ETV Bharat / state

স্বাস্থ্য বিভাগৰ কাণ্ড: বিদ্যালয়তে এৰিলে কোভিড কেন্দ্ৰৰ সামগ্ৰী

author img

By

Published : Sep 23, 2020, 1:27 PM IST

মৰাণত স্বাস্থ্য বিভাগ আৰু প্ৰশাসনৰ আজৱ কাণ্ড ৷ কোভিড কেন্দ্ৰত ব্যৱহৃত সামগ্ৰী এৰি গ’ল বিদ্যালয়ৰ চৌহদত ৷ বিভাগৰ এনে অবিবেচকী কাণ্ডৰ বাবে বিদ্যালয়ত পুনৰ আৰম্ভ কৰিব পৰা নাই পাঠদান ৷

Health department and administration of Moran ignores covid center dibrugarh assam etv bharat news
স্বাস্থ্য বিভাগৰ অবিবেচকী কাণ্ড

মৰাণ,23 ছেপ্তেম্বৰ: ৰাজ্য চৰকাৰৰ শিক্ষা বিভাগে বিগত 21 চেপ্তেম্বৰৰ পৰা জাৰি কৰিছিল বিদ্যালয় খোলাৰ নিৰ্দেশনা ৷ বিশেষকৈ পুনৰ পাঠদান আৰম্ভ হৈছে নৱম-দশম শ্ৰেণীৰ শিক্ষাৰ্থীসকলৰ মাজত ৷ ছয় মাহৰ পিছত ৰাজ্যৰ বিভিন্ন শিক্ষানুষ্ঠানসমূহত পাঠদান আৰম্ভ হৈছে যদিও একাংশ বিদ্যালয়ত এতিয়ালৈকে আৰম্ভ কৰিব পৰা নাই পাঠদান ৷ স্বাস্থ্য় বিভাগ তথা প্ৰশাসনৰ এনে অবিবেচকী কাণ্ডৰ কথা পোহৰলৈ আহিছে ডিব্ৰুগড়ৰ মৰাণত ৷

স্বাস্থ্য বিভাগৰ অবিবেচকী কাণ্ড

মৰাণ উচ্চতৰ মাধ্যমিক বিদ্যালয় আৰু মৰাণ মহাবিদ্যালয়ত বৰ্তমানলৈকে পুনৰ আৰম্ভ হোৱা নাই পাঠদান ৷ কিয়নো বিগত সময়ছোৱাত মৰাণত কোভিড 19ৰ সংক্ৰমণৰ বাবে মৰাণ উচ্চতৰ মাধ্যমিক বিদ্যালয়ক ব্যৱহাৰ কৰা হৈছিল কোৱাৰেণ্টাইন কেন্দ্ৰ হিচাপে ৷ এই সময়ছোৱাত কোৱাৰেণ্টাইনত থকা ব্যক্তিসকলে ব্যৱহৃত সামগ্ৰীসমূহ স্বাস্থ্য বিভাগে তেনেদৰেই পেলাই থৈ যায় বিদ্যালয়খনত ৷ তদুপৰি বিদ্যালয়খনত কোনোধৰণৰ চেনিটাইজেচনৰ ব্যৱস্থা নকৰিলে স্বাস্থ্য বিভাগে ৷ অৱশেষত বিদ্যালয় কৰ্তৃপক্ষৰ আবেদনত খুমটাই চাহ বাগিচাৰ তৰফৰ পৰা বুধবাৰে বিদ্যালয়খনত চেনিটাইজেচন কৰা হৈছে ৷ বিষয়টো পৰিদৰ্শনৰ বাবে বিদ্যালয়সমূহৰ পৰিদৰ্শক আব্দুল জেলিল বিদ্যালয়খনত উপস্থিত হৈ ৰাজ্য চৰকাৰৰ স্বাস্থ্য বিভাগক কঠোৰ সমালোচনা কৰে ।

লগতে চাওকঃ বানৰ বাবে পাঠদানৰ পৰা বঞ্চিত হৈ থকা একাংশ শিক্ষাৰ্থী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.