মৰাণ,6 জুন: মৰাণত ক'ভিড পৰিস্থিতি আজিও নিয়ন্ত্ৰণলৈ অহা নাই । স্বাস্থ্য বিভাগে ক'ভিডৰ শৃংখলা ভাঙিবলৈ আৰু ইয়াৰ সংক্ৰমণ ৰোধৰ বাবে নতুন কৌশল অৱলম্বন কৰি ক'ভিড পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ চেষ্টা কৰিছে যদিও সফল হ'ব পৰা নাই ।

ডিব্ৰুগড় জিলাৰ খোৱাং প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ চিকিৎসকৰ দলে বৃহত্তৰ মৰাণ খোৱাং অঞ্চলত গাঁও আৰু চাহ বাগিচা অঞ্চল সমূহত গৈ ৰাজহুৱাভাৱে ক'ভিড টেষ্ট কৰাৰ ব্যৱস্থা কৰিছে । কিয়নো গ্ৰাম্য অঞ্চলৰ বহু লোকে ক'ভিডৰ লক্ষণ থকাৰ পাচতো চিকিৎসকৰ ওচৰলৈ নোযোৱা বাবেই ৰোগীৰ সংখ্যা বৃদ্ধি পাই আছে বুলি স্বাস্থ্য বিভাগে জানিবলৈ দিছে । সেয়ে, স্বাস্থ্য বিভাগে গাঁৱে গাঁৱে ক'ভিড টেষ্ট কৰাৰ ব্যৱস্থা কৰিছে ।

উল্লেখযোগ্য যে, ডিব্ৰুগড় জিলাৰ খোৱাং প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ অন্তৰ্গত বিভিন্ন স্বাস্থ্য আৰু উপস্বাস্থ্য কেন্দ্ৰত দেওবাৰ দিনটোত ৩০ জন লোকৰ দেহত ক'ভিডৰ অৱস্থিতি পোৱা গৈছে । খোৱাং প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ অন্তৰ্গত অঞ্চলত এইপৰ্যন্ত ক'ভিড আক্ৰান্ত লোকৰ সংখ্যা মুঠ ২৩০৭ গৰাকীলৈ বৃদ্ধি পাইছে ।

আনহাতে চৰাইদেউ জিলাৰ পাটসাঁকো প্ৰাথমিক স্বাস্থ্যকেন্দ্ৰৰ মাহমৰা ৰাজহ চক্ৰ বিষয়া কাৰ্যালয়ৰ অন্তৰ্গত এলেকাত দেওবাৰ দিনটোত ২০ জন লোকৰ দেহত ক'ভিডৰ অৱস্থিতি ধৰা পৰিছে । পাটসাঁকো প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ অন্তৰ্গত সৰ্বমুঠ ৫৪২ জন লোকৰ দেহত ক'ভিডৰ অৱস্থিতি ধৰা পৰাৰ পৰিৱৰ্তে বৃহত্তৰ মৰাণ অঞ্চলত সৰ্বমুঠ ২৮৪৯ জন লোক ক'ভিডত আক্ৰান্ত হৈছে।
লগতে পঢ়কঃ নাওবৈচাত অপৰিৱৰ্তিত শিঙৰা নৈৰ বান পৰিস্থিতি