ETV Bharat / state

নাহৰকটীয়াত ৫.৫ গ্ৰাম হেৰ'ইন জব্দ - ড্ৰাগছৰ বিৰুদ্ধে ধাৰাবাহিক অভিযান

ড্ৰাগছৰ বিৰুদ্ধে ধাৰাবাহিক অভিযান অব্যাহত ৰাখিছে অসম আৰক্ষীয়ে । বৃহস্পতিবাৰে নাহৰকটীয়াত আৰক্ষীয়ে অভিযান চলাই নিষিদ্ধ হেৰ'ইন সহ দুই ড্ৰাগছ আসক্ত যুৱকক আটক কৰে ।

নাহৰকটীয়াত ৫.৫ গ্ৰাম হেৰ'ইন জব্দ
নাহৰকটীয়াত ৫.৫ গ্ৰাম হেৰ'ইন জব্দ
author img

By

Published : May 27, 2021, 10:23 PM IST

মৰাণ, 27 মে' : ড্ৰাগছৰ বিৰুদ্ধে ধাৰাবাহিক অভিযান অব্যাহত ৰাখিছে অসম আৰক্ষীয়ে। বৃহস্পতিবাৰে নাহৰকটীয়াত আৰক্ষীয়ে অভিযান চলাই নিষিদ্ধ হেৰ'ইন সহ দুই ড্ৰাগছ আসক্তক যুৱকক আটক কৰে ।

নাহৰকটীয়াত ৫.৫ গ্ৰাম হেৰ'ইন জব্দ
নাহৰকটীয়াত ৫.৫ গ্ৰাম হেৰ'ইন জব্দ

নাহৰকটীয়াৰ ডেইলী বজাৰৰ এখন মুৰ্গী মাংসৰ দোকানত অভিযান চলাই আৰক্ষীয়ে আটক কৰে ড্ৰাগছ আসক্ত যুৱক দুজনক । আৰক্ষীয়ে আটক কৰা যুৱক দুজন হৈছে নাহৰকটীয়া পুৰণি কৈৱৰ্ত গাঁৱৰ ৰন্টু দাস আৰু লাচিত নগৰৰ জামিল কুৰেশ্বী ।

আৰক্ষীয়ে যুৱক দুজনৰ পৰা ৫.৫ গ্ৰাম নিষিদ্ধ হেৰ'ইন জব্দ কৰে । এই হেৰ'ইন খিনিৰ মূল্য ১-২ লাখ হ'ব বুলি প্ৰকাশ কৰিছে আৰক্ষীয়ে । ধৃত যুৱক দুজন দীৰ্ঘদিনৰ ড্ৰাগছৰ বেহাৰ লগত জড়িত বুলি জানিব পৰা গৈছে । ইতিমধ্যে আৰক্ষীয়ে যুৱক দুজনক জেৰা অব্যাহত ৰাখি ড্ৰাগছৰ বিৰুদ্ধে অভিযান তীব্ৰতৰ কৰি তুলিছে।

লগতে পঢ়ক: মৰিয়নীৰ বিধায়ক ৰূপজ্যোতি কুৰ্মীলৈ নগা দুৰ্বৃত্তৰ গুলী

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.