ETV Bharat / state

লাহোৱালত থাকিব দুজন বিধায়ক : হিমন্ত বিশ্ব শৰ্মা

author img

By

Published : Mar 25, 2021, 8:55 AM IST

বুধবাৰে ডিব্ৰুগড়ত নিৰ্বাচনী ৰণডংকা বজালে মন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই ৷ লাহোৱাল সমষ্টিৰ বিজেপি প্ৰাৰ্থী বিনোদ হাজৰিকাৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলালে নেডাৰ আহ্বায়ক মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ।

লাহোৱালত থাকিব দুজন বিধায়ক:হিমন্ত বিশ্ব শৰ্মা

ডিব্ৰুগড়, 25 মাৰ্চ: বুধবাৰে ডিব্ৰুগড়ত ৰণডংকা বজালে মন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই ৷ লাহোৱাল সমষ্টিৰ বিজেপি প্ৰাৰ্থী বিনোদ হাজৰিকাৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলালে নেডাৰ আহ্বায়ক মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ।

ডিব্ৰুগড়ৰ লাহোৱাল বিধান সভা সমষ্টিত থাকিব দুজনকৈ বিধায়ক ৷ ৰাজ্যৰ ১২৬ খন বিধান সভা সমষ্টিৰ ১২৬ জন বিধায়ক নহয় । থাকিব ১২৭ জন বিধায়ক ৷ হয়, ডিব্ৰুগড়ৰ লাহোৱাল বিধান সভা সমষ্টিত থাকিব দুজন বিধায়ক । সেয়ে এইবাৰ মুঠ বিধায়কৰ সংখ্যা হ’বগৈ ১২৭ জন । লাহোৱালত আগতে এজন বিধায়ক আছিল, এতিয়া লাহোৱালত দুজন হ’ব বিধায়ক । ঋতুপৰ্ণ বৰুৱা আৰু বিনোদ হাজৰিকা দুজনকৈ বিধায়ক পাব লাহোৱাল সমষ্টিৰ ৰাইজে । এই বুলি নিৰ্বাচনী সভাত ৰাইজৰ আগত মন্তব্য কৰে মন্ত্ৰী গৰাকীয়ে ৷

উল্লেখযোগ্য যে, চাবুৱা বিধান সভা সমষ্টিত বিধায়ক ঋতুপৰ্ণ বৰুৱাৰ জেষ্ঠ ভাতৃ পুনাকন বৰুৱাই মিত্ৰজোঁটৰ অসম গণ পৰিষদৰ পৰা প্ৰতিনিধিত্ব কৰাৰ বাবে চাবুৱাৰ বিধায়ক বিনোদ হাজৰিকাক দলে লাহোৱালত প্ৰাৰ্থীত্ব প্ৰদান কৰিছে । যাৰ বাবে লাহোৱালৰ ঋতুপৰ্ণ বৰুৱাই নিজৰ আসন এৰিব লগা হ’ল । পৰৱৰ্তী সময়ত লাহোৱাল বিজেপিৰ মাজত তীব্ৰ অসন্তুষ্টি দেখা দিছিল ৷

লগতে পঢ়ক: ভূপেশ বাঘেলৰ সৈতে কংগ্ৰেছী প্ৰাৰ্থী ৰাজকুমাৰ নেওঁগৰ বিশাল ৰেলী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.