ETV Bharat / state

অৱশেষত 13 দিনৰ পাছত মুক্তি লাভ অপহৃত হীৰেন কোচ

author img

By

Published : Feb 13, 2022, 11:11 AM IST

Updated : Feb 13, 2022, 1:45 PM IST

13 দিনৰ পাচত মুক্তি লাভ কৰিলে অৰুণাচলত অপহৃত টিংখাঙৰ হীৰেন কোচে (Hiren Konch free from NSCN after 13 days) ৷ 31 জানুৱাৰীৰ পৰা অপহৃত হৈ আছিল হীৰেন কোচ ৷

Hiren Konch free from NSCN after 13 days
অৱশেষত ১৩ দিনৰ পাছত মুক্তি লাভ অপহৃত হীৰেন কোচ

মৰাণ, 13 ফেব্ৰুৱাৰী : অৱশেষত মুক্তি লাভ কৰিলে এন এচ চি এনে (কে) অপহৰণ কৰি নিয়া হীৰেন কোঁচে (Hiren Konch free from NSCN after 13 days) ৷ ভাৰত-ম্যানমাৰ সীমান্তৰ লংডিঙৰ পৰা অপহৃত হৈছিল হীৰেণ কোচ ৷ লংডিঙ আৰক্ষী আৰু সেনাৰ এটা দলে শনিবাৰে নিশা উদ্ধাৰ কৰিবলৈ সক্ষম হয় ডিব্ৰুগড়ৰ টিংখাঙৰ নিবাসী হীৰেন কোচক ।

উল্লেখ্য যে, অৰুণাচলৰ লংডিঙত পথ নিৰ্মাণৰ কামত নিয়োজিত তিনিজনকৈ শ্ৰমিকক 2 ফেব্ৰুৱাৰীত এন এচ চি এন (কে) অপহৰণ কৰাৰ ঘটনা পোহৰলৈ আহিছিল (NSCN kidnapped Assam boy) ৷ তাৰ ভিতৰত ৱানফাও ৱাংপামক উক্ত দিনাই মুকলি কৰি দিছিল এন এচ চি এনে(কে) ৷ অপহৃত আন দুজনৰ সন্ধান লাভ কৰিবলৈ সক্ষম হোৱা নাছিল আৰক্ষী তথা প্ৰশাসনৰ লোক । হীৰেণ কোচে উক্ত কামত জে চি বি চালক হিচাপে কাম কৰি আছিল ৷

হীৰেন কোচৰ পৰিয়ালবৰ্গ

ইয়াৰ পাছতেই শনিবাৰে ভাৰত ম্যানমাৰ সীমান্তত টিংখাঙৰ কেচেৰুগুৰিৰ যুৱক হীৰেন কোঁচক উগ্ৰপন্থী সংগঠনটোৱে মুকলি কৰি দিয়ে ৷ সেনাবাহিনীৰ ফালৰ পৰা অপহৃত হীৰেণ কোচৰ পৰিয়ালে লাভ কৰিছে এই সু-সংবাদ ৷ এই সংবাদ লাভ কৰাৰ পাছতেই স্বাভাৱিকতে উৎফুল্লিত হৈ পৰিছে হীৰেণৰ পৰিয়াল তথা আত্মীয় ৷

উল্লেখ্য যে, বিগত ৩১ জানুৱাৰীত সংঘটিত হোৱা এই ঘটনাটো চলিত মাহৰ ২ ফেব্ৰুৱাৰীত পোহৰলৈ আহিছিল (NSCN kidnap 3 construction workers from Arunachal) ৷ কিন্তু কি কাৰণত হীৰেন কোচৰ লগতে আন দুজন সতীৰ্থক অপহৰণ কৰা হৈছিল সেই সন্দৰ্ভত এই মুহূৰ্তলৈকে পোহৰলৈ অহা নাই কোনো তথ্য ।

লগতে পঢ়ক : NSCN kidnapped Assam boy: চাৰিদিনে সন্ধান নাই অৰুণাচলৰ পৰা অপহৃত টিংখাঙৰ হীৰেন কোঁচৰ

Last Updated : Feb 13, 2022, 1:45 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.