিব্ৰুগড় জিলাৰ বানান ডিব্ৰুগড়ৰ "ড়" ঠাইত "ঢ়", জকাইৰ ঠাইত "জোকাই" আৰু মৰাণ শব্দটো ডিব্ৰুগড়ৰ আৰক্ষী অধীক্ষকৰ চৰকাৰী আৱাস গৃহৰ সন্মুখতো সাংকেতিক ফলকত মূৰ্ধন্য "ণ"ৰ ঠাইত দন্ত্য "ন" ব্যৱহাৰ কৰা দেখিবলৈ পোৱা গৈছে । এই ঘটনাৰ পাছত এতিয়া ডিব্ৰুড়ৰ সচেতন মহলত সৃষ্টি হৈছে তীব্ৰ প্ৰতিক্ৰিয়াৰ ৷

লগতে পঢ়ক: ভাৰত-ভূটান সীমান্তত নিৰ্মাণ কাৰ্য চলিছে মিনি ৰ’পৱেৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.