মৰাণ, ২৬ মে': ৰাজ্যত ক'ভিডৰ সংক্ৰমণ অব্যাহত থকাৰ মাজতে ডিব্ৰুগড় প্ৰশাসনে গ্ৰহণ কৰিছে এক উল্লেখযোগ্য পদক্ষেপ । জিলাখনত ক'ভিড আক্ৰান্তৰ সংখ্যা বৃদ্ধিৰ প্ৰতি লক্ষ্য ৰাখি হোম আইচ'লেশ্যনত থকা ৰোগীৰ সহায়ৰ বাবে স্থাপন কৰা হৈছে এক টেলিফোনিক সহায়ক কেন্দ্ৰ । জিলাখনৰ সংক্ৰমিত যিসকল ৰোগী হোম আইচ'লেশ্যনত আছে তেওঁলোকৰ সহায় হোৱাকৈ উপায়ুক্ত কাৰ্যালয়ত স্থাপন কৰা হৈছে এই টেলিফোনিক সহায়ক কেন্দ্ৰটো ।
![HELPLINE CENTRE](https://etvbharatimages.akamaized.net/etvbharat/prod-images/a-moran-8021to8022-helplinecentreopensforwhostayinhomeisolation-as10031_26052021123944_2605f_1622012984_27.jpg)
জিলা উপায়ুক্ত পল্লৱ গোপাল ঝাই মঙলবাৰে কেন্দটো পৰিদৰ্শন কৰি উপস্থিত বিষয়া আৰু কৰ্মচাৰী সকলৰ পৰা সহায়ক কেন্দ্ৰটোৰ জৰিয়তে হোম আইচ'লেশ্যনত থকা ক'ভিড সংক্ৰমিত ৰোগী সকলক প্ৰদান কৰি থকা সেৱাৰ বিষয়ে বুজ লয় । এই পৰিদৰ্শন কালত অতিৰিক্ত উপায়ুক্ত ৰাজীৱ থাপা আৰু সহকাৰী আয়ুক্ত কুইন গগৈও উপস্থিত থাকে ।
উল্লেখ্য যে, বিগত কেইটামান দিনত বাকী জিলাবোৰতকৈ ডিব্ৰুগড়ত কৰ'ণা আক্ৰান্তৰ হাৰ বেছি । লগতে কেইবাজনো হোম আইচ'লেচনত থকা ৰোগীৰ মৃত্যু হৈছে ।
লগতে পঢ়ক:খুমটাইৰ ক’ভিড চেণ্টাৰ পৰিদৰ্শন বিধায়ক মৃণাল শইকীয়াৰ