ETV Bharat / state

সংকটত ঐতিহাসিক মাহমৰা আলিঃ নিৰ্মাণৰ 6 মাহ নহওঁতেই বখলা বখলে এৰিছে পথ

author img

By

Published : Sep 7, 2020, 11:08 AM IST

নামৰূপৰ পৰা টিংখাঙৰ দিচাং নদীৰ পাৰে পাৰে চৰাইদেউ আৰু শিৱসাগৰ জিলাৰ সংযোগী এই ঐতিহাসিক ৰজাদিনীয়া আলিটোৰ এনে দুৰাৱস্থাৰ বাবে ক্ষোভ উজাৰিছে ৰাইজে ৷

Historical Mahmora Aali is in danger
সংকটত ঐতিহাসিক মাহমৰা আলিঃ নিৰ্মাণৰ 6 মাহ নহওঁতেই বখলা বখলে এৰিছে প্ৰেভাৰ ব্লক

টিংখাং, 7 ছেপ্তেম্বৰ: দিচাং নদীৰ প্ৰৱল গৰা খহনীয়াৰ কবলত পৰি নিচিহ্ন হোৱাৰ দিশে গতি কৰিছে ঐতিহাসিক মাহমৰা আলিৰ এক বৃহৎ অংশ । দিচাং নদীৰ বুকুত বিলিন হোৱাৰ উপক্ৰম হৈছে পথটোৰ টিংখাঙৰ দিল্লীবাৰী বুধবৰীয়া বজাৰ সমীপৰ এক বৃহৎ অংশ ৷ সুদীৰ্ঘ দিন ধৰি উক্ত অঞ্চলত খহনীয়া অব্যাহত থকাৰ পাছত প্ৰায় 6 মাহ পূৰ্ৱে 90 লাখ টকা ব্যয়ৰে উক্ত স্থানৰ পথছোৱা প্ৰেভাৰ ব্লক ইটাৰে নিৰ্মাণ কৰিছিল যদিও নিৰ্মাণ সম্পূৰ্ণ হোৱাৰ ছমাহ নহওঁতেই পুনৰ বখলা বখলে এৰি গ'ল প্ৰেভাৰ ব্লক ৷

স্থানীয় ৰাইজৰ অভিযোগ সামান্য দূৰত্ব নিৰ্মাণৰ নামত বৃহৎ সংখ্যক পুজি ব্যয় কৰা হৈছিল যদিও দুৰ্নীতিগ্ৰস্ত ঠিকাদাৰে বিজ্ঞানসন্মত ভাৱে নিৰ্মাণ নকৰাৰ ফলতেই পুনৰ এনে অৱস্থাৰ সৃষ্টি হৈছে ৷ বৃহৎ পুঁজিৰ অধিকাংশ ধনেই আত্মসাৎ কৰাৰ বাবেই বৰ্তমান পথছোৱাৰে যাতায়ত অনুপযোগী হৈ পৰিছে বুলি অভিযোগ উত্থাপন কৰিছে স্থানীয় লোকে ৷ নামৰূপৰ পৰা টিংখাঙৰ দিচাং নদীৰ পাৰে-পাৰে চৰাইদেউ আৰু শিৱসাগৰ জিলা সংযোগী এই ঐতিহাসিক ৰজাদিনীয়া আলিটোৰ এনে দুৰাৱস্থাৰ বাবে ক্ষোভ উজাৰিছে ৰাইজে ৷

লগতে পঢ়কঃ জোনাই, ধেমাজিত জনপ্ৰিয় সোণেশ্বৰ আৰু ৰামচন্দ্ৰই নিৰ্মাণ কৰা চেণ্ডেল

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.